নতুন দিল্লীঃ অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলত দিল্লীয়ে মাহী আইৰ চকুৰে চায় বুলি উত্থাপিত অভিযোগ সময়ৰ লগে লগে কাৰ্যতঃ প্ৰশমিত হ’বলৈ যেন আৰম্ভ হৈছে৷ 

দিল্লীৰ বঞ্চনাৰ বিৰুদ্ধে উমি উমি জ্বলা ক্ষোভৰ পৰাই ওলাই আহিছিল স্ফূলিং সদৃশ আলফা৷ নিষিদ্ধ সংগঠনটোৰ কাৰ্যকলাপে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ পাছত কেন্দ্ৰই ইয়াৰ নীতি সলনি কৰিবলৈ বাধ্য হৈছিল৷ এই নীতিৰ আধাৰাতে বিগত তৰুণ গগৈৰ ১৫ বছৰীয়া কাৰ্যকালত কংগ্ৰেছ চৰকাৰে জাতীয়তাবাদী চিন্তা-ধাৰাৰে আগবঢ়াত আলফা সমস্যা কিছু পৰিমাণে নিয়ন্ত্ৰিত কৰিব পাৰিছিল৷

বিগত কংগ্ৰেছ চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলত গুৰুত্ব প্ৰদান কৰা নীতি বৰ্তমানৰ বি জে পি চৰকাৰেও অব্যাহত ৰাখা দোখৈ গৈছে৷ 

পূৰ্বৰ ইউ পি এছ চৰকাৰে প্ৰৱৰ্তন কৰা ‘লুক ইষ্ট’ নীতিকে নৰেন্দ্ৰ মোডী চৰকাৰে ‘এক্ট ইষ্ট’ নামাকৰণেৰে অব্যাহত ৰাখিছে উত্তৰ-পূবৰ উন্নয়নৰ ধাৰা৷

শুকুৰবাৰে সংসদত উত্থাপন কৰা অন্তৰ্ৱতীকালীন বাজেটত বিত্ত মন্ত্ৰী পিয়ুষ গোৱেলে উত্তৰ-পূবলৈ ২০১৯-২০ বৰ্ষৰ বাবে আৱন্টিত ধনৰ পৰিমাণ ২১ শতাংশ বৃদ্ধি কৰিছে৷ এই ধনৰ পৰিমাণ ৫৮,১৬৬ কোটি টকা৷ 

আন্তঃগাঁথনিৰ উন্নয়নৰ বাবে এই ধন আৱন্টনৰ প্ৰস্তাৱৰ পাছতে গোৱেলে কয় যে শেহতীয়াকৈ অৰুণাচল প্ৰদেশ দেশৰ বিমান পৰিবহণৰ মানচিত্ৰত সংযোজিত হ’ল৷ একেদৰে মেঘালয়, ত্ৰিপুৰা আৰু মিজোৰাম ৰে’লৰ মানচিত্ৰত প্ৰথমবাৰৰ বাবে সংযোজিত হৈছে৷

তেওঁ লগতে কয় যে ব্ৰহ্মপুত্ৰৰ জল পৰিবহণ ক্ষমতা বৃদ্ধি কৰি উত্তৰ-পূৰ্বাঞ্চলত মালবাহী জাহাজ চলাচল সুগম কৰি তোলা হ’ব৷

দশক ধৰি স্থবিৰ হৈ পৰা বগীবিলৰ নিৰ্মাণ কাৰ্য তৰান্বিত কৰি দলংখন ৰাইজৰ সেৱাত উচৰ্গিত কৰাৰ পাছত অসম আৰু অৰুণাচল প্ৰদেশৰ যোগাযোগ ব্যৱস্থাত আমূল পৰিৱৰ্তন সাধন হ’ল৷ 

চিকিমৰ পাকয়ং বিমান বন্দৰ মুকলিৰ পাছত দেশৰ কাৰ্যক্ষম বিমান বন্দৰৰ সংখ্যা এশটালৈ বৃদ্ধি পালে৷ 

উত্তৰ-পূৰ্বাঞ্চললৈ প্ৰস্তাৱিত আৱন্টনৰ ধনৰ ৰাশিৰ ৫৮০ কোটি টকা উত্তৰ-পূব পৰিষদৰ বিভিন্ন আঁচনি ব্যয় কৰা হ’ব৷ উত্তৰ-পূব আৰু চিকিমৰ বাবে চেন্ট্ৰেল পুল অৱ ৰিছৰ্চেছৰ অধীনত ৯৩১ কোটি টকা, ৰাজসাহাৰ্যৰ বাবদ ৬৭৪ কোটি টকা আৰু জি এছ টিৰ বাবদ এহেজাৰ সাতশ কোটি টকা উত্তৰ-পূবক দিয়াৰ প্ৰস্তাৱ কৰা হৈছে বুলি কয় বিত্ত মন্ত্ৰীজনে৷