নগাঁওঃ পথ দুৰ্ঘটনাত এগৰাকী লোক থিতাতে নিহত হোৱাত নগাঁৱৰ বেবেজীয়াত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ স্বামীয়ে স্কুটীৰ পিছফালে বহুৱাই পত্নীক স্কুলত থব আহোতেই বেবেজীয়া আৰক্ষী চকীৰ এলেকাৰ ডাকৰঘাটত পথ দুৰ্ঘটনাটো সংঘটিত হয়।

তীব্ৰ বেগী চাৰিচকীয়া টৱোটা আৰু স্কুটীৰ মুখামুখি সংঘৰ্ষ লগাত থিতাতে নিহত হয় মুনীন্দ্ৰ কুমাৰ বৰা নামৰ লোকগৰাকী৷ আনহাতে পত্নী বিতু কাকতি গুৰুতৰভাবে আহত হয়৷ দুয়োৰে ঘৰ কাষৰি গাঁৱত৷ পত্নীক পুৱা স্কুলত থব আহোতেই সংঘটিত হয় এই কৰুণ ঘটনা৷ গাড়ীখনৰ নং-এ এছ-০১-এ টি ৬৬৪৪ আৰু স্কুটীখনৰ নং-এ এছ-০২-টি ৬২৯১ বুলি জানিব পৰা গৈছে৷