গুৱাহাটীঃ  অসমীয়াৰ আদৰৰ ব্ৰহ্মপুত্ৰৰ সৈতে জড়িত প্ৰাচীন সভ্যতা-সংস্কৃতিক বিশ্বৰ আগত দাঙি ধৰাৰ উদ্দেশ্যে প্ৰথমবাৰৰ বাবে ৰাজ্য চৰকাৰে আয়োজন কৰা নমামী মহোৎসৱক লৈ আৰম্ভ হৈছে ব্যাপক বিতৰ্ক। একাংশ লোকে এই মহোৎসৱক সমৰ্থন জনোৱাৰ লগতে আন একাংশই আকৌ ইয়াৰ তীব্ৰ বিৰোধিতা কৰা পৰিলক্ষিত হৈছে। 

মহোৎসৱক লৈ এনে কথাৰ কটা-কটিৰ মজতে বিতৰ্কৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে শীৰ্ষ সংগীতটো। বিগ বি অমিতাভ বচ্চনকে আদি কৰি বলীউডৰ কেবাগৰাকী নামী-দামী তাৰকাৰ সমাহাৰেৰে অসমৰ জনপ্ৰিয় শিল্পী অংগৰাগ মহন্তই নিৰ্মাণ কৰি উলিওৱা সংগীতটোৰ ভিডিঅ'ৰ গুণগত মানক লৈ বহুতে প্ৰশ্ন উত্থাপন কৰিছে। গীতটোত অসমৰ সৰু-বৰ জনগোষ্ঠীৰ কথা উল্লেখ নথকাৰ লগতে গীতটো নিম্নমানৰ হোৱা বুলিও সৰ্বত্ৰে চৰ্চা দেখা গৈছে৷ 

এই সন্দৰ্ভত সংবাদ মাধ্যমত জনগোষ্ঠীয় নেতা আদিত্য খাখলাৰীয়ে মন্তব্য প্ৰকাশ কৰি কয় যে গীতটোৱে সম্পূৰ্ণৰূপে থলুৱাক অৱমাননা কৰিছে। জনগোষ্ঠীয় নেতাজনে গীতটো বন্ধ কৰাৰো দাবী উত্থাপন কৰে।

উল্লেখ্য যে ব্ৰহ্মপুত্ৰ উপত্যকাৰ ২১খন জিলাক সামৰি আয়োজন কৰা হৈছে এই মহোৎসৱ। অসমৰ সমাজ জীৱনৰ এক এৰাব নোৱাৰা সম্পৰ্ক থকা এই খন মহাবাহু ব্ৰহ্মপুত্ৰক লৈ গীত গাই অসমীয়া সমাজ জীৱনক ধন্য কৰি থৈ গৈছে সুধাকন্ঠ ভূপেন হাজৰিকাই। 

বাৰিষা কাল ৰূপ ধৰিলেও এইখন ব্ৰহ্মপুত্ৰ অসমীয়াৰ অতি আদৰৰ। এইখন নৈ অবিহনে আধৰুৱা হৈ ৰয় অসমৰ ইতিহাস। অসমীয়া জাতিৰ আয়ুসৰেখা স্বৰূপ এইখন ব্ৰহ্মপুত্ৰক লৈয়ে দিন-দিয়েক পূৰ্বে ৰাজ্য শাসনৰ বাঘজৰী হাতত লোৱা বিজেপি চৰকাৰে মহোৎসৱৰ আয়োজন কৰি আৱেগিক কৰি তুলিছে প্ৰতিজন অসমীয়াক।

বান, গৰাখহনীয়াকে আদি কৰি একাধিক সমস্যাক আওকাণ কৰি ব্ৰক্ষ্মপুত্ৰৰ সৈতে জড়িত পৰম্পৰা সভ্যতা-সংস্কৃতিক তুলি ধৰাৰ প্ৰয়াসেৰে ব্যায়বহুল মহোৎসৱ আয়োজন কৰাৰ সময়তে এতিয়া সমগ্ৰ বিষয়টো বিতৰ্কৰ আৱৰ্তত সোমাই পৰাটোৱে বহন কৰিছে বিশেষ তাৎপৰ্য৷ 

মহোৎসৱৰ সপক্ষে-বিপক্ষে এনেদৰে হাজাৰ-বিজাৰ যুক্তিৰে ছ'চিয়েল মিডিয়া ভৰি পৰাৰ সময়তে বৰ লুইতৰ পাৰৰ জাতি জনগোষ্ঠীৰ বৰ্ণিল ভাষা সংস্কৃতিৰ প্ৰতিফলন গীতটোত দেখা পোৱা হোৱা নাই বুলিও আৰম্ভ হৈছে সৰৱ আলোচনা৷ 

ইয়াৰ মাজতে ছ'চিয়য়েল মিডিয়া তথা ফেচবুকত সততে সক্ৰিয় হৈ থকা লুইত কুমাৰ বৰ্মন নামৰ লোক এজনে গীতটো নিম্নমানৰ হৈছে বুলি সমলোচনা কৰাত তেওঁক ফেচবুকতে একাংশ লোকে উভতি ধৰে৷ ইমানৰ পিছতো লুইত কুমাৰ বৰ্মনে ফেচবুক একাউন্ট যোগে পুনৰাই নমামী মহোৎসৱৰ শীৰ্ষ সংগীতটো বেয়া হৈছে বুলি দাবী কৰে। এনে দাবীৰ পিছতে একাংশই তেওঁক তদ্ৰুপ এটি গীত সাহস আছে যদি ৰচনা কৰিবলৈ প্ৰত্যাহ্বান জনায়৷

নমামী বিতৰ্কক আকৰ্ষণীয় ৰূপ দি লুইত কুমাৰ বৰ্মনে সকলোকে আচৰিত কৰি গ্ৰহণ কৰে উক্ত প্ৰত্যাহ্বান।কেৱল প্ৰত্যাহ্বান গ্ৰহণ কৰাই নহয় সেয়া হাতে-কামে কৰি দেখুৱাবলৈকো তেওঁ উঠি-পৰি লাগে।

প্ৰত্যাহ্বান গ্ৰহণৰ অতি কম সময়ৰ ভিতৰতে তেওঁ সুধাকন্ঠ ড. ভূপেন হাজৰিকাৰ পুত্ৰ তেজ হাজৰিকাক সাক্ষাৎ কৰে। তেজ হাজৰিকাৰ সাক্ষাৎ কৰাৰ শেহতীয়া এখন ফটো নিজৰ ফেচবুক একাউণ্টত আপলোড কৰি অত্যুৎসাহী লোকজনে শীঘ্ৰে ভূপেন হাজৰিকাৰ এটি গীতৰ চিত্ৰায়ণ কৰিবলৈ লোৱা সংকল্পৰ বিষয়ে ৰাজহুৱা কৰে। ইতিমধ্যে তেজ হাজৰিকাই গীতটোৰ চিত্ৰায়ণৰ বাবে অনুমতি দিয়া বুলিও  নিজৰ ফেচবুক টাইমলাইনত উল্লেখ কৰিছে লুইতে৷