নগাঁওঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ গুণাৱলী স্মৰণ কৰাৰ লগতে তেওঁলোকৰ চৰণত সেৱা ধৰাৰ মানসেৰে নতুনকৈ জন্ম লাভ কৰা শ্ৰীমন্ত শংকৰ মাধৱ সমাজ নামৰ অনুষ্ঠানটোৰ প্ৰথম বাৰ্ষিক অধিবেশন শনিবাৰৰ পৰা অনুষ্ঠিত কৰা হ’ব৷

নগাঁও জিলাৰ ৰহাৰ সমীপৰ ঐতিহ্যমণ্ডিত মঠৰবড়ি থানত অনুষ্ঠিত হ’ব দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া অধিবেশন৷ চন্দ্ৰকান্ত ডেকাক সভাপতি বানেশ্বৰ নাথক সম্পাদক তথা বাবুলি মোহন নাথ, অম্বেশ্বৰ নাথ আৰু বুবুলী মোহন মেধীক সহঃ সম্পাদক হিচাপে লৈ এখন আদৰণি সমিতি গঠন কৰা হয়৷

কাৰ্যসূচী অনুসৰি প্ৰথম দিনা পুৱাৰ ভাগত প্ৰাতঃ প্ৰসংগ, আঞ্চলিক আই-বাপসকলৰ দ্বাৰা মঠৰবড়ি নামঘৰৰ পৰা সভাগৃহলৈ ভাগৱত আগমন আৰু স্থাপনৰ, নাম-প্ৰসংগৰ পিছতে দুপৰীয়া ভাগৱত পাঠ আৰু ব্যাখ্যাৰ শুভাৰম্ভ কৰা হ’ব৷

দ্বিতীয় দিনা পুৱাৰ ভাগত প্ৰাতঃ প্ৰসংগ, ধৰ্মধ্বজা উত্তোলন আৰু প্ৰতিনিধি সভাৰ অন্তত বিয়লি বিষয়-বাচনি সভা, আহাৰ গ্ৰহণ আৰু মুকলি সভা অনুষ্ঠিত হ’ব বুলি শ্ৰীমন্ত শংকৰ মাধৱ সমাজৰ সভাপতি সোমেশ্বৰ বৰা আৰু সম্পাদক প্ৰসন্ন কলিতা আৰু প্ৰভাত কলিতাই জানিবলৈ দিয়ে৷