newsnextone.com | ডিজিটেল ডেস্কঃ কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাথো আৰু মাত্ৰ এটা দিন৷ ৰাজ্যখনত শাসক-বিৰোধীয়ে জোৰদাৰ নিৰ্বাচনী প্ৰাচাৰ অব্যাহত ৰখাৰ মাজতে চৰ্চা লাভ কৰিছে বিজেপিৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশ লোৱা এগৰাকী নেতাৰ মন্ত্যবই৷

ৰাজ্যখনত বিজেপিৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশ লোৱা বিশ্ব হিন্দু পৰিষদৰ নেতা চৰণ পম্পৱেলৰ এক বিতৰ্কিত মন্তব্যই কৰ্ণাটকৰ কংগ্ৰেছ-বিজেপিৰ তুমুল নিৰ্বাচনী প্ৰচাৰৰ মাজতে চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে৷ বিশ্ব হিন্দু পৰিষদৰ নেতা চৰণ পম্পৱেলে এটা ব্যক্তিগত সংবাদ মাধ্যমক দিয়া সাক্ষাৎকাৰত কয় যে অতি আধুনিক যুৱতি সকলক যদি মৰেল পুলিছে মাৰধৰ কৰে, তেন্তে সেয়া কোনো ভুল নহয়৷

বিশ্ব হিন্দু পৰিষদৰ নেতাগৰাকীয়ে কয়, ‘‘কৰ্ণাটকত কেৱল হিন্দুৰ জয় হোৱা উচিত৷ সেইবাবে আমি আৰু বজৰংগ দলে বিজেপিৰ হৈ নিৰ্বাচনী প্ৰচাৰত নামিছো৷’’ আনহাতে মৰেল পুলিছং সন্দৰ্ভত সংবাদ মাধ্যমটোৱে সোধা প্ৰশ্নৰ উত্তৰত নেতাগৰাকীয়ে কয়, ‘‘সজাগ কৰিবৰ বাবে অথবা ভুল শুদ্ধ বুজাবৰ বাবে যদি কোনোৱাই কোনো যুৱতীক মাৰে, তেন্তে ইয়াত কোনো ভুল নাই৷’’

‘‘মোৰ সন্মুখত যদি এগৰাকী নৱম-দশম শ্ৰেণীৰ ছাত্ৰীয়ে ৰাতি ৰাতি দেৰিলৈকে ডিস্ক’ত গৈ ডেন্স কৰে, অথৱা মদৰ গিলাছ লৈ মাতাল হৈ ফুৰে, তেন্তে তাইক বুজাবলৈ অলপ মাৰধৰ কৰাটো মই ভুল বুলি কেতিয়াও নাভাৱো৷ মই ভাৱো যৌন নিৰ্যাতনৰ বলি হোৱাৰ আগতেই তাইৰ স্খলন ঘটা চৰিত্ৰক যেনেকৈয়ে নহওক শুদ্ধ পথলৈ অনা উচিত৷’’ -এনেদৰে মন্তব্য কৰে বিশ্ব হিন্দু পৰিষদৰ নেতাগৰাকীয়ে৷ 

আনহাতে কিছুদিন পূৰ্বে কৰ্ণাটকৰ মংগোলুৰুত মদ আৰু জুৱাৰ বাবে সংঘটিত হোৱা মাৰপিত সন্দৰ্ভত চৰণ পম্পৱেলে কয়, ‘‘টেলিভিছনত সদায় মদ্যপান শৰীৰৰ বাবে ক্ষতিকাৰক বুলি বিজ্ঞাপন প্ৰচাৰ কৰি থকা হৈছে৷ ইয়াৰ দ্বাৰা মানুহক সজাগ কৰিবলৈ চেষ্টা কৰা হৈছে৷ আমিও এটা প্ৰয়াস কৰিছো৷ মৰেল পুলিছিং মানে কেৱল বজৰংগ দল নহয়৷ সজাগ কৰিবৰ বাবে যদি কোনোবাই মাৰধৰ কৰিছে, তেন্তে সেয়া ভালৰ কাৰণেই কৰিছে৷ ইয়াত একো ভুল নাই৷

ইফালে বিশ্ব হিন্দু পৰিষদৰ এই মন্তব্যই কৰ্ণাটকৰ নিৰ্বাচনী কালৰ মাজতে ব্যপৰ চৰ্চা লাভ কৰে৷ নেতাগৰাকীৰ এনে মন্তব্যৰ বিভিন্নজনে বিৰোধিতা কৰাৰ বিপৰীতে আন বহু কেইজনে নেতাগৰাকীৰ মন্তব্য সময় সাপেক্ষিক বুলিও মন্তব্য কৰেছে৷