ধেমাজিঃ অসমৰ অতি পিছপৰা অঞ্চল ধেমাজি জিলা বৰদলনি মিছামাৰী গাঁৱৰ এটি সৰু পৰিয়ালত জন্মগ্ৰহণ কৰি সমগ্ৰ দেশৰ লগতে ধেমাজিলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে শিশু বিজ্ঞানীক নৱজ্যোতি ভৰালীয়ে। বিগত ১২ বছৰ ধৰি অবিৰত চেষ্টাৰ ফলত যোৱা ৪ মাচত ৰাষ্ট্ৰপতিৰ বঁটা লাভ কৰে এইজন শিশু বিজ্ঞানীয়ে ।

উল্লেখ্য যে মুঠ ১৩ টা ইলেক্ট্ৰনিক যন্ত্ৰ আৱিস্কাৰ কৰি শেষত ইলেক্ট্ৰনিক চেয়াৰ বাইক আৰু অট'মেটিক ৰিলিং এণ্ড স্প্ৰেনিং মেচিনৰ ওপৰত ৰাষ্ট্ৰপতিয়ে বঁটা প্ৰদান কৰে। ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত উদ্ভাৱনা উৎসৱ অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হয়৷ এই উদ্ভাৱনৰ উৎসৱ হৈছে তৃণমূল পৰ্যায়ত উদ্ভাৱকসকলক স্বীকৃতি, সন্মান আৰু পুৰস্কাৰ দিয়াৰ এক অনন্য প্ৰচেষ্টা।