নগাঁওঃ বুধবাৰৰ পৰা আৰম্ভ হৈছে বিশ্ব স্তনপান সপ্তাহ ৷ অহা ৭ আগষ্টলৈকে চলিব লগা বিশ্ব স্তনপান সপ্তাহ উপলক্ষে নগাঁও জিলা যুটীয়া স্বাস্থ্য সঞ্চালকালয়ৰ অন্তৰ্গত বাৰপূজীয়া প্ৰাথমিক কেন্দ্ৰই স্থানীয় সৰাগাঁৱত অনুষ্ঠিত কৰা স্তনপান সপ্তাহৰ সজাগতা সভা।

বিশ্ব স্তনপান সপ্তাহৰ কাৰ্যসূচীত জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডা০ অতুল চন্দ্ৰ পাটৰ, জিলা টিকাকৰণ বিষয়া ডা০ জয়ন্ত কুমাৰ দাস আৰু মহকুমা স্বাস্থ্য বিষয়া তথা বাৰপুজীয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মুৰব্বী চিকিৎসক ডা০ লক্ষীধৰ দাসে অংশ গ্ৰহণ কৰে৷

 সৰাগাঁও উপ-স্বাস্থ্য কেন্দ্ৰৰ প্ৰাংগনত অনুষ্ঠিত সভাৰ উদ্দেশ্য বাখ্যা কৰি  বি পি এম মকিবুল হুছেইনে সাত দিনীয়া এই কাৰ্যসূচীৰ লক্ষ্য-উদ্দেশ্য ৰাইজক অৱগত কৰে ৷ সভাত মুখ্য অতিথি ৰূপে অংশ লোৱা জিলা যুটীয়া স্বাস্থ্য সঞ্চালকগৰাকীয়ে মাতৃ সকলে সন্তানক নিসংকোচে স্তনপান কৰোৱাৰ পৰিবেশ গঢ়ি তোলাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি কয় যে মাতৃদগ্ধ নৱজাতকৰ বাবে অমৃত সদৃশ ৷ 

মাতৃ আৰু সন্তানৰ আত্মিয়তাৰ মূলমন্ত্ৰ হ’ল স্তনপান৷ সভাত অংশ লোৱা মাতৃসকলৰ প্ৰশ্নৰ উত্তৰত জিলা টিকাকৰন বিষয়া ডা০ জয়ন্ত কুমাৰ দাসে কয় যে জন্মৰ ৬ মাহলৈ কেচুঁৱাক কেৱল মাত্ৰ মাতৃদুগ্ধহে পান কৰোৱাব লাগে ৷ তাৰ পিচত দুবছৰলৈকে বা সন্তানে বিচৰালৈকে মাতৃদুগ্ধৰ লগতে সঠিক অনুপাতত পৰিপূৰক আহাৰ দিব লাগে ৷ 

আনহাতে সজাগতা সভাত পৌৰোহিত্য কৰা মহকুমা স্বাস্থ বিষয়া ডা০ লক্ষীধৰ দাসে গৰ্ভাৱতী মাতৃৰ স্তনৰ পূৰ্ণ বিকাশ, গাখীৰ উৎপাদন আৰু নিঃসৰণৰ সম্পৰ্কে বাখ্যা দাঙি ধৰাৰ লগতে অহা ৭ আগষ্টলৈকে বিশ্ব স্তনপান সপ্তাহৰ বিভিন্ন সজাগতা কাৰ্যসূচী গ্ৰহণ কৰিবলৈ স্বাস্থ্য কেন্দ্ৰ সমূহক আহ্বান জনায় ৷ তেওঁ লগতে কয় যে সন্তান জন্মৰ যিমান সোনকালে স্তনপান আৰম্ভ কৰে সিমানে স্তনপান সফল হয় ৷ সভাত বি চি এম বাসু ডেকা প্ৰমুখ্যে স্বাস্থকৰ্মী সকল, ভালে সংখ্যক মাতৃ আৰু স্থানীয় লোকে অংশ গ্ৰহণ কৰে ৷