নগাঁওঃ সমাগত পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যত বৰ্তমান তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ। বিধায়িকা অাঙুৰলতা ডেকাৰ গৃহ সমষ্টি বটদ্ৰৱাত শুকুৰবাৰে পঞ্চায়ত নিৰ্বাচনত প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে উপস্থিত হয়হি ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। বটদ্ৰৱাৰ কপাহেৰা আঞ্চলিক খেলপথাৰত কেইবা সহস্ৰাধিক ৰাইজক সম্বোধি ভাষণ অাগৱঢ়াই সৰ্বানন্দ সোণোৱালে।

ভাৰতীয় জনতা পাৰ্টীয়ে সদায় ৰাইজৰ কল্যানৰ হকে কাম কৰি যোৱাৰ কথা ৰাইজক অৱগত কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। বিধায়িকা অাঙুৰলতা ডেকায়ো অনাগত দিনত ৰাইজৰ স্বাৰ্থত কাম কৰি যোৱাৰ অাশ্বাস প্ৰদান কৰে। এই নিৰ্বাচনী সভাত হাতীচোং, চাবুকধৰা, বটদ্ৰৱা, টুকটুকী জিলা পৰিষদৰ বি জে পি প্ৰক্ষেপিত প্ৰাৰ্থী, গাঁও পঞ্চায়তৰ সভাপতি- আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থীসমূহ উপস্থিত আছিল।