ডিজিটেল ডেস্কঃ জ্যেষ্ঠ নাগৰিক সকলৰ সামাজিক সুৰক্ষাৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৰূপায়ণ কৰা প্ৰধানমন্ত্ৰী ব্যয় বন্ধন যোজনা নামৰ আঁচনিখনত পৰিৱৰ্তন সাধন কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে৷ চৰকাৰে এই প্ৰধানমন্ত্ৰী হ্যয় বন্ধন যোজনাৰ বিনিয়োগ ধনৰ পৰিমাণ ১৫ লাখলৈ বৃদ্ধি কৰিছে৷ 

যাৰ ফলত এতিয়া জ্যেষ্ঠ নাগৰিক সকলে প্ৰতি মাহে ১০ হাজাৰ টকাকৈ পেঞ্চন লাভ কৰিব পাৰিব৷ উল্লেখ্য যে, পূৰ্বতে এই যোজনাৰ বিনিযোগ ৰাশি আছিল মাত্ৰ ৭.৫ লাখ টকা৷ 

বুধবাৰে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত সংসদীয় বৈঠকৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ আনফালে প্ৰধান মন্ত্ৰী ব্যয় বন্ধন যোজনাৰ সদস্য অন্তৰ্ভূক্ত হোৱাৰ সময়সীমাও পূৰ্বৰ ৪ মে’ ২০১৮ৰ পৰা বৃদ্ধি কৰি ৩১ মাৰ্চ ২০২০ কৰা হৈছে৷ এই সময়সীমাৰ ভিতৰত ৬০ বছৰৰ উৰ্ধ্বৰ যিকোনো ভাৰতীয় নাগৰিকে সদস্য হৈ এই আঁচনিৰ লাভ গ্ৰহণ কৰিব পাৰিব৷  

আইন মন্ত্ৰী ৰবিশংকৰ প্ৰসাদে আঁচনিখনৰ এই পৰিবৰ্তনৰ বিষয়ে উল্লেখ কৰি জ্যেষ্ঠ নাগৰিকসকলৰ সামাজিক আৰু আৰ্থিক সুৰক্ষা প্ৰদানৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি মন্তব্য কৰে৷ সদ্যহতে ২.২৩ লাখ বয়োজ্যেষ্ঠ নাগৰিকে এই আঁচনিখনৰ সদস্য হৈ আঁচনিখনৰ লাভ গ্ৰহণ কৰি আছে৷ এই আঁচনিখনৰ জৰিয়তে বৰ্তমান জ্যেষ্ঠ নাগৰিকসকলে প্ৰতিমাহে ১০০০ টকা লাভ কৰে৷