• আঁচনি অনুযায়ী আঁচনিৰ সুবিধা সকলো শ্ৰেণীৰ হিতাধিকাৰীৰ মাজতে সমানে প্ৰদান কৰিছো -- মঙ্গলছিং তিমুং

খেৰণিঃ পশ্চিম কাৰ্বি আংলঙৰ তথা কাৰ্বি পৰিষদীয় হামৰেন সমষ্টিৰ অন্তৰ্গত তেলেহৰত কাৰ্বি পৰিষদৰ বিভাগীয় কাৰ্যবাহী সদস্য মঙ্গলছিং তিমুঙে আজি আনুষ্ঠানিকভাৱে এটি নৱ-নিৰ্মিত ৰাজহুৱা প্ৰেক্ষাগৃহ উদ্বোধন কৰে । উল্লেখযোগ্য যে ৰংখাং উন্নয়ন খণ্ডৰ জৰিয়তে ২০১২-১৩ বিত্তীয় বৰ্ষৰ বি আৰ জি এফ আঁচনিৰ অধীনত মুঠ ৩৮ লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছে এইৰাজহুৱা প্ৰেক্ষাগৃহটো। 

বৃহত্তৰ তেলেহৰ অঞ্চলৰ ৰাইজৰ সুবিধাৰ্থে তথা ৰাজহুৱা সভা, ৰাজহুৱা অনুষ্ঠান, পৰম্পৰাগত উৎসৱ আদি অনুষ্ঠিত কৰিব পৰা সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি উক্ত প্ৰেক্ষাগৃহ নিৰ্মাণৰ আগভাগ লৈছিল কাৰ্যবাহী সদস্য মঙ্গলছিং তিমুঙে। আজি এই ৰাজহুৱা প্ৰেক্ষাগৃহৰ শুভ উদ্বোধন কৰি তিমুঙে কয় যে প্ৰেক্ষাগৃহটোত সহস্ৰাধিক লোক একত্ৰিত হৈ ৰাইজে যিকোনো অনুষ্ঠানেই অতি সহজে আৰু সুবিধাজনকভাৱে অনুষ্ঠিত কৰিব পাৰিব আৰু লগতে উপস্থিত ৰাইজক উদ্দেশ্যি প্ৰেক্ষাগৃহ নিৰ্মাণৰ সমান্তৰালকৈ বৃহত্তৰ হামৰেন সমষ্টিত সকলো শ্ৰেণীৰ হিতাধিকাৰীৰ মাজতে সমানে অৰ্থাৎ ৰাজহুৱা অথবা ব্যক্তিগতভাৱে আঁচনি অনুযায়ী চৰকাৰী আঁচনিৰ সুবিধা প্ৰদান কৰি আহিছে আৰু অনাগত দিনতো তেওঁ প্ৰতিখন আঁচনিৰ কামেই সমষ্টিটোত পৰ্যায়ক্ৰমে কৰি যাব বুলি তিমুঙে প্ৰকাশ কৰে। 

মুঠতে সব কা সাথ সব কা বিকাশেই হৈছে বিজেপি চৰকাৰৰ একমাত্র মূল লক্ষ্য বুলি মন্তব্য কৰে তিমুঙে। ইয়াৰ পাছতেই প্ৰেক্ষাগৃহটোত হামৰেন বিজেপিৰ এখন দলীয় সভা অনুষ্ঠিত কৰে আৰু সভাত হামৰেন সমষ্টিৰ অন্তৰ্গত থকা ভোট কেন্দ্ৰসমূহত বিজেপি দলে লোকসভা নিৰ্বাচনত কত কিমান ভোট লাভ কৰিছিল সেই সম্পৰ্কে পুনৰীক্ষণ-পৰ্যালোচনা কৰে হামৰেন বিজেপিয়ে। অৱশ্যে সমষ্টিটোৰ প্ৰতিটো ভোট কেন্দ্ৰৰ পৰাই বিজেপি দলে জয় লাভ কৰে যদিও সামগ্ৰিকভাৱে সমষ্টিটোৰ আৰচঙ ভোট গ্ৰহণ কেন্দ্ৰটোৰ পৰা বিজেপিয়ে ৯৩.৫৬ শতাংশ ভোট লাভ কৰি কেন্দ্ৰটোত প্ৰথম স্থান দখল কৰে। আম্পাৰচোং এল পি স্কুল (বাওঁফাল) কেন্দ্ৰটোয়ে ৯০.৫৬ শতাংশ ভোট লাভ কৰি দ্বিতীয় স্থান আৰু বাছা তিমুং এল পি স্কুল কেন্দ্ৰটোয়ে ৯০.৩৬ শতাংশ ভোট লাভ কৰি তৃতীয় স্থান লাভ কৰে। এনে ফলাফলক লৈ কাৰ্যবাহী সদস্য মঙ্গলছিং তিমুঙে কেন্দ্ৰ সমূহক লৈ সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে ৰাইজৰ লগতে সমষ্টিবাসীক কৃতজ্ঞতা জ্ঞাপন কৰে । আনহাতে স্থানপ্ৰাপ্ত ভোট কেন্দ্ৰসমূহৰ সৈতে জড়িত থাকি  দলক সুফল দিবই সক্ষম হোৱা বিজেপি নেতাকৰ্মীক কাৰ্বি মাফলাৰেৰে সম্বৰ্ধনা জনোৱাৰ লগতে পুৰস্কাৰেৰে পুৰস্কৃত কৰে তিমুঙে।