ডিজিটেল ডেস্কঃ নিজ দেশত ধন লুটি বিদেশত পলায়ন কৰা লোকৰ বিৰুদ্ধে চৰকাৰে আনিছে নতুন আইন৷ দেশৰ বেংকৰ টকা লুটি বিজয় মালিয়া, নীৰৱ মোডীৰ দৰে লোকসকলে বিদেশলৈপলায়ন কৰাত চৰকাৰে সমালোচনাৰ সন্মুখীন হৈ অহাৰ সময়তে শনিবৰে কেবিনেট বৈঠকত নতুন সিদ্ধান্ত গ্ৰহণ কৰে৷  

বিজয় মালিয়া, নীৰৱ মোডী আদি অৰ্থনৈতিক অপৰাধীসকলৰ সা-সম্পত্তি বাজেয়াপ্ত কৰিব পৰাকৈ ফিউজিটিভ ইকনমিক অফেণ্ডাৰ্চ অর্ডিন্যান্স ২০১৮ৰ বিল চৰকাৰৰ অৰ্থনৈতিক মন্ত্ৰণালয়ে মঞ্জুৰ কৰিছে৷ ১০০ কৌটিতকৈ বেছি ঋণ পৰিশোধ কৰিবলগীয়া কোনো ব্যক্তিয়ে যদি দেশ এৰি পলায়ন কৰে, তেন্তে তাৰ সকলো সা-সম্পত্তি কেন্দ্ৰীয় অৰ্থ মন্ত্ৰণালয়ৰ অধীনস্থ সংস্থাসমূহে বাজেয়াপ্ত কৰিব পাৰিব৷ 

আনকি অপৰাধীৰ বিদেশতো সম্পত্তি থাকে, তেন্তে সেই দেশৰ লগত যোগাযোগ কৰি তেনে সম্পত্তিও বাজেয়াপ্ত কৰিব পৰাকৈ আইন প্ৰণয়ন কৰা হৈছে৷ সম্পত্তিসমূহ অৰ্থ মন্ত্ৰণালয়ৰ অধীনস্থ সংস্থাসমূহে নিলাম কৰিব পাৰিব৷

যদি অভিযুক্ত দোষী সাব্যস্ত নহয়, তেন্তে তেওঁক কোনো সম্পত্তি নিলাম কৰিব পৰা নাযাব বুলিও নতুন আইনত  প্ৰকাশ কৰা হৈছে৷

মোডী চৰকাৰে প্ৰণয়ন কৰা নতুন আইনখনৰ জৰিয়তে বহু হেৰুওৱা ধন ঘুৰাই পোৱা যাব বুলি আশা কৰা হৈছে৷