নতুন দিল্লীঃ দেশ কপাঁই যোৱা চিবিআই আৰু পশ্চিম বংগ আৰক্ষীৰ বিবাদত সামূহিকভাৱে পশ্চিম বংগ চৰকাৰ জয়ী হৈছে৷ দেওবাৰে নিশা কলকাতা আৰক্ষী আয়ুক্ত ৰাজীৱ কুমাৰক চিবিআইৰ এটা দলে গ্ৰেপ্তাৰ কৰিবলৈ গৈ নিজে কলকাতা আৰক্ষীৰ হাতত আটক হ’বলগীয়া হৈছে৷

এই ঘটনাই ৰাজনৈতিক মোৰ লয় যেতিয়া মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী ৰাজীৱ কুমাৰৰ পক্ষত থিয় দিয়ে আৰু কেন্দ্ৰৰ মোডী চৰকাৰে দেশৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা আক্ৰমণ কৰা বুলি অভিযোগ তুলি অনিদিৰ্ষ্টকালীন অনশনত বহে৷ 

ইফালে, চিবি আইৰ কৰ্তব্য পালনত বাধা আৰোপ কৰা বুলি সংস্থাটোৱে উচ্চতম ন্যায়ালয় পশ্চিম বংগৰ চৰকাৰক প্ৰত্যাহ্বান জনায়৷ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বৰ খণ্ড বিচাৰ পীঠে ৰাজীৱ কুমাৰৰ বিৰুদ্ধে থকা অভিযোগৰ সত্য প্ৰমাণ আদালতত দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে৷ 

মঙলবাৰে এই গুৰুত্বপূৰ্ণ বিষয়টোৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে ৰাজীৱ কুমাৰক চিবি আইয়ে গ্ৰেপ্তাৰ কৰিব নোৱাৰিব বুলি ৰায়দান দিয়ে৷ লগতে ৰাজীৱ কুমাৰকো ৰ’জ ভেলী আৰু সাৰদা কেলেংকাৰীৰ তথ্য চিবি আইৰ হাতত জমা দি সহযোগিতা কৰিবলৈ নিৰ্দেশ দিয়ে৷ এই মৰ্মে পশ্চিম বংগ আৰক্ষীৰ সাৰদা আৰু ৰ’জ ভেলীৰ তদন্ত কৰা বিশেষ তদন্তকাৰী গোটৰ মুৰব্বী হিচাপে আৰক্ষী আয়ুক্ত ৰাজীৱ কুমাৰে তেওঁৰ হাতত থকা তথ্য প্ৰমাণ সমূহ ২০ ফেব্ৰুৱাৰীৰ আগতে শ্বিলঙত চিবি আইৰ হাতত অৰ্পন কৰিব লাগিব৷

ইফালে, মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে আজি ৰায়দান সন্দৰ্ভত এয়া দেশৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বাবে এয়া নৈতিক বিজয় বুলি কোৱাৰ লগতে তেওঁ উচ্চতম ন্যায়ালয়ৰ এই সিদ্ধান্তক স-সন্মানেৰে স্বীকাৰ কৰিছে বুলি ঘোষণা কৰে৷