কোকৰাঝাৰঃ অসমৰ অন্যতম প্ৰাচীন আৰু শান্তিপ্ৰিয় জনগোষ্ঠী নাথ-যোগীসকলক চৰকাৰে কৰা বঞ্চনা অাৰু অৱহেলাৰ বাবেই অাাজি নাথ-যোগীৰ মাজত বিদ্ৰোহৰ উকমুকনি হৈছে। দীৰ্ঘদিন শোষণ বঞ্চনাৰ পৰিণতিত নাথ যোগীসকল অাজি ৰাজপথলৈ ওলাই অাহিছে অাৰু প্ৰাপ্ত অধিকাৰৰ বাবে অাৰম্ভ হোৱা এই অান্দোলন অনাগত সময়ছোৱাত অধিক ব্যাপকতাৰে ভয়াৱহ গণ অান্দোলনলৈ ৰপান্তৰিত কৰাৰ বাবে নাথ-যোগী সন্মিলনী বদ্ধপৰিকৰ। এই মন্তব্য প্ৰকাশ কৰিছে বিটিএডি নাথ যোগী সন্মিলনীৰ সম্পাদক ধনঞ্জয় নাথে।

♦ জনজাতিকৰণ আৰু উপগ্ৰহীয় স্বায়ত্বশাসনৰ দাবীত জোৰদাৰ হ'ব অান্দোলন ♦ চৰকাৰে শান্তিপ্ৰিয় আন্দোলনৰ পৰিভাষা নুবুজেঃ নাথ যোগী সন্মিলনী

কোকৰাঝাৰ জিলাৰ ভূটীয়াপাৰাত অনুষ্ঠিত হোৱা উত্তৰখণ্ড নাথ যোগী সন্মিলনীৰ ৩৫তম দ্বিবাৰ্ষিক অধিবেশনৰ অাজি অন্তিমদিনৰ কাৰ্যসূচীৰ মুকলি সভাত অংশগ্ৰহন কৰি বিটিএডি নাথ যোগী সন্মিলনীৰ সম্পাদক ধনঞ্জয় নাথে উক্ত মন্তব্য প্ৰকাশ কৰি কয় যে যুগ যুগ ধৰি বঞ্চনা-লাঞ্চনা-অৱহেলাৰে জীয়াই থকা ৰাজ্যৰ নাথ-যোগীসকল এতিয়া অাত্মঅধিকাৰ, সাংবিধানিক অাৰু ৰাজনৈতিক অধিকাৰ অাাত্মপ্ৰতিষ্ঠা কৰিবলৈ সাজু হৈছে । ইতিমধ্যে নাথ-যোগীসকল জনজাতিকৰণ আৰু উপগ্ৰহীয় স্বায়ত্বশাসনৰ দাবীত অান্দোলন অাৰম্ভ কৰিছে অাৰু দিল্লী - দিচপুৰত ধৰ্ণা সমদলৰ দৰে কেবালানি কাৰ্যসূচী গ্ৰহন কৰা সত্বেও চৰকাৰে কোনোধৰণৰ ধনাত্মক পদক্ষেপ গ্ৰহণ নকৰাত অান্দোলন অধিক জোৰদাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

চৰকাৰে প্ৰকৃততে জন-জীৱন স্থবিৰ কৰি দিয়া অান্দোলনৰ পৰিভাষাক হে বুজি পায় , শান্তিপ্ৰিয় আন্দোলনৰ পৰিভাষা নুবুজে বুলি মন্তব্যৰে বিটিএডি নাথ যোগী সন্মিলনীৰ সম্পাদক ধনঞ্জয় নাথে এনঅাৰচিৰ ক্ষেত্ৰত নাথ যোগীসকল প্ৰাচীন জনগোষ্ঠী হোৱা সত্বেও ও ওৱাই কেটেগৰীত নাথ যোগীক অন্তৰ্ভূক্ত নকৰাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰে।

চৰকাৰে গঠন কৰা খিলঞ্জীয়া ভূমি অধিকাৰ সমিতি গঠনক অাদৰণি জনাই নাথে দীৰ্ঘদিনৰ পৰা খাচ লেণ্ডত বসৱাস কৰা খিলঞ্জীয়া সকলক উচ্ছেদ কৰাৰ সলনি ভূমি পট্টা দিবলৈ চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছে। ট্ৰাইবেল বেল্ট আৰু ব্লকত বসৱাস কৰা লোকসকলক ভূমি জৰীপৰ পিছত উচ্ছেদ কৰা হব নেকি সেই সন্দৰ্ভত চৰকাৰৰ স্থিতি স্পষ্ট কৰিবলৈ আহ্বান জনাই ধনঞ্জয় নাথে সংৰক্ষিত শ্ৰেণীৰ তালিকা ৰাজহুৱা কৰিবলৈ আহ্বান জনাইছে।

উত্তৰখণ্ড নাথ-যোগী আঞ্চলিকৰ মুকলি অধিবেশনত অসম প্ৰাদেশিক যোগী সন্মিলনীৰ উপ সভাপতি ভূমিধৰ নাথে নিজ ভাষণ প্ৰসংগত জনজাতিকৰণ অাৰু উপগ্ৰহীয় স্বায়ত্বশাসিত পৰিষদৰ দাবীত জোৰদাৰ অান্দোলনৰ পোষকতা কৰে। ঐক্যবদ্ধতাইহে শক্তি অানে  বুলি মন্তব্য প্ৰকাশেৰে ভূমিধৰ নাথে নাথ-যোগীসকল ঐক্যবদ্ধ হৈ আন্দোলন অাগুৱাই নিয়াৰ পোষকতা কৰে।

গোলক চন্দ্ৰ নাথৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত বিটিএডি নাথ যোগী ছাত্ৰ সন্থাৰ সভাপতি অৰবিন্দ নাথ, অসম প্ৰাদেশিক যোগী সন্মিলনীৰ সহ সম্পাদক চিৰাজ নাথ, বিটিএডি নাথ যোগী সন্মিলনীৰ সাংগঠনিক সম্পাদক মিত্ৰমোহন নাথ, জিলা যুৱ সন্মিলনীৰ সভাপতি সনজিৎ নাথ, সম্পাদক জগত নাথ, জিলা মহিলা সন্মিলনীৰ সভানেত্ৰী সূচিত্ৰা নাথ, সম্পাদিকা নন্দিনী নাথ প্ৰমুখ্যে কেবগৰাকী বিশিষ্ট অতিথিয়ে অংশগ্ৰহণ কৰি ভাষণ প্ৰদান কৰে।

জিলা যুৱ সন্মিলনীৰ সভাপতি সনজিৎ নাথে উদ্বোধনী ভাষণ দিয়াৰ পিছতেই ত্ৰিশূল নামৰ পত্ৰিকাও এখন অানুষ্ঠানিকভাৱে মুকলি কৰে প্ৰাদেশিক যোগী সন্মিলনীৰ উপ-সভাপতি ভূমিধৰ নাথে। 

উল্লেখ্য যে মুকলি সভাৰ পূৰ্বে কাৰ্যসূচী অনুসৰি ৰাতিপুৱা এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। সাংস্কৃতিক শোভাযাত্ৰাই বালাজান তিনালী, চিঅাইটি, বালাগাঁও হৈ পুনৰাই ভূটীয়াপাৰা খেলপথাৰত হাজিৰ হৈ নাথ-যোগীৰ বিভিন্ন কলা কৃষ্টি প্ৰদৰ্শন কৰে। ইপিনে কালি নিশা অনুষ্ঠিত হোৱা প্ৰতিনিধি সভাত অাগন্তুক কাৰ্যকালৰ বাবে বিষ্টুৰাম নাথক সভাপতি অাৰু বকুল নাথক সম্পাদক হিচাপে লৈ এখন ২৯ জনীয়া শক্তিশালী কমিটি গঠন কৰা হয়।