প্ৰতিকী ফটো
প্ৰতিকী ফটো

নগাঁওঃ অসমলৈ আহিল উত্তৰ ভাৰতৰ অশুভ পৰম্পৰা৷ উত্তৰ প্ৰদেশ, বিহাৰৰ আদি ৰাজ্যত মুজৰাত (নৃত্য) টকাৰ বাণ্ডিল দলিয়াই নিজকে সম্ভ্ৰান্ত বুলি চিনাকি দিয়ে একাংশ লোকে৷ 

এই পৰম্পৰা অসমত কাহানিও নাছিল৷ শিল্পীক আদৰ-সন্মান জনাব জনা অসমৰ মানুহে বিহু দল নতুবা সংগীত শিল্পীৰ সেৱা লৈ চৰণ চুই মাননি দিয়ে৷ যাক শিল্পীয়ে আশীৰ্বাদ হিচাপে গ্ৰহণ কৰে৷ তাৰ বিপৰীতে কিছুদিন ধৰি অসমত বিহুৰ মঞ্চত শিল্পীৰ গালৈ নোট দলিয়াই অশুভ পৰম্পৰা আৰম্ভ কৰাত ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷

কিছুদিন পূৰ্বে সাতগাঁৱৰ শিল্পীগাঁৱত মানস ৰবিনলৈ বিহু মঞ্চত টকা দলিয়াই অনাহূত পৰিৱেশ সৃষ্টি কৰাত শিল্পীগৰাকীয়ে তৎমুহূৰ্ততে এনে পৰম্পৰা আমাৰ অসমত নাই বুলি কৈ দুনাই এনে নকৰিবলৈ আহ্বান জনাইছিল৷ কিন্তু এই আহ্বানক ভ্ৰূকুটি কৰি এইবাৰ একেই কাণ্ডৰ পুনৰাবৃত্তি ঘটিল নগাঁৱত৷

অভিনৱ গোষ্ঠীৰ উদ্যোগত নগাঁও চহৰৰ ডিমৰুগুৰিৰ পৰিবহণ নিগমৰ পুৰণি বাছ আস্থানত আয়োজিত কলংপৰীয়া ৰঙালী বিহুত সংঘটিত হ’ল এনে ঘটনা৷ অসমীয়া কলা-কৃষ্টিক অপমান কৰি উদ্যোক্তা সমিতিৰ এজন কৰ্মকৰ্তাই দৃষ্টিকটুভাৱে মঞ্চত উঠি সংঘটিত কৰিলে এনে আজৱ কাণ্ড৷

অসমৰ অন্যতম জনপ্ৰিয় গায়ক ভৃগু কাশ্যপে মঙলবাৰে নিশা মঞ্চত গীত পৰিবেশন কৰি থকা অৱস্থাত বিহুৰ ৰাগিত মতলীয়া হৈ উদ্যোক্তাই মঞ্চত গীতৰ তালে তালে নাচি-বাগি বাণ্ডিলে বাণ্ডিলে ভৃগু কাশ্যপলৈ টকা দলিয়াই সৃষ্টি কৰিলে বিতৰ্কৰ সূচনা৷ যিটো ঘটনাক লৈ এতিয়া নগাঁৱৰ সৰ্বত্ৰে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷

এনে নিৰ্লজ্জ ঘটনা অসমীয়া কলা-কৃষ্টি-সংস্কৃতিৰ পৰিপন্থী বুলি অভিহিত কৰি বাহিৰৰ পৰা আমদানি কৰা এনে অপসংস্কৃতিক নগঞা সচেতন মহলে গৰিহণা দিছে৷