তেজপুৰঃ নিৰ্বাচনৰ পূৰ্বে শোণিতপুৰৰ চতিয়া সমষ্টিৰ অন্তৰ্গত চাৰিদুৱাৰত তিনি শতাধিক কংগ্ৰেছ ,অ গ প, বি পি এফৰ লগতে অাক্ৰাছু অাদি কৰি বিভিন্ন দল সংগঠনৰ কৰ্মীয়ে বি জে পিত যোগদান কৰে।

চাৰিদুৱাৰৰ সীমান্ত মিলন সংঘত চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ উপস্থিতিত অানুষ্ঠানিক ভাৱে প্ৰায় তিনি শতাধিক বিভিন্ন দলৰপৰা অহা নেতা কৰ্মীয়ে বি জে পিত যোগদান কৰে। সভাত বিধায়ক পদ্ম হাজৰিকাই বৰ্তমান বি জে পিৰ উত্থানত কংগ্ৰেছ শংকিত বুলি দোহাৰে।