newsnextone.com| নগাঁওঃ ব্যক্তিগত খণ্ডৰ বহু শিক্ষানুষ্ঠানে শিক্ষাক ব্যৱসায়লৈ ৰূপান্তৰ কৰি শিক্ষা ব্যৱস্থাটোক পণ্য হিচাপে পৰিগণিত কৰিব বিচৰাৰ বিপৰীতে একাংশ চৰকাৰী শিক্ষানুষ্ঠানৰ শিক্ষা ব্যৱস্থা আজিও একেবাৰে পুতৌ লগা। আনকি একাংশ শিক্ষকৰ পালমৰা মনোভাৱৰ ফলত গ্ৰামাঞ্চলৰ প্ৰতিভাসম্পন্ন দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীসকলে উচ্চ শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে। এনে অৱস্থাৰ মাজতো একাংশ-শিক্ষক-কৰ্মচাৰীৰ ছাত্ৰ-ছাত্ৰীক শিক্ষাদান কৰাৰ আন্তৰিকতা, হেঁ‌পাহ আৰু সু-নাগৰিক কৰাৰ পৰিকল্পনাই সচেতন মহলত প্ৰায়েই চৰ্চাৰ বিষয় হৈ পৰা দেখা যায়। সঁ‌চা অৰ্থত তেওঁলোক মহান।

নগাঁও জিলাৰ বঢমপুৰ বিধান সভা সমষ্টিৰ এখন বিদ্যালয়ৰ দুজন শিক্ষক-কৰ্মচাৰীৰ কৰ্তব্য নিষ্ঠাই শিক্ষাদানক মহান সেৱা হিচাপে গ্ৰহণ কৰিব বিচৰাসকলক অনুপ্ৰাণিত কৰিব। এই দুই শিক্ষক-কৰ্মচাৰীৰ কৰ্তব্য নিষ্ঠাই ৰজাঘৰ আৰু ৰাজনৈতিক নেতাসকলৰ বঞ্চনাক এক প্ৰকাৰ স্পষ্টৰূপত উন্মোচিত কৰিছে। উল্লেখ্য, নগাঁও জিলাৰ বঢমপুৰ বিধান সভা সমষ্টিৰ পলশাবাৰী গাঁ‌ওখনত ১৯৯০ চনত স্থাপন হোৱা পলশাবাৰী ললিত নাথ মধ্য ইংৰাজী বিদ্যালয়ত ১৯৯২ চনত শিক্ষিত যুৱক তগৰ ডেকাই প্ৰধান শিক্ষকৰ দায়িত্বভাৰ গ্ৰহণ কৰে। 

পলশাবাৰী গাঁ‌ওখনক আকৌ পাহাৰীয়া নৈ নিশাৰীয়ে বিভক্ত কৰিছে। ইয়াৰে যিটো স্থানত বিদ্যালয়খন স্থাপন হৈছে সেই স্থানৰ শিক্ষাৰ্থীতকৈ সিপাৰৰ শিক্ষাৰ্থী অধিক। নদীখনৰ দুয়োটাপাৰ সংযোগ কৰি যাতায়াতৰ কোনো সুচল পথ নথকাত আনটো পাৰৰ ছাত্ৰ ছাত্ৰীসকল বিদ্যালয়খনলৈ অহাৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হয়। খৰালি কালত এডাল সাঁ‌কোৰে ছাত্ৰ ছাত্ৰীসকল অহা যোৱা কৰে। কিন্তু বাৰিষা ফেনে ফুটুকাৰে অহা নিশাৰী নদীত সাঁ‌কোৰ জৰিয়তে পাৰ হ'বলৈ অসম্ভৱ হৈ পৰে। এনে ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলক সহায় কৰাৰ বাবে বিদ্যালয়খনৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী বিষ্ণু কুমাৰ নাথ আৰু প্ৰধান শিক্ষক তগৰ ডেকাই গুৰুত্বপূৰ্ণ ভূমিকা লয়। তেওঁলোকে স্থানীয় ৰাইজে দান কৰা টুলুঙা নাৱেৰে নৈখনৰ সিপাৰৰ ছাত্ৰ ছাত্ৰীসকলক পুৱা বিদ্যালয়লৈ আনে আৰু শিক্ষাদান শেষ কৰি পুনৰ বিয়লি নাৱেৰে সিপাৰত থৈ আহেগৈ। 

এনেদৰে ১৯৯২ চনৰ পৰাই বাৰিষাৰ সময়চোৱা টুলুঙা নাৱেৰে বিপদ সংকুলভাৱে হ'লেও বিদ্যালয়লৈ অনা নিয়া কৰি শিক্ষাদান কৰি আহিছে প্ৰধান শিক্ষক তগৰ ডেকা আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী বিষ্ণু কুমাৰ নাথে। এনেদৰে বহু সময়ত টুলুঙা নাৱৰ পৰা ছাত্ৰ-ছাত্ৰীৰ লগতে স্থানীয় বহুলোকো সৰি পৰাৰ ঘটনা ঘটিছে যদিও ইমানৰ পিছতো কোনো তৎপৰতা নাই স্থানীয় প্ৰশাসন তথা বিধায়কৰ৷ প্ৰকাশ যে, বঢ়মপুৰ সমষ্টিৰ নিশাৰী নৈৰ ওপৰত এই ঠাইত এখন দলং নিৰ্মাণৰ বাবে স্থানীয় বিধায়ক প্ৰফুল্ল কুমাৰ মহন্তক বহুবাৰ আবেদন কৰাৰ পিছতো কানষাৰ নিদিলে বিধায়কগৰাকীয়ে। আনহাতে, ৰাজ্য চৰকাৰৰ সংশ্লিষ্ট বিভাগসমূহে ইয়াৰ সঠিক ৰূপায়ন কৰিব বুলি স্থানীয় ৰাইজ গভীৰ আশাবাদী।