কাকপথাৰঃ থলুৱাক সুৰক্ষা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দি চৰকাৰ গঠন কৰা অগপ, বিজেপি, বিজেপি চৰকাৰৰ দিনত এতিয়া ৰাজ্য খনৰ থলুৱা লোকসকলে ৰাজ পথলৈ ওলাই আহি প্ৰতিদিনে অধিকাৰৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰিব লগা হৈছে৷ খোদ মুখ্যমন্ত্ৰীৰ গৃহ জিলাত থলুৱা জনগোষ্ঠীয়ে গৰাখহনীয়া ৰোধ কৰাৰ বাবে দাবী জনাই অহাৰ পিছতো চৰকাৰ খনে এতিয়ালৈকে গুৰুত্ব প্ৰদান কৰা দেখা নাযায়৷

বুধবাৰে মিচিং জনগোষ্ঠীয়ে তেওলোকৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰি ৰাজ্য উত্তাল কৰে৷ ৰাজ্য খনত এগৰাকী জনগোষ্ঠীয় লোক মুখ্যমন্ত্ৰী হৈ থকাৰ পিছতো জনগোষ্ঠীয় লোকসকলৰ সমস্যা সমাধান কৰাৰ ইচ্ছা প্ৰকাশ নকৰাত নাৰাজ হৈ পৰিছে ৰাজ্যৰ প্ৰতিটো জনগোষ্ঠী৷ তাৰ মাজতে বৃহস্পতিবাৰে মৰাণ জনজাতিক অনুসূচীকৰণ আৰু ষষ্ঠ অনুসূচীকৰণ ভূক্ত স্বায়ত্ব শাসন প্ৰদান কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে৷

বীৰ ৰাঘৱ মৰাণ সাংস্কৃতিক প্ৰকল্প স্থাপন, বীৰ ৰাঘৱ মৰাণৰ লগতে বীৰ বীৰাংগনাৰ প্ৰতিমুৰ্তি স্থাপন, ৰজা বদৌচা সমন্বয় তোৰণ নিৰ্মান, ৰজা বদৌচাৰ প্ৰতিমুৰ্তি স্থাপন, মৰাণ বুৰঞ্জী প্ৰণয়ন, মৰাণ সঞ্চালকালয় স্থাপন, মৰাণ উন্নয়ন পৰিষদ কাৰ্যক্ষম কৰাৰ দাবীত কেইবাশতাধিক লোকে তিনিচুকীয়া জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে৷

চৰকাৰে চৰম প্ৰতাৰণা কৰাৰ প্ৰতিবাদত তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্যালয় সন্মূখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে মৰাণ জনগোষ্ঠীৰ ছটাকৈ সংগঠন অসম মৰাণ সভা, সদৌ মৰাণ ছাত্ৰ সন্থা, সদৌ মৰাণ কলা সংস্কৃতি বিকাশ কেন্দ্ৰ, মৰাণ জাতীয় মহিলা পৰিষদ, মৰাণ জাতীয় কৰ্মচাৰী শৈক্ষিক বিকাশ মঞ্চ আৰু মৰাণ সাহিত্য সভাই৷