বিশ্বনাথঃ এনডিএফবিৰ বিৰুদ্ধে বিশ্বনাথত চিআৰপিএফৰ সহযোগত চলোৱা অভিযানত পুনৰবাৰ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে বিশ্বনাথ আৰক্ষী। এইবাৰ এনডিএফবিৰ নিষিদ্ধঘোষিত সংবিজিত গোটটোৰ এজন দূধৰ্ষ কেডাৰক কৰায়ত্ব কৰিছে আৰক্ষীয়ে। গোপন সূত্ৰৰ পম খেদি চলোৱা এই অভিযানত আটক হোৱা কেডাৰজন হৈছে সান্থালা নাৰ্জাৰী।

উল্লেখ্য যে বিশ্বনাথ জিলাৰ অসম-অৰুণাচল সীমান্তত আজি ভালেকেইদিন ধৰি আৰক্ষীয়ে অভিযান চলাই আহিছে। ১ মাৰ্চত পহুখোৱা অঞ্চলত আৰক্ষীৰ সৈতে এনডিএফবিৰে হোৱা মুখা-মুখি সংঘৰ্ষত দুজন এনডিএফবি কেডাৰ পলাই যাবলৈ সক্ষম হৈছিল যদিও বিনয় বসুমতাৰী নামৰ এজন সদস্য ধৰা পৰিছিল। কেডাৰজনৰপৰা আৰক্ষীয়ে পিস্তল, ম’বাইল আৰু চিম কাৰ্ড জব্দ কৰিছিল আৰক্ষীয়ে। এইসূত্ৰেই পলাতক সদস্যকেইজনৰ সন্ধানত অভিযান অব্যাহত ৰাখিছিল আৰক্ষীয়ে।