নামতিঃ দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীলতা নীতিত গুৰুত্ব দিয়া মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল সভাই সমিতিয়ে দুৰ্নীতিৰ বিৰুদ্ধে ভাষণ প্ৰদান কৰি আহিছে যদিও ৰাজ্য খনৰ বিভিন্ন উন্নয়ন খণ্ডৰ কাৰ্যালয়ত আজিও ব্যাপক দুৰ্নীতি সংঘটিত হৈ আহিছে৷ শিৱসাগৰ জিলাৰ গৌৰীসাগৰ উন্নয়ন খণ্ডৰ নামতিৰ বৰুৱাপুখুৰী পঞ্চায়তত মুখ্যমন্ত্ৰীৰ শূণ্য সহনশীলতা নীতিৰ সম্পূৰ্ণ বিপৰীত বুলি অভিযোগ উত্থাপিত হৈছে৷

চৰকাৰ কঠোৰ হোৱা বুলি প্ৰচাৰ হৈ অবহাৰ পিছতো লাখ লাখ টকাৰ কেলেংকাৰী সংঘটিত হৈ অহাৰ অভিযোগ উত্থাপিত হৈছে৷ শেহতীয়াকৈ বৰুৱাপুখুৰী পঞ্চায়তত এমজি এনৰেগা আঁচনিৰ নামত ভয়ংকৰ দুৰ্নীতি সংঘটিত হোৱাৰ থকা তথ্য পোহৰলৈ অহাৰ পাছতেই অঞ্চলটোৰ ৰাইজৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

জানিব পৰা মতে, বৰুৱাপুখুৰী পঞ্চায়তৰ ১০ নং ৱাৰ্ডৰ নামদঙ্গীয়া পুখুৰী পৰিস্কাৰ কৰাৰ নামত তথা আৰু উন্নীতকৰণৰ নামত ভুৱা জৱকাৰ্ডৰ জৰিয়তে সৰহভাগ ধন আত্মসাৎ কৰা বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰি যোৱা ২৪ জানুৱাৰীত জিলা উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰে। অভিযোগ মতে, পুখুৰীটোৰ নামত ফেঞ্চিং দিয়া আদিকে ধৰি বিভিন্ন শিতানত মুঠ ৪৩,৯১৪  টকা এম এছ তামুলী এণ্টাৰপ্ৰাইজৰ নামত উলিয়াই নিয়া হয়। কিন্তু পুখুৰীটোত কোনো ফেঞ্চিং অথবা উন্নয়নমূলক কাম আজিলৈ হোৱা নাই। জৱকাৰ্ডৰ নামত ইতিমধ্যে ৬৪,৭৮২ টকা আদায় দিয়া হৈছে।

যি সকলক জৱকাৰ্ড শ্ৰমিক বুলি দেখুওৱা হৈছে তেওঁলোকৰ ঠিকনা তদন্ত কৰিলেই জোলোঙাৰ মেকুৰী ওলাই পৰা সম্ভাৱনা আছে। শ্ৰমিকসকলে এদিনো কাম নকৰাকৈয়ে ১০৯৮ টকাকৈ পোৱা বুলি অভিযোগ উঠিছে। এণ্টাৰ প্ৰাইজৰ নামত এক বুজন পৰিমাণৰ ধন উলিয়াই নিয়া হৈছে যদিও এণ্টাৰপ্ৰাইজ কোনো কাম কৰা নাই বুলি জানিব পৰা গৈছে৷ উল্লেখ্য যে, এণ্টাৰ প্ৰাইজৰ তামুলী নামৰ লোকজনৰ বিৰুদ্ধে বহু সময়ত অভিযোগ উত্থাপিত হৈ আহিছে।

পঞ্চায়ত খনত কেৱল নামদঙ্গীয়া পুখুৰীয়ে নহয় এনেধৰণৰ বহু পুখুৰী চাফ কৰা, উন্নীতকৰণৰ নামত লাখ লাখ টকা তামুলী এণ্টাৰপ্ৰাইজে উলিয়াই নিয়া বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে৷ পঞ্চায়ত খনত বৃক্ষৰোপন, চতুৰ্দশ বিত্তীয় আয়োগ আদি সকলো আঁচনিৰ নামতো লাখ লাখ টকা এণ্টাৰপ্ৰাইজৰ নামত উলিয়াই নিয়া বুলি অভিযোগ উত্থাপন হয়৷

স্থানীয় বিধায়ক প্ৰদীপ হাজৰিকাৰ বিৰুদ্ধেও ৰাইজ ক্ষোভিত হৈ পৰিছে। ৰাইজে বৰুৱাপুখুৰী পঞ্চায়তৰ উঠি ৰজা বহি ৰজা তামুলীৰ এনে কৰ্ম কাণ্ড দেখিও জনপ্ৰতিনিধিগৰাকীয়ে গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰে। অৰ্ধ শতাধিক ৰাইজে স্বাক্ষৰ কৰা স্মাৰক পত্ৰ প্ৰদান কৰি দুৰ্নীতিৰ তদন্ত কৰাৰ দাবী জনায় উপায়ুক্তক৷