Printer-friendly version

কোকৰাঝাৰঃ 'কা’ বিৰোধী আন্দোলনক লৈ চৌদিশ উত্তাল হৈ থকা সময়তে বিটিএডি তথা সমগ্ৰ অসমলৈ আহিছে এটি আশাব্যঞ্জক খবৰ। এই খবৰে এতিয়া হাঁহি কঢ়িয়াই আনিছে শতাধিক পৰিয়ালৰ মাজলৈ।

নতুন বছৰৰ আৰম্ভণিতে অহা এই ভাল খবৰটো হৈছে দীঘলীয়া অপেক্ষাৰ অন্ত পেলাই মূলসুঁতিলৈ উভতিছে বড়ো বিদ্ৰোহী সংগঠন এনডিএফবিৰ চৌৰাইগৌৰা গোটে। চৰকাৰী সূত্ৰই সদৰী কৰা অনুযায়ী সংগঠনটোৰ চৌৰাইগৌৰা গোটটোৰ অৰ্ধশতাধিক সদস্যই ইতিমধ্যে চুবুৰীয়া ৰাষ্ট্ৰৰ ঘন অৰণ্য ত্যাগ কৰি প্ৰৱেশ কৰিছে ভাৰতত। 

বিপিএফ নেত্ৰী তথা ৰাজ্য চৰকাৰৰ মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই দেওবাৰে এই সন্দৰ্ভত সংবাদ মাধ্যমক জনাই যে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে শান্তিৰ হকে গ্ৰহণ কৰা বিশেষ পদক্ষেপ অনুযায়ী এয়া সম্ভৱ হৈ উঠিছে। 'আমি শান্তি আলোচনাত বহিবলৈ আগ্ৰহ প্ৰকাশ কৰা বিদ্ৰোহী গোটটোৰ সদস্যসকলক আদৰণই জনাইছো। তেওঁলোকৰ পিতৃ-মাতৃ তথা পৰিয়ালৰ লোকসকলৰ বাবে এই খবৰে কিমান সুখ আৰু হাঁহি কঢ়িয়াই আনিছে সেয়া ভাষাৰেও প্ৰকাশ কৰিব পৰা নাযায়।’-এইদৰে কয় মন্ত্ৰী ব্ৰহ্মই।

মন্ত্ৰী ব্ৰহ্মই মূলসুঁতিলৈ ঘূৰি অহা বিদ্ৰোহী সদস্যসকলক বিটিচিৰ উন্নয়নৰ বাবে কাম কৰিবলৈ আহ্বান জনাই কয় যে সকলো বড়ো সন্তান এক হোৱাৰ এয়াই উপযুক্ত সময়। চৰাইগৌৰা গোটটোৱে গ্ৰহণ কৰা এই সিদ্ধান্তই সমগ্ৰ বিটিএডি তথা বড়ো জাতিটোলৈ ইতিবাচক ফলাফল কঢ়িয়াই আনিব বুলিও আশা প্ৰকাশ কৰে মন্ত্ৰী ব্ৰহ্মই।

উল্লেখ্য যে, ভাৰত চৰকাৰৰ নিৰ্দেশ অনুযায়ী বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে গোপনে যোগাযোগ কৰিছিল এনডিএফবিৰ কেবাজনো বিদ্ৰোহী নেতাৰ সৈতে। এই যোগাযোগৰ ফলস্বৰূপে চৰাইগৌৰা গোটটোৱে শান্তিৰ মেজলৈ আহিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে বুলি জানিব পৰা গৈছে।

বাক্সাৰ বৰমাত আজি আত্মসমৰ্পনকাৰী এনডিএফবিৰ সৈতে হোৱা এক বৈঠকত বিটিচি প্ৰধানগৰাকীয়ে ঘোষণা কৰে যে শীঘ্ৰেই বিদ্ৰোহী নেতাসকলৰ উপস্থিতিত অঞ্চলটোৰ ভৱিষ্যত সম্পৰ্কে এলানি আলোচনা অনুষ্ঠিত হ’ব। উক্ত আলোচনাৰ অন্ততে এনডিএফবিৰ সৈতে নতুন চুক্তি স্বাক্ষৰ কৰা হ’ব বুলিও জনাই মহিলাৰীয়ে।

পিপলছ জইণ্ট একশ্যন কমিটি ফৰ বড়োলেণ্ড মোভমেণ্ট (পিজেএচিবিএম) নামৰ সংগঠনটোৱে দেওবাৰে এক বিবৃতিত জনোৱা মতে এই নতুন চুক্তিখন পৰিগণিত হ’ব তৃতীয়খন বড়ো চুক্তি হিচাপে। উক্ত চুক্তি অনুযায়ী বিটিএডি অঞ্চলৰ পৰিসৰ বৃদ্ধি হোৱাৰ লগতে পূৰ্বতকৈ অধিক পৰিমাণে প্ৰশাসনিক ক্ষমতাও লাভ কৰিব পাৰে বিটিচি প্ৰশাসনে। গোপন যোগাযোগত হোৱা এইধৰণৰ একাধিক ভিতৰুৱা প্ৰতিশ্ৰুতি আৰু আলোচনাৰ অন্ততে সংগঠনটোৰ উক্ত বিদ্ৰোহী গোটটোৱে মূল সুুঁতিলৈ উভতিছে বুলি মন্তব্য কৰিছে ৰাজনৈতিক মহলে।

আজিৰ সভাখনত হাগ্ৰামা মহিলাৰীয়ে উক্ত নতুন চুক্তিত বি চৌৰাইগৌৰা, বি বিদায়কে আদি কৰি এনডিএফবিৰ সকলো নেতাই স্বাক্ষৰ কৰিব বুলিও সদৰী কৰে। 'কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ পোৱাৰ পাচতে এন ডি এফ বিৰ এই গোটৰ লগত যোগাযোগ কৰি শান্তি আলোচনাৰ মেজলৈ অনাটো সম্ভৱ হৈছে৷ এতিয়া আলোচনাপন্থী এন ডি এফ বিৰ সভাপতি ধীৰেন বড়োৰ নেতৃত্বত গোবিন্দ বসুমতাৰী, ৰঞ্জন দৈমাৰী, বি, চৌৰাইগৌৰা, বি বিদাইকে ধৰি সকলোৱে নতুন চুক্তিত স্বাক্ষৰ কৰিব।’-হাগ্ৰামাৰ মন্তব্য।

আনহাতে, আজিৰ অনুষ্ঠানতে বিটিচি প্ৰধানগৰাকীয়ে বিটিচিত থকা আলফাৰ ছহিদ পৰিয়ালসমূহক বিপিএফৰ তৰফৰ পৰা অহা ১০ ফেব্ৰুৱাৰীত আনুষ্ঠানিকভাবে নগদ একলাখ টকাকৈ সাহায্য প্ৰদানৰ কথাও ঘোষণা কৰে৷ 'ছহিদ পৰিয়ালৰ প্ৰতি আমাৰ দায়িত্ব আছে। সেই দায়িত্ব পালন কৰিবলৈ আমি দায়ৱদ্ধ।’-আৰ্থিক সাহায্য প্ৰদানৰ কথা সদৰী কৰি হাগ্ৰামাই কয়।

উল্লেখ্য যে বিটিচি নিৰ্বাচনৰ দিন যিমানেই চমু চাপিছে সিমানেই ভিতৰি ভিতৰি সমগ্ৰ বিটিএডিত বিপিএফ দলে তুংগত কৰি তুলিছে প্ৰচাৰ অভিযান। পুনৰ শাসনত অধিষ্ঠিত হোৱাৰ লক্ষ্যৰে নতুন নতুন চমকেৰে শাসকীয় দলটোৱে আৰম্ভ কৰিছে নিৰ্বাচনী কুচকাৱাজ। ইয়াৰ মাজতে এনডিএফবিৰ উক্ত বিদ্ৰোহী গোটটো আলোচনাৰ বাবে মান্তি হোৱাটোৱে সমগ্ৰ অঞ্চলটোলৈ কঢ়িয়াই আনিছে একপ্ৰকাৰৰ ইতিবাচক বাৰ্তা।