newsnextone.com| মোৰাঝাৰঃ সদৌ অসম কবি সন্মিলনৰ পঞ্চদশ মধ্যকালীন অধিবেশন খন চাৰি দিনীয়া কাৰ্য্যসূচীৰে অহা ২৯ চেপ্তেম্বৰৰ পৰা হোজাই জিলাৰ নীলবাগানত অনুষ্ঠিত হ’ব৷ সেই উপলক্ষে ব্যাপক প্ৰস্তুতি চলিছে নীলবাগান খেল পথাৰত, সজোৱা হৈছে আটক ধুনীয়া মণ্ডপ৷ অধিবেশন খনিত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কবি,  বুদ্ধিজীৱীৰ উপৰিও বহিঃৰাজ্যৰ বহু কবি সাহিত্যিকে অংশগ্ৰহণ কৰিব৷ এই কবি সন্মিলনতে স্মৃতি গ্ৰন্থ, কাব্যমনীষা, কাব্য গ্ৰন্থ আদৰণি সমিতিয়ে প্ৰকাশ কৰাৰ সাজু হৈ উঠিছে৷

বহু কেইজন বিশিষ্ট কবিক এই নীলবাগান অধিবেশনতেই সন্মানীয় উপাধিও প্ৰদান কৰা হ’ব ৷ এই অধিবেশন খনিৰ পৰাই সমগ্ৰ অসমলৈ এটি সমন্বয়ৰ বাৰ্তা যাব বুলি তেওঁলোকে আশা কৰে৷ কবি সন্মিলনৰ লগত সংগতি ৰাখি গ্ৰন্থ মেলাৰো আয়োজন কৰা হৈছে৷ এই চাৰিদিনীয়া কাৰ্যসূচী অনুসৰি

প্ৰথম দিনা ২৯ ছেপ্টেম্বৰ, শনিবাৰঃ
পুৱা ৯.০০ বজাত - গছ পুলি ৰোপণ, দিনৰ ১০:০০ বজাত - মুখ্য তোৰণ উন্মোচন, দিনৰ ১০:৩০ বজাত - গ্ৰন্থ মেলাৰ দ্বাৰ উন্মোচন, দিনৰ ১১:০০ বজাত - প্ৰদৰ্শনীৰ দ্বাৰা উন্মোচন, দিনৰ ১১:৩০ বজাত - প্ৰতিনিধি শিবিৰ মুকলি, দিনৰ ১২:০০ বজাত - যতীন্দ্ৰ কুমাৰ বৰগোহাঞি সোঁৱৰণী গ্ৰন্থ উন্মোচনী সভা, বিয়লি ৩:০০ বজাত - পংকজ দত্ত সোঁৱৰণী সতীৰ্থ কবি সন্মিলন, বিয়লি ৪:৩০ বজাত - কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা, সন্ধিয়া ৭:৩০ বজাত - সাংস্কৃতিক অনুষ্ঠান

দ্বিতীয় দিন, ৩০ ছেপ্টেম্বৰ, ৰবিবাৰঃ
পুৱা ৮:৩০ বজাত - পতাকা উত্তোলন, ৯:০০ বজাত - স্মৃতি তৰ্পণ, ৯:৪০ বজাত - গছ পুলি ৰোপণ, দিনৰ ১০:০০ বজাত - কবিতাৰ সমদল যাত্ৰা, দিনৰ ১:০০ বজাত - থানেশ্বৰ গোস্বামী সোঁৱৰণী আজীৱন হিতৈষী সদস্য সন্মিলন, বিয়লি ৩:০০ বজাত - ড° ৰেণু গগৈ সোঁৱৰণী" কাব্য-চিন্তন", বিয়লি ৪:০০ বজাত - প্ৰতিনিধি সভা ( প্ৰথম অংশ), বিয়লি ৫: ০০ বজাত - চুজাউদ্দিন আহমেদ সোঁৱৰণী জনগোষ্ঠীয় কবি সন্মিলন , সন্ধিয়া ৭'৩০ বজাত - সাংস্কৃতিক অনুষ্ঠান,

তৃতীয় দিন, ১ অক্টোবৰ, সোমবাৰঃ
পুৱা ৯:০০ বজাত - গছ পুলি ৰোপন, দিনৰ ১০:০০ বজাত - প্ৰতিনিধি সভা ( দ্বিতীয় অংশ), দিনৰ ১০:২০ বজাত - কবিতা আবৃত্তি ( দ্বিতীয় মঞ্চ), দিনৰ ১০:৩০ বজাত - তৰুণ কোঁৱৰ সোঁৱৰণী যুব কবি সন্মিলন কাব্য-চৰ্চা, দিনৰ ১:০০ বজাত - মুকলি সভা, বিয়লি ৪:৩০ বজাত - কাব্য- নন্দিনী, সন্ধিয়া ৬:৩০ বজাত - স্থানীয় কবিৰ কবিতা পাঠ, সন্ধিয়া ৮:৩০ বজাত - সাংস্কৃতিক অনুষ্ঠান 

চতুৰ্থ দিন, ২ অক্টোবৰ, মঙ্গলবাৰঃ
পুৱা ৯:০০ বজাত - গছপুলি ৰোপণ, পুৱা ৯:৩০ বজাত চৌহদ পৰিষ্কাৰ, দিনৰ ১০:০০ বজাত - অন্তৰংগ আলাপ, দিনৰ ১১:৩০ বজাত সভাপতি/সম্পাদক সন্মিলন, বিয়লি ২:৩০ বজাত - কাব্যলোচনা সভা, বিয়লি ৫:৩০ বজাত - আমন্ত্ৰিত কবি সন্মিলন, সন্ধিয়া ৮:৩০ বজাত সাংস্কৃতিক অনুষ্ঠান। 

চাৰিদিনীয়া অধিবেশনখন সফল ৰূপায়নৰ বাবে সকলো পক্ষকে সহায় সহযোগিতা আগবঢ়াবলৈ আদৰণি সমিতিৰ মুখ্য সম্পাদক ৰাজীৱ হুছেইনে আহ্বান জনায় ৷ ইপিনে কালি সন্ধিয়া অধিবেশনৰ বাকৰিত এখন প্ৰাক প্ৰস্তুতি সভা অনুষ্ঠিত হৈ যায়৷ আদৰণি সমিতিৰ সভাপতি হাচিনুচ চুলতানে আঁত ধৰা সভা খনত আদৰণি সমিতিৰ মুখ্য সম্পাদক ৰাজীৱ হুছেইনে প্ৰস্তুতি সম্পৰ্কীয় সকলো কথা ভাষণ প্ৰসংগত ৰাইজক অৱগত কৰায়৷ লগতে প্ৰাক্তন মন্ত্ৰী আব্দুৰ ৰৌফ, সমাজসেৱী আব্দুল হাচিব, নীলাবাগান ক্ৰীড়া সন্থাৰ সভাপতি, সম্পাদক, নিউ ষ্টাৰ ক্লাবৰ সভাপতি, সম্পাদক, হোজাই জিলা আছুৰ উপদেষ্টা আলম হুচেইন তালুকদাৰ, আমছুৰ নেতা আৰিফ উদ্দিন, পূবোওৰ হোজাই জিলা সাংবাদিক সন্থাৰ সম্পাদক আব্দুল কাদিৰ, হোজাইৰ সাংবাদিক আব্দুল বাচিত, আতিকুৰ ৰহমান, স্বাকিৰ আহমেদ, হৰিচৰণ পেগু আদি কৰি আদৰণি সমিতিৰ বিষয়ববীয়া সকল উপস্থিত থাকি ভাষণ আগবঢ়ায়৷