পাটনাঃ এক আচহুৱা বাতৰিয়ে সকলোৰে দৃষ্টি আৰ্কষণ কৰিছে। সুৰেন্দ্ৰ প্ৰসাদ সিনহা এজন তান্ত্ৰিক৷ বিহাৰৰ বেগুচৰাই নামৰ অঞ্চলটোৰ এই তান্ত্ৰিকজনে মা-কামাখ্যাৰ সন্তুষ্টিৰ বাবে নিজ পুত্ৰক নৰবলিৰে দেৱীৰ চৰণত উৎসৰ্গা কৰিব বিচাৰিছে৷

ভাৰতীয় আইন নতে নিষিদ্ধ এই নৰবলিৰ বাবে লোকজনে যোৱা ২৯ জানুৱাৰীত বেগুচৰাইৰ মহকুমাধিপতিৰ ওচৰত অনুমতি বিচাৰিছে৷

মহকুমাধিপতিলৈ প্ৰেৰণ কৰা পত্ৰখনৰ স্ক্ৰীনশ্বট ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে যদিও মহকুমাধিপতি সঞ্জীৱ কুমাৰ চৌধুৰীয়ে তেনে কোনো পত্ৰ তেওঁ লাভ কৰা নাই বুলি প্ৰকাশ কৰিছে৷ তেওঁ লগতে কয় যে এইটো এটা অতি গুৰুত্বপূৰ্ণ বিষয়৷ নৰবলি বে-আইনী৷ জিলা প্ৰশাসনে পত্ৰখন আৰু পত্ৰ লেখক সিনহা নামৰ তান্ত্ৰিক গৰাকীক বিচাৰি অভিযান আৰম্ভ কৰিছে বুলিও তেওঁ জানিবলৈ দিছে৷ 

ছ’চাইটি ৰেজিষ্ট্ৰেচন এক্টৰ অধীনত পঞ্জীয়নভুক্ত ‘বিন্দু মা মানৱ কল্যাণ সংস্থা’ নামৰ অখ্যাত সংগঠনটোৰ লেটাৰহেডত তান্ত্ৰিক সিনহাই এই পত্ৰ প্ৰেৰণ কৰিছিল৷ 

স্থানীয় সাংবাদিকৰ সৈতে এই সন্দৰ্ভত সিনহাই কথা পতা এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে৷  

ভিডিঅ’টোত লোকজনে কোৱা দেখা গৈছে, ‘‘নৰবলি কোনো অপৰাধ নহয়৷ মা-কামাখ্যাই মোক এনে কৰিবলৈ নিৰ্দেশ দিছে৷ আৰু মই প্ৰথমে মোৰ অভিযন্তা পুত্ৰক বলি দিম৷ মোৰ পুত্ৰ ৰাৱণ সদৃশ আৰু সি মোক মন্দিৰত দান দিয়াত বাধা দিছে৷’’

ইফালে গাঁওবাসীয়ে প্ৰকাশ কৰাৰ মতে, মানুহজন অহৌবলিয়া আৰু তেওঁ প্ৰচাৰ পাবৰ বাবেই অদ্ভুত কাণ্ড কিছুমান কৰি থাকে৷