ফটো সৌজন্যঃ ইণ্টাৰনেট
ফটো সৌজন্যঃ ইণ্টাৰনেট

নাজিৰাঃ অসম চুক্তিৰ সুদীৰ্ঘ ৩১ বছৰৰ পাছত বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে আছুৰ সৈতে অসম চুক্তি সম্পৰ্কত ঋণাত্মক আলোচনাত বহাত সদৌ অসম মুছলিম যুৱ পৰিষদে চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছে।

সংগঠনটোৱে আজি এক প্ৰেছ বিবৃতি যোগে এই কথা উল্লেখ কৰি কয় যে আলোচনা মৰ্মে অহা দুমাহৰ ভিতৰত অসম চুক্তিৰ ৰূপায়নৰ বাবে প্ৰয়োজনীয় কাৰ্যসূচী প্ৰস্তুত কৰিবলৈ লোৱা সিদ্ধান্ত আদৰণীয়। অসম চুক্তিৰ প্ৰতিটো দফা কাৰ্য্যকৰী কৰি দেখুৱাই সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি তথা অসমৰ জাতীয় নায়ক মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসম আৰু অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষা কৰাৰ দায়িত্ব বহন কৰাৰ বাবেও আশা ব্যক্ত কৰে পৰিষদে।

অসমৰ প্ৰতিটো খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ লোকে মূখ্যমন্ত্ৰী সোণোৱালক নিশ্চয় অনাগত দিনত হৃদয়ত ধৰি ৰাখিব আৰু অসমৰ ইতিহাসত তেখেতৰ নাম সোণোৱালী আখৰৰে লিপিবদ্ধ হৈ স্মৰণীয় হৈ ৰ'ব বুলিও বিবৃতিত উল্লেখ কৰে পৰিষদে।

অসমৰ জাতি-মাটি-ভেটি ৰক্ষাৰ ক্ষেত্ৰত মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে যাতে আপোচ নকৰি এক দৃঢ় স্থিতি গ্ৰহণ কৰে তাৰ বাবে সদৌ অসম মুছলিম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক দাদুল আলী, উপ-সভাপতি বাবলু খান,সাংগঠনিক সম্পাদক কমৰুদ্দিন আহমেদ আৰু চুজাউদ্দিন আহমেদে প্ৰেছ বিবৃতিখনৰ যোগেদি আহ্বান জনায়।