ডিমা হাচাওঃ ৰাজ্যৰ দল-সংগঠনে প্ৰতিবাদ অব্যাহত ৰখাৰ সময়তে মাইবং কাণ্ডৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিলে চৰকাৰে। ৰাজ্য চৰকাৰৰ নিৰ্দেশত ডিমা হাচাও জিলা প্ৰশাসনে তদন্ত ঘোষণা কৰিবলৈ বাধ্য হয়৷ ডিমা হাচাও জিলা প্ৰশাসনে বৰাক উপত্যকাৰ কৰিমগঞ্জ জিলাৰ দণ্ডাধীশ ৰঞ্জিত কুমাৰ লস্কৰক সমস্ত ঘটনাৰ তদন্তৰ দায়িত্ব দিয়ে।

ইতিমধ্যে প্ৰশাসনে তদন্তৰ বাবে সাজু হৈছে যদিও শনিবাৰৰ পৰা মাইবং মহকুমাধিপতিৰ কাৰ্যালয়ত সাক্ষ্যদান প্ৰক্ৰিয়া অনুষ্ঠিত হ’ব। দণ্ডাধীশ ৰঞ্জিত কুমাৰ লস্কৰে ৭ দিনৰ ভিতৰত জিলা দণ্ডাধীশক প্ৰতিবেদন দাখিল কৰিবল লাগিব৷ ডিমা হাচাওৰ মাইবংত সংঘটিত ঘটনাৰ বিৰুদ্ধে কেইবাটাও সংগঠনে গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন ঠাইত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি আহিছে৷

বিজেপি চৰকাৰ আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল চৰকাৰ মাইবংৰ ঘটনাৰ বাবে দায়ী বুলি কৈ তীব্ৰ সমালোচনা কৰি আহিছে প্ৰতিবাদকাৰীসকলে৷ ৰাজ্যত মাইবং কাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিছে কেইবাটাও সংগঠনে৷ বিগত ২৫ জানুৱাৰীত মাইবঙত ডিমা হাচাও জিলাক নাগালিমত অন্তৰ্ভুক্তি কৰিব বিচৰাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ গৈ দুজনকৈ ডিমাচা যুৱকৰ প্ৰাণ যোৱা ঘটনাৰ ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত আছে৷