ডিজিটেল ডেস্কঃ অৱশেষত ন্যায় পালে সমগ্ৰ দেশ কঁপাই যোৱা নিৰ্ভয়া কাণ্ডৰ ভূক্তভোগীৰ পৰিয়ালে৷ উচ্চতম ন্যায়ালয়ে আজি দিল্লীত সংঘটিত নিৰ্ভয়া গণধৰ্ষণৰ বিচাৰত দোষী ৪ অপৰাধী মুকেশ, অক্ষয়, পৱন আৰু বিনয়ক দিল্লী উচ্চ ন্যায়ালয়ে দিয়া মৃত্যুদণ্ডৰ ৰায়কে বাহাল ৰাখে।

উল্লেখ্য যে, ফাৰ্স্ট ট্ৰেক আদালতেও আটাইকেজন অপৰাধীকে মৃত্যুণ্ডৰে দণ্ডিত কৰিছিল৷ ২০১৪ চনত দিল্লী উচ্চ ন্যায়ালয়েও ফাৰ্স্ট ট্ৰেক আদালতৰ মৃত্যুদণ্ডৰ ৰায়কে বাহাল ৰাখে।

দিল্লী উচ্চ ন্যায়ালয়েও মৃত্যুদণ্ডৰ ৰায় বাহাল ৰখাৰ পিছতে সেই ৰায়ক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল অপৰাধীকেইজনে৷ কিন্তু উচ্চতম ন্যায়ালয়তো মুখ থেকেছা খাবলৈ বাধ্য হয়  অপৰাধীকেইজন। সুদীৰ্ঘ ৩বছৰৰ বিচাৰৰ অন্তত উচ্চতম ন্যায়ালয়েও বাহাল ৰাখে মৃত্যুদণ্ডৰ ৰায়৷

উক্ত ঘটনাত জড়িত গাড়ীচালক ৰাম সিঙে ইতিমধ্যে আত্মহত্যা কৰিছে৷ ২০১২ৰ ১৬ডিচেম্বৰত সংঘটিত হৈছিল এই ঘটনা৷ ঘটনাৰ ৬দিন পিছত গ্ৰেপ্তাৰ হৈছিল ৬অপৰাধী৷ এই অমানুষিক কাণ্ডই জোকাৰি গৈছিল সমগ্ৰ ভাৰত৷

দিল্লীৰ বিভিন্ন  অঞ্চলত দিনে-নিশাই অপৰাধীকেইজনৰ সৰ্বোচ্চ শাস্তিৰ দাবীত বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰিছিল লোকসকলে৷ ঘটনাত জড়িত নাবালকৰো গুৰুতৰ শাস্তি বিচাৰিছিল প্ৰতিবাদকাৰীয়ে৷

আন্তৰাষ্ট্ৰীয় পৰ্যায়তো চৰ্চিত হৈছিল নিৰ্ভয়া কাণ্ড৷ ২০১৫ত বিবিচিয়ে এই ঘটনাৰ আধাৰত নিৰ্মিত ’ইণ্ডিয়াছ ড’টাৰ’ শীৰ্ষক তথ্যচিত্ৰখন নিষিদ্ধ কৰিছিল কেন্দ্ৰীয় চৰকাৰে৷

নিৰ্ভয়া কাণ্ডৰ পিছতে সমগ্ৰ দেশত মহিলা সুৰক্ষাৰ বাবে কেতবোৰ বিশেষ নিয়মো প্ৰৱৰ্তন কৰা হৈছিল৷ এই নতুন নিয়মবোৰ ভিতৰত অন্যতম হৈছে একমাত্ৰ ভূক্তভোগীয়েহে নিৰ্ণয় কৰিব নিৰাপৰাধীক৷ তদুপৰি মানসিক বয়সৰ ওপৰত ভিত্তি কৰি গোচৰ আগবঢ়োৱাৰো ব্যৱস্থা কৰা হৈছিল এই ঘটনাৰ পিছতে।