নগাঁওঃ সমগ্ৰ দেশ তথা আমাৰ ৰাজ্য অসমৰ ৰাইজে মঙলবাৰে জাতিৰ পিতা মহাত্মা গান্ধীক স্মৰণ কৰে৷ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, চৰকাৰে বিভিন্ন কাৰ্যসূচীৰে পালন কৰে মৃত্যু তিথি৷ তাৰ মাজতে গান্ধীক অপমান কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে চৰকাৰৰ বিৰুদ্ধে৷ এক দীঘলীয়া আন্দোলনৰ পৰিসমাপ্তিৰে ইংৰাজৰ হাতৰ পৰা দেশ স্বাধীন কৰা জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি স্থাপন কৰাৰ কথা ঘোষণা কৰি কাৰ্যকৰী নকৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷

প্ৰতিবছৰে দুটা দিনত সমগ্ৰ দেশৰ জনতাই গভীৰ শ্ৰদ্ধাৰে সোঁৱৰণ কৰে৷ প্ৰত্যেক বৰ্ষৰ ৩০ জানুৱাৰীত মৃত্যু তিথি আৰু ২ অক্টোবৰত গান্ধী জয়ন্তী দেশবাসীয়ে বিভিন্ন কাৰ্যক্ৰমণিকাৰে পালন কৰি মহামানৱ গৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে৷

তদ্ৰুপ এইবাৰো সমগ্ৰ দেশৰ লগতে অসমটো তেওঁৰ মৃত্যু তিথি মঙলবাৰে উদযাপন কৰা হয়৷ সৰ্বস্তৰৰ জনতাই এই পবিত্ৰ দিনটোত বিগত বৰ্ষবোৰৰ দৰেই মহামানৱগৰাকীক গভীৰভাবে স্মৰণ কৰে৷

কিন্তু এইদৰে পালিত মৃত্যু তিথিৰ দিনটোতে পূৰ্বৰ দৰে এইবাৰো সচেতন লোকসকলৰ মাজত এক চৰকাৰী ঘোষণাৰ বিষয়ে পুনৰবাৰ চৰ্চা লাভ কৰিছে৷ প্ৰকাশ যে, বিগত ২০০৫ বৰ্ষৰ ২ অক্টোবৰত ৰাজভৱনত অনুষ্ঠিত গান্ধী জয়ন্তীত ৰাজ্য চৰকাৰে গান্ধীৰ প্ৰতি শ্ৰদ্ধা নিবেদি অসমৰ সকলো জিলাৰ উপায়ুক্ত, মহকুমাধিপতিৰ কাৰ্যালয় আৰু শিক্ষানুষ্ঠানবোৰৰ চৌহদত একোটাকৈ মহাত্মা গান্ধীৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তি স্থাপনৰ কথা ঘোষণা কৰিছিল৷

কিন্তু সেই ঘোষণাই ১২ বছৰ অতিক্ৰম কৰিলে যদিও সেই ঘোষণা ঘোষণাতেই সীমাবদ্ধ থাকিল৷ কাৰ্যকৰী নহ’ল সেই ঘোষণা৷ কাজেই, ৰাজ্যত ৰাজহুৱাভাবে ঘোষণা কৰা বহু ঘোষণা নানা কাৰণত সঠিককৈ কাৰ্যকৰী হোৱা দেখা নাযায় যদিও দেশবাসীক বহু কষ্টৰে স্বাধীনতাৰ সোৱাদ দিয়া মহাত্মা গান্ধীৰ সন্মানৰ প্ৰতি কৰা এনে এটি ঘোষণা এইদৰে বছৰ বছৰ অতিক্ৰম কৰাৰ পিছতো কাৰ্যকৰী নোহোৱাত জাতিৰ পিতাক মনে-প্ৰাণে ভাল পোৱা প্ৰতিজন ব্যক্তিৰ মাজত সম্প্ৰতি বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷

ৰাজ্যৰ অন্যান্য ঠাইৰ দৰে নগাঁও জিলাৰ সদৰত উপায়ুক্ত আৰু মহকুমাধিপতিৰ কাৰ্যালয়ৰ লগতে জিলাখনৰ বিদ্যালয় আৰু মহাবিদ্যালয়বোৰৰ চৌহদত আজিকোপতি স্থাপন কৰা দেখা নগ’ল মহাত্মা গান্ধীৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তি৷ সেয়েহে নগঞা একাংশ সচেতন নাগৰিকে এনেদৰে বছৰ বছৰ ধৰি চৰকাৰৰ এনে গুৰুত্বপূৰ্ণ ঘোষণা কৰি কাৰ্যকৰী নকৰাৰ বিষয়টোৱে মহাত্মা গান্ধীৰ প্ৰতি একপ্ৰকাৰে উপলুঙা কৰা বুলিহে মন্তব্য প্ৰকাশ কৰে৷ ইয়াৰ বিপৰীতে পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতিৰে শাসনৰ গাদীত বহা সৰ্বানন্দ সোণোৱাল চৰকাৰে এই ঘোষণাক কাৰ্যকৰী কৰি তোলাৰ আশা প্ৰকাশ কৰিছে সকলোৱে৷