চামগুৰিঃ সোমবাৰে বিশিষ্ট লেখিকা মণিকুন্তলা ভট্টাচাৰ্যক প্ৰদান কৰে চম্পাৱতী বঁটা৷ নগাঁও জিলাৰ বিশিষ্ট নাগৰিকৰ উপস্থিতিত চম্পাৱতী বঁটাৰ প্ৰকাশ কৰে বাবে বিশিষ্ট লেখিকাগৰাকীক৷ লেখিকাগৰাকীক সাহিত্যৰ অমূল্য সৃষ্টিৰ বাবে এই বঁটা প্ৰদান কৰে চাপানালা উচ্চতৰ মাধ্যমিক বিদ্যালয় কৰ্তৃপক্ষই। সোমবাৰে এই বঁটা গ্ৰহণ কৰি মানুহে সপোন দেখিবলৈ শুব লাগে বুলি কয়।

মানুহে সপোন বিঘ্নিত কৰিবলৈহে শুব লাগে৷ মানুহে আজিৰ দিনটোত কাইলৈ কৰিব লগা কামৰ পৰিকল্পনা সৃষ্টি কৰিব লাগে৷ ইমানে নহয় প্ৰতিথযশা সাহিত্যিক মণিকুন্তলা ভট্টাচাৰ্যই বুৰঞ্জীয়ে আমাক বহু কথা কৈ যায় বুলি কয়। কিন্তু বুৰঞ্জী পুথিভঁৰালত ৰৈ যায়। চাপানালা সন্দৰ্ভত সাহিত্যিকগৰাকীয়ে কয়, চাপানালাৰ চম্পাৱতী জলপ্ৰপাত বনভোজস্থলী নহৈ এক আটকধুনীয়া পৰ্যটন ক্ষেত্ৰ হ'ব লাগে বুলি উল্লেখ কৰে।

নগাঁও জিলাৰ পুৰণিগুদামৰ চাপানালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চম্পাৱতী বঁটা গ্ৰহণ কৰি স্মৃতি ৰোমন্থন কৰি চাপানালাত অতীতৰ আপুৰুগীয়া বহু সম্পদৰ ভগ্নাৱশেষ পোৱা যায় বুলি কৈ চৰকাৰে সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগে বুলি কয়। তেও কয় ‘‘চাপানালা অঞ্চলবাসীয়ে চম্পাৱতীক সাৱতি জীয়াই আছে। এই চাপানালাত সকলো জাতি-জনগোষ্ঠী মিলি অনুষ্ঠান উদযাপন কৰে৷ এইবাবে চাপানালা অসমৰ গৌৰৱৰ প্ৰতীক’’৷ আজি মোক প্ৰদান কৰা চম্পাৱতী বঁটা মোৰ শিৰৰ মুকুট হৈ থাকিব আৰু এই চম্পাৱতী বঁটাই টৰ্চ লাইটৰ দৰে আন্ধাৰত থকা চাপানালাক পোহৰৰ বাট দেখুৱাব।

বিট্ৰিছে অসমৰ সম্পদ, সৃষ্টিৰাজীক সংৰক্ষণৰ কথা জানিছিল কিন্ত আজি আমাৰ মানুহে সম্পদ সমূহৰ সংৰক্ষণৰ কথা জনা নাই বুলি আক্ষেপ কৰে৷ চাপানালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা পাৰুল গায়নে আদৰণি ভাষণ প্ৰদান কৰি চাপানালা অঞ্চলৰ ইতিহাস সোঁৱৰণ কৰে আৰু প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপুৰ মনোমোহা চাপানালাৰ চম্পাৱতী জলপ্ৰপাত, বৃহত্তৰ চাপানালা অঞ্চলটো অৱহেলিত হৈ আছে বুলি মন্তব্য আগবঢ়ায়৷ সভাত ডিমৰীয়া মহাবিদ্যালয়ৰ অধ্যাপক মোহিনী মোহন ডেকা, প্ৰাক্তন শিক্ষক বিদ্যানাথ বৰা, বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি যুগান্ত দৈমাৰী উপস্থিত থাকে৷

সভাত মণিকুন্তলা ভট্টাচাৰ্যক সম্বৰ্ধনা পত্ৰ, অংগ বস্ত্ৰ, জাপি, স্মাৰক, এখন ছল, কিতাপৰ টোপোলা, ছাত্ৰ-ছাত্ৰীৰ মাননি আৰু শুভেচ্ছামূলক সম্বৰ্ধনা যাচে চাপানালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ে৷ সাহিত্য আলোচনী গৰিয়সীত "জলপ্ৰপাত" নামৰ ধাৰাবাহিক উপন্যাসখন লিখি থকা অৱস্থাতেই ধাৰাবাহিকখনৰ বাবে বঁটা লাভ কৰি অতি অানন্দিত হৈ পৰে ঔপন্যাসিক ভট্টাচাৰ্য৷ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীয়ে সমৱেত সংগীত পৰিৱেশন কৰাৰ লগতে, বিদ্যালয়খনৰ অধ্যক্ষা পাৰুল গায়ন ছাত্ৰী তৰালী ফুকনে কবিতা আবৃত্তি কৰে।

বিদ্যালয়খনৰ শিক্ষক প্ৰণৱ হাজৰিকা আৰু হেৰম্ব প্ৰসাদ গোস্বামীয়ে আঁত ধৰা সভাতে বিশিষ্ট মণিকুন্তলা ভট্টাচাৰ্যক চাপানালা শাখা ছাত্ৰ সন্থাই ফুলাম গামোছা আৰু শৰাইৰে সম্বৰ্দ্ধনা জনায়। পূৰ্বে বিদ্যালয়খনে প্ৰকাশ কৰি উলিওৱা "চম্পাৱতী" নামৰ প্ৰাচীৰ পত্ৰিকাখন নগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক মৃদুল নেওঁগে উন্মোচন কৰে৷

কেনভাছত চিত্ৰ অংকনৰ এক কাৰ্যসূচী অনুষ্ঠিত হয়৷ চিত্ৰ অংকণ কাৰ্যসূচীত গ্ৰীণিজ বুকত ৱৰ্ল্ড ৰেকৰ্ড কৰোতা তথা নগঁঞা বিশিষ্ট চিত্ৰশিল্পী সুজিত দাস আৰু চাপানালাৰ স্থানীয় চিত্ৰশিল্পী জ্যোতিকা বৰা ভূঞাই দুখন চিত্ৰ অংকণ কৰে। বঁটা প্ৰদানৰ সভাত উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়ধীশ পৰাণ কুমাৰ ফুকন, চম্পাৱতীৰ চিত্ৰপট গ্ৰন্থৰ লেখক তথা বিষয় শিক্ষক বিৰাজ ভূষন বৰা, প্ৰাক্তন শিক্ষক শেখৰ মাঝি, অনন্ত কিশোৰ ভট্টাচাৰ্যৰ লগতে বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী, অভিভাৱক উপস্থিত থাকে৷