newsnextone.com | ডিজিটেল ডেস্কঃ পশ্চিম বংগৰ মেদিনাপুৰত এখন কৃষক জন কল্যাণ সভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয় ভাষণ প্ৰদান কৰি থকা অৱস্থাতে ৰভা ভাঙি প্ৰায় ২২ গৰাকী লোক গুৰুতৰ ভাৱে আহত হয়৷

সোমবাৰে মেদিনাপুৰ চহৰৰ কলেজ ময়দানত অনুষ্ঠিত হৈছিল সভা৷ কেইবাহাজাৰ লোক সমবেত হৈছিল সভাত৷ পুৱাই মোডীয়ে উপস্থিত হৈছিল পশ্চিম বংগত৷  

তাৰ পিছতে মেদিনাপুৰত উপস্থিত হৈ সভাত ভাষণ প্ৰদান কৰি থকাৰ সময়তে মূল মঞ্চৰ সৈতে সংলগ্ন কৰা এখন ৰভা খহি পৰে৷ ফলত প্ৰায় ২২ গৰাকী লোক আহত হয়৷ মৃত্যুৰো আশংকা কৰা হৈছে৷ আহতসকলৰ মাজত বেছিভাগেই মহিলা৷ ততাতৈয়াকৈ মেদিনাপুৰ মেডিকেল কলেজত ভৰ্তি কৰা হয় আহত লোকসকলক৷ তাৰ পিছতোঁ মোডীয়ে ভাষণ প্ৰদান কৰে৷ মোডীৰ ভাষণ সমাপ্ত হোৱাৰ অন্তত চিকিৎসালয়লৈ গৈ আহতৰ স্বাস্থ্যৰ বুজ লয়৷