নগাঁওঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে নগাঁও জিলাটো পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা অনুষ্ঠিত হৈছে ৷ জিলাখনত পুৱা নিৰ্ধাৰিত সময়তকৈ বহু পলমকৈ আৰম্ভ হোৱা ভোট গণনাত বাতৰি লিখাৰ সময়লৈকে প্ৰতিটো জিলা পৰিষদৰ মাত্ৰ দুটাকৈহে পঞ্চায়তৰ নিৰ্বাচনী ফলাফল ঘোষিত হোৱা পৰিলক্ষিত হৈছে৷

ইয়াৰ ভিতৰত জিলাখনৰ অন্যতম গুৰুত্বপূৰ্ণ সমষ্টি হিচাপে চিহ্নিত হোৱা বটদ্ৰৱা সমষ্টিত ঘোষিত ফলাফলত সামগ্ৰিকভাৱে কোনো দলৰে একক আধিপত্য লাভ কৰা নাই ৷ মুঠ চাৰিটা জিলা পৰিষদ আসনক লৈ গঠিত সমষ্টিটোত লক্ষণীয়ভাৱে ৮ নং টুকটুকী জিলা পৰিষদৰ অন্তৰ্গত ২৯ নং টুকটুকী গাঁও পঞ্চায়তটো শাসকীয় বি জে পি,অ গ প আৰু কংগ্ৰেছ দলক সম্পূৰ্ণৰূপে ধৰাশায়ী কৰি এ আই ইউ ডি এফ দলে দখল কৰিবলৈ সক্ষম হয়৷ পঞ্চায়তটোত সভাপতি পদত এ আই ইউ ডি এফৰ প্ৰাৰ্থী আমিনুল হকে তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী নিৰ্দলীয় প্ৰাৰ্থী মইনুল হকক ৭৩৯ টা ভোটৰ ব্যৱধানত পৰাজিত কৰে৷

বিজয়ী প্ৰাৰ্থী আমিনুল হকে ১৯৫৫ টা ভোট লাভ কৰাৰ বিপৰীতে নিৰ্দলীয় প্ৰাৰ্থী গৰাকীয়ে পায় ১২১৬ টা ভোট৷ আনহাতে পঞ্চায়তটোত কাউঞ্চিলৰ পদত এ আই ইউ ডি এফৰ প্ৰাৰ্থী পাৰবিনা খাতুনে নিকটতম প্ৰতিদ্বন্দ্বী কংগ্ৰেছ দলৰ প্ৰাৰ্থী জেচমিন চুলতানাক পৰাস্ত কৰি বিজয় সাৰ্বস্ত কৰে৷

ইফালে, সমষ্টিটোৰ ১০ নং হাতীচোং জিলা পৰিষদৰ অন্তৰ্গত ২০ নং মাজ-জাজৰি গাঁও পঞ্চায়তত শাসকীয় দল বি জে পিৰ প্ৰাৰ্থীয়ে বিজয় সাৰ্বস্ত কৰে৷ পঞ্চায়তটোত সভাপতি পদত বি জে পিৰ মিন্টু কোঁৱৰে কংগ্ৰেছ প্ৰাৰ্থী প্ৰভাত চন্দ্ৰ ডেকাক আৰু কাউঞ্চিলৰ পদত বি জে পিৰ বিবি বৰুৱাই কংগ্ৰেছৰ তৃষ্ণা বৰাক পৰাভূত কৰিবলৈ সক্ষম হয় ৷

তদুপৰি বটদ্ৰৱা জিলা পৰিষদৰ অন্তৰ্গত ভোমোৰাগুৰি গাঁও পঞ্চায়তত সভাপতি পদত কংগ্ৰেছ প্ৰাৰ্থী গুলজাৰ হুছেইনে অ গ পৰ প্ৰাৰ্থী ফজলুল হকক পৰাজিত কৰে। কাউঞ্চিলৰ পদত কংগ্ৰেছৰ প্ৰাৰ্থী বিউতি বৰদলৈ নিৰ্বাচিত হৈছে।