ডিজিটেল ডেস্কঃ মাওবাদী উগ্ৰপন্থীক প্ৰতিহত কৰাৰ বাবে মহাৰাষ্ট্ৰত মোতায়েন কৰা মহাৰাষ্ট্ৰ আৰক্ষীৰ চি-৬০ নামৰ বিশেষ পল্টনটো আজি সন্ত্ৰাসবাদীৰ লেণ্ডমাইনৰ আক্ৰমণৰ সমুখীন হয়। মাইন প্ৰতিহত কৰিবপৰা চি-৬০ৰ অস্ত্ৰ-শস্ত্ৰৰে সুসজ্জিত বিশেষ বাহনখনক লক্ষ্য কৰি বুধবাৰে নিশা ৰাজ্যখনৰ গড়চিৰোলী জিলাত হোৱা এই আক্ৰমণ মাওবাদী উগ্ৰপন্থীয়ে কৰা বুলি সন্দেহ কৰা হৈছে। 

এএনআইত প্ৰকাশ পোৱামতে ১২ জন আৰক্ষী গুৰুতৰভাৱে আহত হয় আৰু তাৰে এজনৰ মৃত্যু হোৱা বুলি জানিবপৰা গৈছে। পল্টনটোৰ বিষয়ে অধিক তথ্য আহৰণৰ চেষ্টা চলাই থকা হৈছে বুলি আৰক্ষীৰ জেষ্ঠ বিষয়া এজনে ব্যক্ত কৰিছে।

উল্লেখ্য যে বুধবাৰৰ দিনটোতে পুৱাৰ সময়ত চিআৰপিএফ জোৱান আৰু মহাৰাষ্ট্ৰ আৰক্ষীৰ সৈতে মাওবাদীৰ গুলিয়াগুলিত দুজন জোৱান আহত হৈছিল। তাৎপৰ্যৰ কথা যে ২৪ এপ্ৰিলত ছত্তিশগড়ৰ সুকমা জিলাত হোৱা মাওবাদী আক্ৰমণত ২৪ জন চিআৰপিএফ জোৱানৰ মৃত্যু ঘটাৰ লগতে ৬ জন আহত হৈছিল।

তাৰ পিছতে মাওবাদীৰ প্ৰতি কঠোৰ হোৱা বাবে প্ৰতিৰক্ষা মন্ত্ৰী অৰুণ জেটলীকে ধৰি কেন্দ্ৰীয় চৰকাৰৰ শীৰ্ষ মন্ত্ৰী-বিষয়াই সংবাদমাধ্যমৰ আগত দোহাৰিছিল যদিও বাস্তবিকতে এক বিপৰীত দৃশ্যহে সম্প্ৰতি দেখিবলৈ পোৱা গৈছে।