নাৰায়ণপুৰঃ এগৰাকী শিল্পী। যাৰ হাতৰ পৰশত প্ৰাণ পাই উঠে জীৱন্ত ছবি। শিল্পীগৰাকী  নাৰায়ণপুৰ শিমলুগুৰিৰ জ্যোতি বুঢ়াগোহাঁই । শিল্প কৰ্মৰ জৰিয়তেই নিজে স্বনিৰ্ভৰশীল হোৱাৰ লগতে ৰাইজকো দেখুৱাইছে স্বাৱলম্বী হোৱাৰ পথ। সৰুৰে পৰা ছবি আঁকি ভাল পোৱা শিল্পীজনে চাৰু কাৰু কলাৰ ক্ষেত্ৰত লৈছে এক ব্যত্তিক্ৰমী প্ৰচেষ্টা।

কেনভাছ কাগজৰ বাহিৰেও পেলনীয়া সা-সামগ্ৰীৰে কিদৰে ফুলদানিৰ লগতে শিশুৰ খেলাৰ সামগ্ৰী প্ৰস্তুত কৰাৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰাৰ লগতে কেনেদৰে পেলনীয়া সামগ্ৰীবোৰ ব্যৱহাৰৰ উপযোগী কৰিব পাৰি তাৰ এক বিনামূলীয়া প্ৰশিক্ষণ প্ৰদান কৰি আহিছে শিল্পীগৰাকীয়ে। মহিলাসকলক ঘৰতে বহি স্বাৱলম্বী হ'ব পৰাকৈ কাপোৰত ফেব্ৰিক কৰি কি দৰে সৌন্দৰ্য্য বঢ়াই বজাৰত বিক্ৰী কৰি লাভৱান হব পাৰে তাৰো এক চেষ্টা চলাই আহিছে এইগৰাকী শিল্পীয়ে।

শিল্পীজনৰ এনে নিদৰ্শনে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াৰ লগতে মহিলাসকলক দেখুৱাইছে স্বাৱলম্বীৰ পথ। বাঁহৰ চুঙাত ভিন্ন সুন্দৰ সুন্দৰ ছবিৰ প্ৰান দি প্ৰস্তুত কৰিছে ফুলদানি। যাক কোৱা হয় বেম্বো আৰ্ট আৰু ইয়াক উত্তৰ পূৰ্বাঞ্চলৰ লগতে ভাৰতৰ বিভিন্ন ঠাইলৈ বিক্ৰীৰ বাবে প্ৰেৰণ কৰা হয়।

চৰকাৰী ভাৱে কোনো সাহায্য নোলোৱাকৈ তেওঁৰ ছবি, ফুলদানি, ফেব্ৰিক কৰা কাপোৰ বিক্ৰীৰ সামান্য টকাৰেই বিনামূলীয়াকৈ বিভিন্ন স্থানত চাৰু কলাৰ প্ৰশিক্ষণ আগবঢ়াই গৌৰৱ অনুভৱ কৰে শিল্পী জনে। ভৱিষ্যতে নাৰায়ণপুৰ অঞ্চলটোত শিল্প-কলাৰ এক বৃহৎ উদ্যোগ প্ৰতিষ্ঠাৰ বাবে চেষ্টা চলাই আহিছে শিল্পী গৰাকীয়ে ।