নাওবৈচাঃ প্ৰধানমন্ত্ৰী গ্ৰামীণ পথ পকীকৰণ আঁচনিৰ অধীনত নিৰ্মীয়মাণ পথসমূহৰ বাবে আবণ্টিত পুঁজি মোকলাই দিয়াৰ পিছতো লখিমপুৰ জিলাৰ বিভিন্ন অঞ্চলত নিৰ্মীয়মাণ পথৰ একাংশ দায়িত্বপ্ৰাপ্ত ঠিকাদাৰৰ মইমতালিৰ বাবে ৰাইজে যাতায়াতৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগিবলগীয়া হৈছে।

লখিমপুৰৰ গড়কাপ্তানি বিভাগৰ গ্ৰাম্য পথ সংমণ্ডলৰ অধীনত নিৰ্মীয়মাণ প্ৰধানমন্ত্ৰী গ্ৰামীণ পথ পকীকৰণ আঁচনিৰ দ্বাৰা অনুমোদিত নাওবৈচা বিধানসভা সমষ্টিৰ কঁঠালপুখুৰী-ৰাণাবাৰী সোণাপুৰ পথটোৰ নিৰ্মাণৰ ক্ষেত্ৰত দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে। ১৫নং ৰাষ্ট্ৰীয় ঘাইপথ কঁঠালপুখুৰী-ৰাণাবাৰী সংযোগী প্ৰায় তিনি কিলোমিটাৰ দৈৰ্ঘ্যৰ পথটো নিৰ্মাণৰ বাবে ২০১৫-১৬ চনত প্ৰায় ২ কোটি ৭৪ লাখ টকা অনুমোদন হয়।

সেইমৰ্মে বাবুল গগৈ নামৰ ঠিকাদাৰজনে নিৰ্মাণৰ দায়িত্ব লাভ কৰা গড়কাপ্তানি পথটোৰ নিৰ্মাণকাৰ্য ২০১৬ চনৰ জানুৱাৰী মাহতে আৰম্ভ কৰে। ১৮ মাহৰ ভিতৰত নিৰ্মাণ কাৰ্য সম্পুৰ্ণ কৰিব লাগে যদিও বৰ্তমানলৈকে ১৪ মাহ নিৰ্মাণ কাৰ্য অতিক্ৰম কৰা পথটোৰ নিৰ্মাণৰ কাম ৫০ শতাংশও সম্পূৰ্ণ হোৱা নাই।

তদুপৰি পথটোত ছেণ্ড গ্ৰেভেল ছটিয়াই ৰোলিং নকৰাৰ লগতে পথৰ ওপৰত বালিৰ পৰিৱৰ্তে পথাৰৰ মাটি দিয়াত এজাক বৰষুণতে পথটো যাতায়াতৰ অনুপযোগী হৈ পৰে।