নগাঁওঃ নগাঁৱৰ সাংবাদিকসকলৰ বিভিন্ন সমস্যাৰ হৈ মাত মাতি অহা তথা নগাঁৱৰ সাংবাদিকসকলৰ উমৈহতীয়া মঞ্চ নগাঁও প্ৰেছ ক্লাবৰ দ্বি-বাৰ্ষিক অধিবেশনৰ দেওবাৰে সামৰণি পৰে। নগাঁও প্ৰেছ ক্লাৱৰ সভাপতি শৈলেন শইকীয়াই পতাকা উত্তোলন কৰাৰ লগতে প্ৰাক্তন সাংবাদিক-লেখক-প্ৰকাশকৰমত বিনিময় অনুষ্ঠান অনুষ্ঠিত, স্মৃতি তৰ্পন আদি অনুষ্ঠান অনুষ্ঠিত হৈ যায়৷

দিনৰ ১২বজাৰ পৰা প্ৰেছ ক্লাবৰ সভাপতি শৈলেন শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত হয় সাধাৰণ পৰিষদৰ সভা। বৰ্ষীয়ান সাংবাদিক ৰাজেন বৰকাকতিয়ে উদ্বোধন কৰা সভাত জ্যেষ্ঠ সাংবাদিক ড০ আবু হানিফা, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্যকে ধৰি কেইবাজনো সাংবাদিকে অংশগ্ৰহণ কৰি সাংবাদিকৰ সমস্যা লন্দৰ্ভত ভাষণ প্ৰদান কৰে। প্ৰেছ ক্লাৱৰ সম্পাদক পলাশ প্ৰতিম হাজৰিকাই আঁত ধৰা সভাত কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰা হয়।

সন্ধিয়া অনুষ্ঠিত হোৱা বিষয়-বাচনি সভাত কনক হাজৰিকাক সভাপতি, মুৰুলী বৰুৱা, কবিন গায়নক উপ-সভাপতি, ভাস্কৰজ্যোতি মেধি, চন্দনজ্যোতি বৰাক সাধাৰন সম্পাদক, বিৰেন বৰা, তপন কটকীক সহকাৰী সম্পাদক, জ্যোতিপ্ৰসাদ বৰাক পত্ৰিকা সম্পাদক, ছফিকুৰ ৰহমানক কোষাধ্যক্ষ, বেদব্ৰত ৰাজাক সাংস্কৃতিক সম্পাদক, জয়ন্ত কুমাৰ বৰাক প্ৰচাৰ সম্পাদক আৰু মিজু বৰাক কাৰ্যালয় সম্পাদক হিচাপে লৈ নগাঁও প্ৰেছ ক্লাৱৰ তুন  সমিতি গঠন কৰা হয়।