ডিজিটেল ডেস্কঃ টুপি সদৃশ মকৰাৰ পৰা আৰম্ভ কৰি পাতৰ দৰে কীট-পতংগ, ড্ৰেগন পৰুৱা আদি বিভিন্ন আশ্চৰ্যকৰ প্ৰজাতি এই বিশ্বত প্ৰতিদিনে আৱিস্কাৰ হৈ অহাৰ সময়তে তাতকৈ অধিক হাৰত বিলুপ্ত হৈছে এটা এটা প্ৰজাতি।

এনেই এক ভয়ংকৰ তথ্য প্ৰকাশ কৰিছে নিউয়ৰ্ক ৰাজ্যিক বিশ্ববিদ্যালয়ৰ পৰিৱেশ বিজ্ঞান কলেজৰ অন্তৰ্গত চাইন্সেছ স্কুল ফৰ স্পেছিচ এক্সপ্ল’ৰেশ্যন চমুকৈ আইআইএএছচি য়ে।

প্ৰতিষ্ঠানটোৱে তৈয়াৰ কৰা  ২০১৭ বৰ্ষৰ তালিকাখনত ভাৰত, ইণ্ডোনেছীয়া, মালেয়াছিয়া, মেক্সিকো, আমেৰিকা, ব্ৰাজিল আদি দেশত আৱিস্কাৰ হোৱা প্ৰজাতি অন্তৰ্ভুক্ত কৰা হৈছে।

এই তালিকা প্ৰস্তুতকৰণৰ আজি প্ৰায় এটা দশক পাৰ হৈ গৈছে। ২০০৮ চনত আৰম্ভ কৰা এই প্ৰকল্পৰ অধীনত ২ লাখৰো অধিক প্ৰজাতি চিনাক্ত কৰা হৈছে।

তালিকা ঘোষণা কৰাৰ সময়ত এই কথা আক্ষেপেৰে ড. হুইলাৰে কয় যে আগৰ তুলনাত এতিয়া জীৱৰ বিলুপ্তিৰ হাৰ ১০০০ গুণ বাঢ়িছে। আৰু এয়া মুলতঃ মানৱসৃষ্ট পৰিৱেশৰ ফলতে হৈছে।

২০১৭ বৰ্ষৰ শীৰ্ষ ১০ টাৰ তালিকাত হেৰি পটাৰ মকৰা একেবাৰে প্ৰথমতে স্থান লাভ কৰিছে। ইয়াৰ আকৃতি হেৰি পটাৰ চিনেমাত দেখুওৱা যাদুকৰৰ টুপিটোৰ দৰে। 

তালিকাখনৰ প্ৰথম দহটা প্ৰজাতিঃ

♦ হেৰি পটাৰ মকৰা (Eriovixia gryffindori)

♦ গুলপীয়া পাতৰ দৰে কীট (Eulophophyllum kirki)
♦ সৰ্বভোজী এন্দুৰ (Gracilimus radix)
♦ ৪১৪ খন ঠেংযুক্ত মিলিপেড (Illacme tobini)
♦ গেম অব থ্ৰ’নচ পৰুৱা (Pheidole drogon)
♦ পলকা ডট কিং ফ্ৰেশ্বৱাটাৰ ষ্টিংৰে (Potamotrygon rex)
♦ ৮ ইঞ্চিৰ দীঘল বিষাক্ত চেণ্টিপেড (Scolopendra cataracta )
♦ মানুহৰ দৰে তেজ ওলোৱা বিলাহী (Solanum ossicruentum)
♦ চয়তান অৰ্কিড (Telipogon diabolicus)
♦ গভীৰ সামূদ্ৰিক গোলপীয়া চুৰ’ পোক (Xenoturbella churro)