Printer-friendly version

জয়ন্ত মুদৈ,নগাঁওঃ নিজৰ এটি সুন্দৰ ভৱিষ্যত গঢ় দিয়াৰ ক্ষেত্ৰত অতিকে প্ৰয়োজনীয় পঢ়া-শুনাৰ বাবে পাঠ্যপুথিৰ মাজত অধিক সময় ব্যস্ত থাকিলেও অসমীয়া শিশু সকলো যে একোটা সংস্কৃতিৱান মন বা প্ৰতিভাৰ গৰাকী তাক পুনৰবাৰ প্ৰতিপন্ন কৰিলে একাংশ নগঞা কণ কণ শিশু তথা নিম্ন আৰু উচ্চ প্ৰাথমিক স্তৰত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীয়ে৷ 

নগাঁও জিলাৰ হাতীচোং মৌজাৰ অন্তৰ্গত চকলাঘাটৰ চাউলখোৱা গাঁৱৰ বুঢ়া নামঘৰৰ বাকৰিত এই শিশুসকলক বৃহস্পতিবাৰে নিশা দেখা গ’ল এনে এক পৰিবেশত৷ কিয়নো, গাঁওখনৰ অত্যুৎসাহী একাংশ কণমানী শিশুয়ে ক্ষন্তেক সময়ৰ বাবে পাঠ্যপুথি, বহি, কলম, ফলি আদি এৰি তাৰ পৰিৱৰ্তে হাতে হাতে ধনু, কাঁড়, গদা, চক্ৰ, তৰোৱাল লৈ যুদ্ধংদেহী মনোভাৱেৰে ওলাই আহিল দৰ্শকক মনোৰঞ্জন দিবলৈ৷ 

গাঁওখনৰ এগৰাকী সৰবৰহী ব্যক্তি বুদ্ধেশ্বৰ শইকীয়াৰ মৃত্যু তিথি উপলক্ষে দিনযোৰা ধৰ্মীয় কাৰ্যসূচীৰ লগতে নিশাৰ ভাগত প্ৰদৰ্শন কৰা হয় কেৱল শিশু শিল্পীৰ দ্বাৰা অসমীয়া ভাওনা "ৰুক্মিণী হৰণ"৷ কেইবা শতাধিক দৰ্শকৰ সমাগমেৰে উদুলি-মুদুলি হৈ পৰা বুঢ়া নামঘৰ বাকৰিত প্ৰদৰ্শিত এই অসমীয়া ভাওনাখনিয়ে সকলোকে বেছ আপ্লুত কৰিবলৈ সক্ষম হয়৷ 

সম্পূৰ্ণ ব্যতিক্ৰমী প্ৰচেষ্টাৰে কণমানী শিশু তথা প্ৰাথমিক স্তৰৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা পৰিৱেশিত অসমীয়া ভাওনাখনত ক্ষণিকৰ বাবে পঢ়া-শুনাৰ পৰা আঁতৰি থাকি চৰিত্ৰানুযায়ী বলিষ্ঠ ৰূপত কৰা সাৱলীল অভিনয়েৰে নিজস্ব প্ৰতিভাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰি অন্তিম মুহূৰ্তলৈকে অনুষ্ঠানস্থলীত আবদ্ধ কৰি ৰাখিলে কৌতুহলী দৰ্শকক৷ 

গাঁওখনৰ কেইবাজনো সাংস্কৃতিক কৰ্মীৰ পৰিচালনাত প্ৰাণ পাই উঠা ভাওনাখনত শিশুসকলে নিখুঁত আৰু স্পষ্টৰূপত ফুটাই তুলিছিল বিভিন্ন চৰিত্ৰাৱলী৷ যাৰ পৰিণতিত প্ৰতিগৰাকী ভাৱৰীয়াৰ ৰং-বিৰঙৰ পোছাক, তীক্ষ্ণ তৰোৱালৰ চিকমিকনিৰ লগতে ধনু-কাঁড়, গদা আদি চলোৱাৰ প্ৰকাশ ভংগীয়ে সৰ্বস্তৰৰ দৰ্শকৰ মন পুলকিত কৰি তোলাৰ বিপৰীতে ভাৱৰীয়াৰ প্ৰৱেশ নৃত্য, বচন-ভংগী, যুদ্ধত অস্ত্ৰ চালনা আদিয়ে উপস্থিত দৰ্শকক মন্ত্ৰমুগ্ধ কৰিবলৈ সক্ষম হয়৷ 

তদুপৰি খোল-তালৰ মধুৰ শব্দ, ব্ৰজাৱলী ভাষাৰ সুমধুৰ কাব্যিক বচন, বিলাপ, পয়াৰ, স্তুতি, লেচেৰী, মুক্তাৱলী আদিৰ সংমিশ্ৰিত শব্দই এক নান্দনিক পৰিবেশৰ সুচনা কৰি তোলা পৰিলক্ষিত হয়৷ আনকি ভাৱৰীয়াৰূপী শিশুসকলে প্ৰৱেশৰ নৃত্য প্ৰদৰ্শন আৰু যুদ্ধ কৰাৰ সময়ত তথা তৰ্জন-গৰ্জন কৰি বচন আওৰোৱাৰ লগে লগে দৰ্শকসকলে প্ৰৱল হাততালিৰে উৎসাহ জন্মোৱা দৃশ্য আছিল সঁচাই মনোমোহা৷ কাজেই, সদা অধ্যয়নত দিনে-নিশাই অহৰহ ব্যস্ত থকা এই শিশুসকলে এনেদৰে অধ্যয়নৰপৰা সাময়িকভাবে নিলগত থাকি নাট্যাভিনয়েৰে দৰ্শকক মুগ্ধ কৰি তোলা কাৰ্যক সকলোয়ে শলাগ লৈছে৷