মুছলপুৰঃ দেওবাৰৰ পৰা লোকে লোকাৰণ্য হৈ পৰিছে বিটিএডিৰ বাক্সা জিলাৰ সদৰ মুছলপুৰ৷ যোৱা প্ৰায় দুমাহৰ প্ৰস্তুতিৰ অন্তত দেওবাৰৰ পৰা অনুষ্ঠিত হোৱা বড়ো জনগোষ্ঠীৰ জাতীয় অনুষ্ঠান বড়ো সাহিত্য সভাৰ ৫৭ সংখ্যক অধিৱেশন উপলক্ষে হাজাৰ হাজাৰ লোকৰ সমাৱেশ হৈছে৷ সোমবাৰে পুৱাই বড়ো সাহিত্য সভাপতি তৰেণ বড়োৱে পতাকা উত্তোলন কৰি মূল কাৰ্যসূচীৰ শুভাৰম্ভ কৰে৷

তৰেণ বড়োৱে দেশৰ বিভিন্ন প্ৰান্তৰ আগশাৰীৰ লেখকৰ বিশ খন গ্ৰন্থ বড়ো ভাষালৈ অনুবাদ কৰাৰ কথা ঘোষণা কৰে৷ আনহাতে বড়ো ভাষাক পূৰ্ণাংগ ভাষা নহয় বুলি কোৱা কথাষাৰে বড়ো জাতিক দূখ দিয়া বুলি কৈ যেতিয়ালৈ অসম সাহিত্য সভাৰ সভাপতি পৰমান্দ ৰাজবংশীয়ে এই মন্তব্য উঠাই নলয় তেতিয়ালৈ অসম সাহিত্য সভাৰ সৈতে কোনো ধৰণৰ সম্পৰ্ক বৰ্ত্তাই নৰখাৰ কথা উল্লেখ কৰে৷

অসম সাহিত্য সভাৰ সৈতে নীতিগত ভাৱে অকণো মতবিৰোধ নাই যদিও পৰমানন্দ ৰাজবংশীৰ দৰে লোকৰ বাবেহে দূৰত্ব বৃদ্ধি হোৱা বুলি কয়৷ শ্বহীদ তৰ্পণ, স্মৃতি তৰ্পণ আদি কাৰ্যসূচী অনুষ্ঠিত কৰাৰ লগতে ‘বাগচা দুৱাৰ’ নামৰ স্মৃতি গ্ৰন্থ উন্মোচন কৰা হয়৷ আনহাতে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে সোমবাৰে সাহিত্য সভাৰ মঞ্চতে বড়ো ভাষাৰ ২০গৰাকী শিক্ষক নিযুক্তি দিয়ে৷

দূধনৈ, বাঘমাৰা, বিএইচ কলেজ, নৰ্থ কামৰূপ, মানৱেন্দ্ৰ শৰ্মা ছোৱালী মহাবিদ্যালয়, ৰঙিয়া, ৰাঙাপাৰা, চাৰিদুৱাৰ, বিকালী, বিএইচডি কলেজ আৰি জিএম কলেজত বিশগৰাকী শিক্ষক নিযুক্তি দিয়ে৷ ইপিনে সোমবাৰে বড়ো সাহিত্য সভাৰ কাৰ্যসূচীত অংশ লয় মংগোলিয়াৰ ৰাষ্ট্ৰদূত গণবল্ড গচিঙে৷

গচিঙে উপস্থিত থাকি বিভিন্ন কাৰ্যসূচী উপভোগ কৰি ৰাষ্ট্ৰদূতগৰাকী অভিভূত হৈ পৰে৷ স্থানীয় প্ৰশাসনে মঙলবাৰে বাক্সা জিলাক স্থানীয় বন্ধ ঘোষণা কৰে৷ মঙলবাৰে সাহিত্য সভাৰ অন্তিম দিন। সভাৰ কাৰ্যসূচীত অংশ ল’ব ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীকে ধৰি কেইবাগাৰকী নেতা, সাহিত্যিকে৷