গুৱাহাটীঃ বিশিষ্ট চলচ্চিত্ৰ পৰিচালক, চিত্ৰনাট্যকাৰ মুনিন বৰুৱা আমাৰ মাজত নাই বুলি কোৱা কথাষাৰ বিশ্বাস কৰিবলৈ টান লাগিলেও শুকুৰবাৰে নিশা ২ বজাত সকলোৱে কন্দুৱাই আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে আঁতৰি গ’ল তেঁও৷ 

চলচ্চিত্ৰ জগতত অলেখ স্মৃতি এৰি আমাৰ মাজৰ পৰা আতৰি গ’ল মুনিন বৰুৱা৷ অসমৰ চলচ্চিত্ৰ জগতৰ মহীৰূহগৰাকীয়ে বহু দি গ’ল অসমীয়া জাতিক৷ যি কৰ্মৰাজীৰ স্মৃতিয়ে প্ৰতিজন অসমীয়াৰ মাজত জীয়াই থাকিব মুনিন বৰুৱা। 

তেওঁৰ মৃত্যুয়ে অপূৰণীয় ক্ষতি কৰিলে অসমীয়া চলচ্চিত্ৰ-নাটকৰ জগতখনত৷ জীয়াই থকা কালত অসমীয়া চলচিত্ৰ-নাটকৰ জগতৰ বাবে আশীৰ্বাদ হৈ আছিল মুনিন বৰুৱা৷ মৃত্যুৰ পিছতো তেওঁৰ কৰ্মৰাজীয়ে চিৰদিন আশীৰ্বাদ হৈয়ে থাকিব৷ অসমীয়া জাতিয়ে তেওৰ কৰ্মৰাজী জীয়াই ৰাখিব লাগিব৷

১৯৪৭ চনত গোলাঘাট জিলাৰ খুমটাই তেওঁৰ জন্ম হৈছিল৷ সত্তৰৰ দশকৰ পৰা চলচ্চিত্ৰ পৰিচালক, চিত্ৰনাট্যকাৰ হিচাপে সক্ৰিয় হৈ থকা মুনিন বৰুৱাই হিয়া দিয়া নিয়া, বোৱাৰী, নায়ক, বিধাতা আদি ছবিৰ লগতে বহু নাটকৰ সৈতে জৰিত হৈ আছিল৷ ২০০১-০২ চনৰ বাবে নায়ক ছবিৰ বাবে শ্ৰেষ্ঠ পৰিচালকৰ বঁটা, দীনবন্ধু ছবিৰ বাবে শ্ৰেষ্ঠ আঞ্চলিক চলচ্চিত্ৰ বঁটা, বাৰুদ ছবিৰ বাবে শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা লাভ কৰিছিল তেওঁ৷ 

১৯৭৪ চনত অসমীয়া অভিনেত্ৰী মঞ্জুলা বৰুৱাৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল তেওঁ। বিয়াৰ পিছতেই গোলাঘাটৰ ঘৰৰ পৰা ১৯৮৮ চনত গুৱাহাটীলৈ আহে বৰুৱাই৷ বৰুৱা দুই সন্তানৰ পিতৃ৷

শুকুৰবাৰে নিশা ২ বজাত মহানগৰীৰ কাহিলীপাৰাৰ ভগদত্তপুৰৰ নিজা বাসগৃহত ৭২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। চলচ্চিত্ৰ পৰিচালক তথা নাট্যকাৰ মুনিন বৰুৱাৰ মৃত্যুৰ খবৰ ৰাষ্ট্ৰ হোৱাৰ পাছতেই ৰাজ্যত শোকৰ ছাঁ পৰে৷ চলচ্চিত্ৰ পৰিচালকগৰাকীক শেষ শ্ৰদ্ধা জনাবলৈ উপস্থিত হয় কণ্ঠশিল্পী জুবিন গাৰ্গ, অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ, শিল্পী জুবলী, অভিনেত্ৰী আইমী বৰুৱা, যতীন বৰাকে ধৰি অসমীয়া চলচ্চিত্ৰ জগতৰ বহু বৰেণ্য লোক৷

সত্তৰৰ দশকৰ পৰা চলচ্চিত্ৰ পৰিচালক, চিত্ৰনাট্যকাৰ হিচাপে সক্ৰিয় হৈ থকা মুনিন বৰুৱাই প্ৰতিমা, পিতা-পুত্ৰ, পাহাৰী কন্যা, প্ৰভাতী পখীৰ গান, হিয়া দিয়া নিয়া, দাগ, নায়ক, কন্যাদান, বিধাতা, বাৰুদ, ৰং, দীনবন্ধু, ৰামধেনু, প্ৰিয়াৰ প্ৰিয়া আদি ছবি পৰিচালনা কৰাৰ লগতে বহু নাটকৰ সৈতে জৰিত হৈ আছিল৷ আঘাট, কাল শংখ, সদাগৰ, শ্ৰীমান শ্ৰী মতী, চিৰিয়াখানা, জয় পৰাজয়, সূৰ্য্যকে ধৰি ৯০ খনৰো অধিক নাটকৰ চিত্ৰনাট্য লিখিছে। 

পৰিচালকগৰাকীয়ে তেওঁৰ শেষ যাত্ৰাত জুবিন গাৰ্গ আৰু যতীন বৰা উপস্থিত থকাটো বিচাৰিছিল বুলি বহু পূৰ্বে প্ৰকাশ কৰিছিল৷ তেওঁৰ মৃত্যুৰ খবৰ পোৱা মাত্ৰকে বাসগৃহত যতীন বৰা উপস্থিত হয়৷ মাজুলীত থকা জুবিন গাৰ্গ উপস্থিত হয় গুৱাহাটীত। 

ৰাজ্যিক মৰ্যদাৰে পৰিচালক, চিত্ৰনাট্যকাৰ মুনিন বৰুৱাৰ শেষকৃত্য সম্পন্ন কৰা হ’ব৷ শনিবাৰে বাসগৃহৰ পৰা মৃতদেহ জ্যোতি চিত্ৰবনলৈ নিয়া হয়৷ জ্যোতি চিত্ৰবন ছবিজগতৰ বিভিন্ন লোক উপস্থিত থাকি শেষ শ্ৰদ্ধাঞ্জলি যাচে৷ তাৰ পাছতে শেষ যাত্ৰা কৰি নৱগ্ৰহ শ্মশানলৈ নিয়া হয় পৰিচালক-নাট্যকাৰ মুনিন বৰুৱাৰ নশ্বৰদেহ। ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হ’ব মুনিন বৰুৱাৰ শেষকৃত্য।