কোকৰাঝাৰঃ পৰাধীনতাৰ শিকলি ছিঙি দেশৰ স্বাধীনতা অানিবলৈ প্ৰাণ অাহুতি দিয়া, কৃষক বিদ্ৰোহত প্ৰাণ আহুতি দিয়া তথা ঐতিহাসিক বিদেশী বহিষ্কাৰ অান্দোলনত প্ৰাণ অাহুতি দিয়া অসমৰ নাথ-যোগীসকল নিজৰ সাংবিধানিক অধিকাৰ অাৰু অাত্মপ্ৰতিষ্ঠা অধিকাৰৰ বাবে পুণৰাই প্ৰাণ অাহুতি দিবলৈ সাজু হৈছে।

যি কৃষক বিদ্ৰোহত ২৪ গৰাকী , অসম অান্দোলনত ১৪০ গৰাকী আৰু স্বাধীনতা আন্দোলনত ৫ গৰাকী নাথ-যোগীৰ লোক ছহীদ হৈছিল  সেই নাথ-যোগীসকলেই অাজি আটাইতকৈ অৱহেলিত , বঞ্চিত অাৰু শোষিত। এই মন্তব্য প্ৰকাশ কৰিছে অসম প্ৰাদেশিক নাথ যোগী সন্মিলনীৰ সাধাৰণ সম্পাদক ধীৰেন নাাথে।

কোকৰাঝাৰ জিলাৰ ভূটীয়াপাৰাস্থিত ড° ভূপেন হাজৰিকা মঞ্চত অাজি কোকৰাঝাৰ উত্তৰখণ্ড আঞ্চলিক নাথ যোগী সন্মিলনীৰ নৱনিৰ্বাচিত সমিতিৰ শপত গ্ৰহন অনুষ্ঠান উপলক্ষে অনুষ্ঠিত হোৱা মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহন কৰি ধীৰেন নাথে উক্ত মন্তব্য প্ৰকাশ কৰে। তেওঁ কোনোবা জনগোষ্ঠী অাগবাঢ়ি যাওঁতে অান জনগোষ্ঠী পিছপৰি যোৱাৰ নীতিৰ বিৰোধিতা কৰি নাথ-যোগী সকল সকলোৰে সৈতে ভাতৃত্ববোধেৰে জীয়াই থাকিব বিচাৰে যদিও চৰকাৰে জনগোষ্ঠীটোক অৱহেলা কৰাৰ গুৰুতৰ অভিযোগ কৰে।

নিজৰ প্ৰাপ্য অধিকাৰ, সাংবিধানিক অধিকাৰৰ যুঁজত পুনৰাই প্ৰাণাহুতি দিবলৈ নাথ-যোগী সাজু বুলি মন্তব্য কৰি হিন্দু বাংলাদেশী আনিক বিচৰা কাৰ্যক সমালোচনা কৰে। খিলঞ্জীয়া মানুহৰ ভেটি মাটি হেৰুওৱাৰ উপক্ৰম হোৱাৰ সময়তে চৰকাৰে হিন্দু বাংলাদেশী অানিব বিচৰা কাৰ্যক সমালোচনা কৰি ধীৰেন নাথে  বিভিন্ন চৰকাৰী নীতিৰ দোহাই দি এঘৰো নাথ যোগীক চৰকাৰে উচ্ছেদ কৰিলে পৰিস্থিতি ভয়াৱহ হৈ পৰিব বুলি সকীয়াই দিয়ে।

অাজি ভূটীয়াপাৰাস্থিত ড° ভূপেন হাজৰিকা মঞ্চত আঞ্চলিক সমিতিৰ নৱনিৰ্বাচিত সভাপতি বিষ্টুৰাম নাথৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত অসম প্ৰাদেশিক যোগী সন্মিলনীৰ উপসভাপতি ভূমিধৰ নাথ , বিটিএডি নাথ যোগী সন্মিলনীৰ সম্পাদক ধনঞ্জয় নাথ, বিটিএডি নাথ যোগী ছাত্ৰ সন্থাৰ সম্পাদক অৰবিন্দ নাথকে ধৰি কেবাগৰাকী বিশিষ্ট ব্যাক্তিৰ লগতে কেবা শতাধিক ৰাইজ উপস্থিত থাকে।