শিৱসাগাৰ/গুৱাহাটীঃ চাকৰি নিয়মীয়াকৰণ কৰাৰ দাবীত ৰাজ্যজুৰি পৌৰ নিকায় কৰ্মচাৰী সন্থাই পালন কৰে কৰ্মবিৰতি। বৃহস্পতিবাৰে পুৱাৰে পৰা ৰাজ্যজুৰি পৌৰ কৰ্মচাৰী সকলৰ চাকৰিৰ নিয়মীয়াকৰণ, দৰমহা নিয়মীয়াকৰণ আদি দাবী পূৰণৰ দাবীত সদৌ অসম পৌৰ-নিকায় কৰ্মচাৰী সন্থাৰ আহ্বান মৰ্মে প্ৰতিবাদ সাব্যস্ত কৰে৷

১ আৰু ২ ফেব্ৰুৱাৰীত অৱস্থান ধৰ্মঘট আৰু সৰ্বাত্মক কৰ্মবিৰতি কাৰ্যসূচী পালন কৰাৰ ফলত ৰাজ পথত জাৱৰৰ দম ঙৰি পৰে৷ বিভিন্ন পৌৰ সভাৰ কৰ্মচাৰী সন্থাই এই প্ৰতিবাদী কাৰ্যসূচীক সমৰ্থন জনাই প্ৰতিবাদ সাব্যস্ত কৰে। ৰাজ্যৰ পৌৰ কৰ্মচাৰীৰ যেন কেতিয়াও সমস্যাৰ ওৰ নপৰাৰ লগতে প্ৰতিবাদ কৰি অহাৰ পিছতো চৰকাৰে গুৰুত্ব আৰোপ কৰা দেখা নাযায়৷

বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰ দিনত এতিয়া এশ এবুৰি সমস্যাৰে জৰ্জৰিত পৌৰ সভাৰ কৰ্মচাৰীসকল৷ সমস্যাত ভুক্তভোগী হ’ব লগা হয় বিভাগীয় কৰ্মচাৰীসকল৷ বৰ বৰ কথাৰে প্ৰতিশ্ৰুতি দিয়া মন্ত্ৰী-বিধায়কসকলে কৰিব পৰা কোনো এখন ক্ষেত্ৰৰে কোনো এটা কামৰে সঠিক সমাধান৷ তাৰ মাজতে বৃহস্পতিবাৰে ৰাজ্যজুৰি বিভিন্ন সমস্যাৰ সমাধানৰ দাবীত পৌৰ নিকায় কৰ্মচাৰী সন্থাই পালন কৰে কৰ্মবিৰতি।

ৰাজ্যৰ পৌৰ কৰ্মচাৰী সকলৰ চাকৰিৰ নিয়মীয়াকৰণ, দৰমহা নিয়মীয়াকৰণ আদি বিভিন্ন সমস্যাসমূহৰ শীঘ্ৰে সমাধানৰ দাবী উত্থাপন কৰি সদৌ অসম পৌৰ-নিকায় কৰ্মচাৰী সন্থাই আহ্বান জনোৱা ১আৰু ২ ফেব্ৰুৱাৰীত অৱস্থান ধৰ্মঘট আৰু সৰ্বাত্মক কৰ্মবিৰতি কাৰ্যসূচীৰ পৌৰ নিকায়-কৰ্মচাৰী সন্থাই সমৰ্থন জনাই প্ৰতিবাদ সাব্যস্ত কৰে৷

উল্লেখ্য যে, পৌৰ নিকায় কৰ্মচাৰী সকলৰ চাকৰি নিয়মীয়াকৰণ, staffing Pattern, দৰমহা নিয়মীয়াকৰণ কৰাৰ লগতে অন্যান্য সমস্যা সমূহৰ স্থায়ী সমাধানৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ খনৰ বঞ্চনাৰ অভিযোগ উত্থাপন কৰে সংগঠনটোৱে৷ সদৌ অসম পৌৰ নিকায় কৰ্মচাৰী সন্থাই আহ্বান জনাৱা আন্দোলন কাৰ্যসূচীক সমৰ্থন কৰি শিৱসাগৰত পৌৰ নিকায় কৰ্মচাৰীসকলে কৰ্মবিৰতি পালন কৰে৷

পৌৰ নিকায় কৰ্মচাৰীসকলে গ্ৰহণ কৰা কৰ্মবিৰতিৰ ফলত শিৱসাগৰ নগৰৰ বিভিন্ন স্থানত আৱৰ্জনাৰে ভৰি পৰা পৰিলক্ষিত হয়৷ শিৱসাগৰ নগৰৰ মাজমজিয়াৰ বৰ্ডিং ৰোডত শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ সন্মুখত পথৰ দাতিত আৱৰ্জনাৰ পৰা গোন্ধ ওলোৱাত নাকত হাত দি আহ-যাহ কৰিব লগা হৈছে৷

চলিত মাহত ১৩ ফেব্ৰুৱাৰীৰ পৰা ১৬ ফেব্ৰুৱাৰীলৈ শিৱসাগৰত শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত বিভিন্ন বৰ্ণাঢ্য কাৰ্যসূচীৰে আন্তঃৰাষ্ট্ৰীয় শিৱ মহোৎসৱ অনুষ্ঠিত হ’ব৷ শিৱসাগৰৰ বিভিন্ন দল-সংগঠন তথা স্বেচ্ছাসেৱী অনুষ্ঠান-প্ৰতিষ্ঠানসমূহৰ সহযোগত মহোৎসৱ সূচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে ব্যস্ত হৈ পৰাৰ সময়তে সমগ্ৰ শিৱসাগৰ নগৰ আৰ্ৱজনাৰে ভৰি পৰে৷