গুৱাহাটীঃ ৰাজ্যত কাৰ্যকৰী হৈছে নতুন দেশীয় সুৰা নীতি। দেশীয় সুৰাৰ উৎপাদন, বিতৰণ আৰু বিক্ৰীৰ সন্দৰ্ভত মান্ধাতা যুগৰ আসোৱাহ পূৰ্ণ আৱণ্টন প্ৰক্ৰিয়াৰ জৰিয়তে হৈ থকা কৰফাঁকি আৰু দুৰ্নীতি ৰোধ কৰিবৰ বাবে যোৱা ২০ ফেব্ৰুৱাৰীৰ পৰা বলৱৎ হৈছে বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বাজেট বক্তব্য।

এই অনুযায়ী আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ বলিষ্ঠ উদ্যোগত নতুন দেশীয় সুৰা নীতি সন্দৰ্ভত জাৰি কৰা হৈছে গেজেট অধিসূচনা। ৰাজ্য চৰকাৰৰ এই সংস্কাৰমূলক পদক্ষেপৰ জৰিয়তে এতিয়াৰে পৰা বিলোপ হ'ব পুৰণিকলীয়া আৰু আঁসোৱাহযুক্ত মহল ব্যৱস্থা।

অসমত দেশীয় সুৰাৰ উৎপাদন আৰু বটলিং পদ্ধতি বিজ্ঞানসন্মত কৰাৰ লগতে সমুদায় প্ৰক্ৰিয়াটোৰ মানদণ্ড ভাৰতত নিৰ্মিত বিদেশী সুৰাৰ সমকক্ষ কৰাৰ বাবে ৰাজ্য চৰকাৰৰ বাজেট ঘোষণাই এনেদৰে বাস্তৱ ৰূপ পাব বুলি আশা প্ৰকাশ কৰিছে আবকাৰী বিবাগে।

বিভাগটোৰ মতে দেশীয় সুৰাৰ বজাৰখন স্বচ্ছ, নিকা, আধুনিক আৰু বিজ্ঞানসন্মত ভাৱে গঢ়াৰ বাবে এয়া হৈছে এক ঐতিহাসিক পদক্ষেপ। নতুন দেশীয় সুৰা নীতিৰ জৰিয়তে অধিক হাৰত ৰাজহ সংগ্ৰহেই নহয়, স্বাস্থ্যসন্মত সমাজ গঢ়াতো সহায়ক হ'ব আশা কৰা হৈছে।

পূৰ্বৰ ক্ৰুটিপূৰ্ণ মহল ব্যৱস্থাৰ পৰিৱৰ্তে এই নতুন নীতি ৰাজ্যৰ নিবনুৱা সমস্যা সমাধানতো ফলপ্ৰসু হ'ব বুলি ধাৰণা কৰা হৈছে। ইফালে, অসমৰ  স্থানীয় নিবনুৱা যুৱকৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি নতুন নীতিৰ আধাৰত দেশীয় সুৰাৰ খুচৰা অনুজ্ঞা মাত্ৰ ১০,০০০ টকাতে পোৱাৰো ব্যৱস্থা কৰিছে আবকাৰী বিভাগে।