newsnextone.com। নলবাৰীঃ নলবাৰী কিষাণ মৰ্চা আৰু নলবাৰী বিজেপি টাউন মণ্ডলৰ উদ্যোগত নলবাৰী চহৰৰ হাটখোলা বজাৰত কৃষক,শ্ৰমিক আৰু ক্ষুদ্ৰ ব্যৱসায়ী সকলৰ মাজত আজি এক বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত হয়।

পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জন্মদিন উপলক্ষে আয়োজিত চিকিৎসা শিবিৰটো উদ্বোধন কৰে মেডিচিন বিশেষজ্ঞ ডাঃ নিৰ্মনেন্দু ভাগবতীয়ে। কিষাণ মৰ্চাৰ নলবাৰী টাউন মণ্ডলৰ ভূপেন ভাগৱতীয়ে আঁতধৰা চিকিৎসা শিবিৰটোত প্ৰায় ৩০০ গৰাকী ৰোগীক চিকিৎসা প্ৰদান কৰাৰ উপৰিও বিনামূলীয়াকৈ ঔষধ প্ৰদান কৰাৰ লগতে ব্লাড চুগাৰ আদি পৰীক্ষা কৰা হয়।

চিকিৎসা শিবৰৰত কিষাণ মৰ্চাৰ ৰাজ্যিক আহ্বায়ক দিলজিৎ বৰ্মন, জিলা সভাপতি ধনেশ্বৰ ডেকা, সম্পাদক প্ৰনৱ শৰ্মা, সনজিৎ ডেকা(ৰাহুল),উপ-সভাপতি মিন্টু তামুলী, প্ৰদীপ চৌধুৰী, মিডিয়া চেলৰ আহ্বায়ক নৱ তালুকদাৰ, মণ্ডল সভাপতি ৰতন বৰ্মন, বিজেপি টাউন মণ্ডলৰ সম্পাদক জয়ন্ত বুজৰ বৰুৱাসহ বহু কেইজন চিকিৎসক তথা স্থানীয় লোক উপস্থিত থাকে ।