ডিজিটেল ডেস্কঃ ৰাহুল গান্ধী হ’ব দেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী৷ এই দাবী কৰিছে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দৰমায়াই৷ ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ বাবে কঁকালত টঙালী বান্ধিবলৈ সাজু হোৱাৰ উদ্দেশ্যে দেশৰ প্ৰধান ৰাজনৈতিক দল কংগ্ৰেছে নতুন দিল্লীত শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছে ৮৪সংখ্যক কংগ্ৰেছ মহাধিৱেশন৷ দিল্লীৰ ইন্দিৰা গান্ধী ইন্দ’ৰ ষ্টেডিয়ামত অনুষ্ঠিত মহাধিৱেশনত অংশ লৈ এই দাবী কৰে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দৰমায়াই৷

মহাধিৱেশনৰ প্ৰথম দিনা হাজাৰ হাজাৰ দলীয় কাৰ্যকৰ্তাৰ উৎসাহভৰা উপস্থিতি পৰিলক্ষিত হয়৷ কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধীয়ে অধিৱেশনৰ আদৰণি ভাষণ প্ৰদান কৰে৷ মহাধিৱেশনত ইউপিএৰ প্ৰাক্তন অধ্যক্ষা ছোনিয়া গান্ধীয়ে কয়, মই দলৰ নতুন অধ্যক্ষ ৰাহুল গান্ধীক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে শুভকামনা জনাইছোঁ৷ ৰাহুল গান্ধীয়ে বহুত প্ৰত্যাহ্বান নেওচি নিজৰ দায়িত্ব পালন কৰি আহিছে৷ আমি সকলোৱে মিলিজুলি তেওঁৰ কামত সহায় কৰা উচিত বুলি কয়৷