ডিজিটেল ডেস্কঃ সংযুক্ত হিন্দু সংঘৰ্ষ সমিতিৰ নেতৃত্বত কেইবাটাও হিন্দু সংগঠনে সোমবাৰে হাৰিয়ানাৰ গুৰুগ্ৰাম পৰিদৰ্শন কৰে৷ গুৰুগ্ৰাম পৰিদৰ্শন কৰি হিন্দু সংগঠন কেইটাই মুছলমান সম্প্ৰদায়ে মুক্তভাৱে নামাজ পঢ়া কাৰ্যত নিষেধাজ্ঞা জাৰি কৰিবলৈ চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰে৷ 

উল্লেখ্য যে, কিছুদিন পূৰ্বে হাৰিয়ানাত মুছলমান সম্প্ৰদায়ৰ কেইজনমান লোকে মুক্তভাৱে নামাজ পঢ়া কাৰ্যত বিৰোধিতা কৰিছিল কেইজনমান হিন্দু সম্প্ৰদায়ৰ লোকে৷ ইয়াৰ পাছতেই মুছলমান সম্প্ৰদায়ে লোককেইজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল৷ সোমবৰে হিন্দু সংগঠন কেইটাই গুৰুগ্ৰাম পৰিদৰ্শন কৰি হিন্দু লোককেইজনৰ বিৰুদ্ধে ৰুজু কৰা গোচৰ উভটাই ল’বলৈও দাবী জনায়৷ 

ইফালে সংযুক্ত হিন্দু সংঘৰ্ষ সমিতিকে ধৰি ভালেকেইটা সিন্দু সংগঠনে মুক্তভাৱে নামাজ পঢ়ো কাৰ্যত নিষেধাজ্ঞা লগাবলৈ দাবী জনাই হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মোনহৰ লাল খট্টৰলৈ এখন পত্ৰ প্ৰেৰণ কৰে৷ হিন্দু সংগঠনকেইটাই পত্ৰত অভিযোগ উত্থাপন কৰি কয় যে গুৰুগ্ৰামৰ ৱাজিৰাবাদ অঞ্চলত অবৈধভাৱে মাটি দখল কৰাৰ স্বাৰ্থত কিছুসংখ্যক মুছলমান লোকে মুক্তভাৱে নামাজ পাঠ কৰি আহিছে৷ 

আনহাতে মুছলমান সম্প্ৰদায়ৰ কিছুসংখ্যক লোকে নামাজ পঢ়া স্থানত হিন্দুস্তান মুৰ্দাবাদ আৰু পাকিস্তান জিন্দাবাদ ধ্বনি দি পৰিবেশ উত্তাল কৰা বুলিও অভিযোগ কৰে হিন্দু সংগঠনসমূহে৷ একাংশ মুছলমানৰ এনে কাৰ্য ৰোধ কৰিবলৈ মুক্তভাৱে নামাজ পঢ়া কাৰ্যত নিষেধাজ্ঞা জাৰি কৰিবলৈ মুখ্যমন্ত্ৰীলৈ হিন্দু সংগঠনসমূহে পত্ৰযোগে দাবী জনায়৷  

ইফালে হিন্দু সংগঠনসমূহে উত্থাপন কৰা অভিযোগ মিছা বুলি খাৰিজ কৰিছে মুছলিম সংগঠনসমূহে৷ নেহৰু যুৱ সংগঠন ৱেলফেয়াৰ চোচাইটি, চেৰিটেবল ট্ৰাষ্টৰ অধ্যক্ষ ৱাজিদ খানে হিন্দু সংগঠনৰ অভিযোগ খাৰিজ কৰি কয় যে প্ৰতি শুকুৰবাৰে যিসকল লোকে গুৰুগ্ৰামত নামাজ পঢ়িবলৈ আহে, তেওঁলোকে নামাজ পঢ়ি থকা সময়ত ইজনে সিজনৰ সৈতে কথা পাতিবলৈকো সুযোগ নাপায়৷ তেনেস্থলত হিন্দুস্তান মুৰ্দাবাদ আৰু পাকিস্তান জিন্দাবাদ ধ্বনি দিয়াটো অসম্ভৱ৷ হিন্দু সংগঠনে মুছলমানসকলৰ বিৰুদ্ধে মিছা অভিযোগ উত্থাপন কৰিছে বুলি দাবী কৰে ৱাজিদ খানে৷

উল্লেখ্য যে, হিন্দু সকলৰ অভিযোগৰ ভিত্তিত এসপ্তাহ পূৰ্বে হাৰিয়ানাৰ আৰক্ষীয়ে ৱাজিৰাবাদ আৰু কনহাই অঞ্চলৰ নিৱাসী এশগৰাকী মুছলমান সম্প্ৰদায়ৰ লোকক আটক কৰিছিল যদিও পিছত দেওবাৰে তেওঁলোকক জামিনত মুকলি কৰি দিয়ে৷