নতুন দিল্লীঃ জীয়াই থকাৰ অদম্য হেঁপাহেই অৱশেষত হাৰ মনালে মৃত্যুক। সন্ত্ৰাসবাদীৰ সৈতে সাহসিকতাৰে মুখা-মুখি সংঘৰ্ষত গুলীৰে থকা-সৰকা হোৱাৰ পিছতো প্ৰৱল ইচ্ছাশক্তিৰে কম দিনৰ ভিতৰতে সুস্থ হৈ উঠা এজন ভাৰতীয় সেনাৰ জোৱানৰ চমকপ্ৰদ কাহিনীয়ে কেৱল তেঁওৰ পৰিয়ালৰে মুখত হাঁহি বিৰিঙাই তোলাই নহয়, অনুপ্ৰেৰণাৰ জীৱন্ত নিদৰ্শন হৈ ৰৈছে জোৱানজন। 

চিআৰপিফৰ কমাণ্ডেণ্ট চেতন চীতা দুটা মাহে মৃত্যুৰ লগত যুঁজ দিয়াৰ পিছত আজি সুস্থ বুলি ঘোষণা কৰে চিকিৎসকসকলে। মুূৰ আৰু সোঁ চকুকে ধৰি শৰীৰৰ বিভিন্ন অংগত গুলিীৰ আঘাতৰ বাবে বিগত দুমাহ ধৰি দিল্লীৰ এইমছৰ আইচিইউত চিকিৎসাধীন হৈ আছিল জোৱানজন৷ বুধবাৰে  আইচিইউৰপৰা মুকলি কৰা হয় চেতনক৷ এই ঘটনাক চমৎকাৰ আখ্যা দিছে চিকিৎসকে৷ চেতনৰ স্বাস্থ্য সুস্থিৰ বুলি প্ৰকাশ কৰিছে চেতনৰ চিকিৎসকে৷ 

চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত কাশ্মীৰত লস্কৰ-এ -তৈয়বাৰ সৈতে হোৱা এক সংঘৰ্ষত ৯ টা গুলিৰে আঘাতপ্ৰাপ্ত হৈছিল  চেতন৷ কেন্দ্ৰীয় মন্ত্ৰী কিৰণ ৰিজিজুৱে চেতনক সৰ্বাতোপ্ৰকাৰে সহায় কৰিব বুলি আশ্বাস দিছে৷

উক্ত সংঘৰ্ষ ১৪ ফ্ৰেব্ৰুৱাৰীত ৰাজ্যখনৰ বান্দীপুৰা জিলাত সংঘটিত হৈছিল৷ উক্ত সংঘৰ্ষত ৭ জন সুৰক্ষা বাহিনীৰ লগতে এজন অসমাৰিক লোক আহত হৈছিল৷