তেজপুৰ টাউনঃ মৰমৰ পুত্ৰই বিছনাত শুই বহি সময় অতিবাহিত কৰিছে৷ দিন হাজিৰা কৰি পৰিয়াল চলোৱা সন্তানটোৱে কেতিয়াবা মাতৃৰ কোলাত মূৰ থৈ চকুলো টুকিছে আকৌ কেতিয়াবা বিছনাৰ গাৰুত মূৰ থৈ কাৰোবাৰ মুখলৈ চাই ৰৈছে৷ কিশোৰ অৱস্থাৰ পৰাই দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া যুৱকজনে যেন ক্ৰমান্বয়ে ভাগৰি পৰিছে৷ অসহায় এক যন্ত্ৰণাৰ সৈতে সময় পাৰ কৰিছে৷

অসহায় দৰিদ্ৰ পৰিয়ালটোৱে চিন্তাত দিন পাৰ কৰিব লগা হৈছে৷ নাম তেওৰ মৃনাল কুমাৰ ডেকা৷ ২২ বছৰীয়া মৃনাল কুমাৰ ডেকাৰ পিতৃয়ে দিন হাজিৰা কৰে৷ পিতৃয়ে দিন হাজিৰা কৰা টকাৰে পৰিয়াল পোহপাল দিবলৈ সামৰ্থ নোহোৱাত পুত্ৰই দিন হাজিৰা কৰিব লগা হয়৷ ২২ বছৰীয়া মৃনাল কুমাৰ ডেকা এতিয়া ৰোগত আক্ৰান্ত৷ চিকিৎসাৰ বাবে ধনৰ যোগাৰ কৰিব নোৱাৰা অসহায় পিতৃ-মাতৃয়ে পুত্ৰৰ মুখলৈ চাই দিন পাৰ কৰিব লগা হৈছে।

দৰিদ্ৰ হলেও কিছুদিন আগলৈ সুখেৰে সংসাৰ চলাই আছিল পিতৃয়ে৷ পিতৃয়ে সুন্দৰ ভাবে পৰিয়ালটোক পোহপাল দি আহিছিল যদিও কাৰোবাৰ যেন নজৰ লাগিল পৰিয়ালটোত। স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ স্বাস্থ্য বিভাগৰ আঁচনিয়ে ঢুকি নোপোৱা দৰিদ্ৰ পৰিয়ালটোৱে এতিয়া পুত্ৰৰ বাবে হাহাকাৰ কৰিব লগা হৈছে৷ যোৱা তিনিটা বছৰে মৃনালে বিছনাত সময় অতিবাহিত কৰিব লগা হৈছে৷ শোণিতপুৰৰ চাৰিদুৱাৰৰ ননকে বাকোলাৰ যুৱকজনে এতিয়া বিষাদৰ দিন পাৰ কৰিছে৷

চাৰিদুৱাৰৰ ননকে বাকোলাৰ মৃনাল কুমাৰ ডেকাই যোৱা ৩ বছৰ ধৰি যকৃতৰ ৰোগত আক্ৰান্ত হৈ চিকিৎসাৰ অভাৱত তিলতিলকৈ মৃত্যুৰ দিশে আগবাঢ়িছে। দিন হাজিৰা কৰি কোনোমতে পৰিয়ালটো পোহপাল দিয়া ২২ বছৰীয়া চফল ডেকাজনে ২০‍১৫ চনত আক্ৰান্ত হয় ৰোগত৷ মৃনালৰ অসহায় পিতৃৃ-মাতৃয়ে মৃনালৰ চিকিৎসাৰ নামত বহু টকা খৰচ কৰি সকলো হেৰুৱালে৷

চিকিৎসাৰ বাবদ পিতৃয়ে ঘৰৰ ভেটি বিক্ৰি কৰাৰ ফলত বৰ্তমান পৰিয়ালটোৰ ঘৰটোৰ বাদে আন একো নাই৷ পিতৃ-মাতৃৰ শেষ ইচ্ছা পুত্ৰক এবাৰ চিকিৎসৰ ওচৰলৈ নিয়াৰ৷ পুত্ৰ এদিন সুস্থ হৈ উঠিব বুলি আজিও আশা পুহি ৰাখিছে পৰিয়ালটোৱে৷ দিন বাগৰাৰ লগে লগে উপযুক্ত চিকিৎসাৰ অভাৱত মৃনালৰ স্বাস্থ্যৰ অৱনতি ঘটাত মৃনালে কেৱল ঘৰতে চকীত বহিয়েই তিল তিলকৈ মৃত্যুৰ দিশে আগবাঢ়িছে।

মৃনালৰ চিকিৎসাৰ বাবে পিতৃ-মাতৃয়ে বাৰে বাৰে তেজপুৰ চিকিৎসা মহাবিদ্যালয়, গুৱাহাটি চিকিৎসা মহাবিদ্যালয়লৈ গৈয়ো আৰ্থৰ অভাৱত বাৰে বাৰে উভতি আহিবলগীয়া হৈছে৷ মৃনালক জটিল অস্ত্ৰোপচাৰৰ প্ৰয়োজন যত খৰচ হ’ব প্ৰায় ৩-৪ লাখ টকা৷ কিন্তু দিন হাজিৰা কৰা মৃনালৰ পিতৃয়ে কৰ পৰা আনিব ইমান টকা৷ চকুলো টুকি দিন পাৰ কৰা মৃনালৰ পিতৃ-মাতৃয়ে আপোনাৰ পৰা সহায় বিছাৰিছে৷ যদি আপুনি মৃনালক সহায় কৰিব বিছাৰে তেন্তে মৃনালৰ মাতৃৰ 8724801139 নম্বৰত যোগাযোগ কৰিব পাৰিব।