ডিজিটেল ডেস্কঃ ব্ৰিটেইনৰ তানিয়া জাৰ্জলচে নাম মহিলাগৰাকীয়ে নিজৰ ৭ সন্তানক ISIS সজাব বিছাৰে।আমেৰিকাৰ আইএচআইএচৰ সদস্যৰ সৈতে বিবাহ পাশত আবদ্ধ হোৱা তানিয়া এই কথা খোদ প্ৰকাশ কৰিছিল৷ ৩৩ বছৰীয়া তানিয়াই কিদৰে আইএচআইএচৰ প্ৰভাৱত পৰে আৰু কিদৰে তাই কটৰপন্থী বিচাৰ ধাৰাক গ্ৰহণ কৰিছিল৷ আইএচআইএচৰ সদস্য সৈতে বিয়া হৈ পিচত তেওঁ সাতটা সন্তান জন্ম দি সাতোটাকে পৃথিৱীৰ সাতটা বেলেগ বেলেগ দ্বীপত আইএচআইএচৰ যুজাঁৰু ৰূপে প্ৰেৰণ কৰিব বিছাৰে৷ কিন্তু তানিয়াই মুল খুতিলৈ উভতি আহে। এতিয়া তেও শান্তিৰ বাবে কাম কৰে।

তানিয়াই ব্ৰিটেইনত থকা সময়ত তেওঁ জাতিগত ভেদ ভাৱৰ সন্মুখিন হ’ব লগা হৈছিল৷ যাৰ বাবে তেও পশ্চিমীয়া দেশক লৈ ঘৃণা কৰিবলৈ আৰম্ভ কৰিছিল৷ তাই নিজৰ কাৰণে সন্মান বিচাৰিছিল যদিও লাভ নকৰাত  কট্টৰপন্থী বিচাৰ ধাৰাৰ প্ৰতি আকৰ্ষিত হৈছিল৷

তাই এনেকুৱা এজন ব্যক্তি বিছাৰিছিল যিজনে তাইৰ দৰে এই ভেদভাৱৰ অন্তৰালত সোমাই পশ্চিমীয়া দেশবোৰক ঘৃণা কৰে৷ এনে এজন ব্যক্তি বিচাৰি পালে যিজন আমেৰিকাত জন্মগ্ৰহণ কৰে যদিও ইছলাম ধৰ্মত দিক্ষিত হৈছিল৷ তেতিয়াই জন জাৰ্জলচক লগ পায়। জনৰ সৈতে বিয়া হৈ তানিয়াৰ চাৰিতা সন্তান জন্ম লাভ কৰে আৰু চিৰিয়াত থাকিব ধৰে৷

theatlantic.com অনুসৰি তানিয়াই কয় যে, ‘মই এই সন্তান মাত্ৰ এটা কাৰণেই বিচাৰিছিলো, যাতে সিহঁতে ডাঙৰ হৈ আল্লাহৰ কাৰণে কাম কৰে,মুজাহিদ্দীন হয়৷ তানিয়াৰ জন্ম ব্ৰিটেইনত হৈছিল৷ তাইৰ দেউতাক আছিল ব্ৰিটিছ আৰু আনহাতে মাক আছিল বাংলাদেশী৷

২০০১ চনৰ ১১ ছেপ্তেম্বৰত ট্ৰেড চেন্তাৰত লাডেনে আক্ৰমণৰ কৰাৰ পিছৰ পৰাই প্ৰায় ভাগ মানুহে তাইক মুছলিম বুলি ঠাট্টা কৰিছিল৷ যাৰ বিনা দোষত শাস্তি পোৱা বুলি কয়। তাই কট্টৰপন্থীৰ দিশে আকৰ্ষিত হবলৈ ধৰিছিল৷ বৰ্তমানে তানিয়াই আইএচআইএচ ত্যাগ কৰিছে, আৰু এই পন্থা ত্যাগ কৰা অন্য সকলকো সামাজিক ক্ষেত্ৰত মিলিবৰ বাবে সহায় কৰি আছে৷