''মোদী চৰকাৰৰ বিগত ১০ বছৰত ভাৰতৰ অৰ্থনীতিয়ে নতুন শক্তি লাভ কৰিছে আৰু উন্নয়নৰ ফল জনতাই প্ৰত্যক্ষভাৱে লাভ কৰিবলৈ সক্ষম হৈছে। আমি আশা কৰোঁ যে আমাৰ চৰকাৰখনে নিজৰ অসাধাৰণ কৰ্ম দক্ষতাৰে জনতাক অধিক সেৱা প্ৰদান কৰিব পাৰিব।’’ বৃহস্পতিবাৰে সংসদৰ বাজেট অধিৱেশনত এইদৰেই ভাষণৰ আৰম্ভণি কৰি মোদী চৰকাৰৰ দ্বিতীয় কাৰ্য্যকালৰ অন্তিমখন বাজেট দাখিল কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। প্ৰায় এক ঘণ্টাৰ বাজেট ভাষণত মোদী চৰকাৰৰ বিগত ১০ বছৰৰ সাফল্যৰ ৰূপৰেখা দাঙি ধৰি সীতাৰমণে কয়, ''আগন্তুক ২৫ বছৰ আমাৰ বাবে কৰ্তব্যৰ সময়।’’

সংসদত বৃহস্পতিবাৰে দাখিল কৰা বাজেটৰ পূৰ্বে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে আগন্তুক পাঁচ বছৰত দেশ অভূতপূৰ্ব বিকাশৰ সাক্ষী হ’ব। সংসদত একেৰাহে ষষ্ঠবাৰৰ বাবে অন্তৱৰ্তীকালীন বাজেট দাখিল কৰি বিত্তমন্ত্ৰীগৰাকীয়ে লগতে কয় যে নৰেন্দ্ৰ মোদী চৰকাৰে বিগত ১০ বছৰত “বৃহৎ প্ৰত্যাহ্বান” অতিক্ৰম কৰিছে।

উল্লেখ্য যে, আৰু মাত্ৰ দুমাহ পিছতে দেশত অনুষ্ঠিত হ’ব সাধাৰণ নিৰ্বাচন। যাৰ লগে লগে অন্ত পৰিব মোদী চৰকাৰৰ দ্বিতীয় কাৰ্যকালৰো। এনে পৰিপ্ৰেক্ষিতত নতুন চৰকাৰ শপত গ্ৰহণৰ পিছত অৰ্থাৎ জুলাই মাহতহে ২০২৪-২৫ বৰ্ষৰ পূৰ্ণাংগ বাজেট দাখিল কৰাৰ সম্ভাৱনা আছে। অন্তৱৰ্তীকালীন বাজেটত কেৱল আগন্তুক বিত্তীয় বৰ্ষৰ বাবে কেন্দ্ৰৰ সম্ভাব্য আয় আৰু ব্যয়ৰ ৰূপৰেখা দাঙি ধৰা হয়। অন্তৱৰ্তীকালীন বাজেটত সাধাৰণতে কোনো উল্লেখযোগ্য নীতি পৰিৱৰ্তন অন্তৰ্ভুক্ত কৰা নহয়।

বিশ্লেষকসকলে সেয়েহে এই বাজেটত কোনো নতুনত্বৰ সম্ভাৱনা নাই বুলি মন্তব্য কৰিলেও এই অন্তৱৰ্তীকালীন বাজেট আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে বিজেপিৰ ভোটবেংকৰ ৰাজনীতিৰ অংশ হ’ব পাৰে বুলি বিশ্লেষকসকলে মত প্ৰকাশ কৰে। বৃহস্পতিবাৰে দাখিল কৰা বাজেটত কৰদাতাক লৈ কোনো নতুন ৰেহাই দিয়া হোৱা নাই যদিও ষ্টাৰ্টআপ উদ্যোগী, মহিলা, দৰিদ্ৰ পৰিয়াল, কৃষকসকলক লৈ বহু লোভনীয় প্ৰস্তাৱ আগবঢ়োৱা হৈছে। 

কি আছে বাজেটত?

বাজেট ভাষণৰ আৰম্ভণিতে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে এইবাৰৰ বাজেটত চাৰিটা বিষয়ৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছে, সেয়া হৈছে- মহিলা, যুৱক-যুৱতী, দৰিদ্ৰ আৰু অন্নদাতা। অৱশ্যে বাজেটত তেওঁলোকৰ বাবে কোনো নতুনত্ব ঘোষণা কৰা নহ’লেও যোৱা দহ বছৰত চৰকাৰে তেওঁলোকৰ বাবে কি কি কৰিলে তাৰেই খাতিয়ান বাজেট ভাষণত দাঙি ধৰা দেখা গ’ল বিত্তমন্ত্ৰীগৰাকীক।

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে উত্থাপন কৰা বাজেটত ষ্টাৰ্টআপৰ বাবে কৰ ৰেহাই এবছৰৰ বাবে বৃদ্ধি কৰা হৈছে। বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে, এতিয়ালৈকে দেশত প্ৰায় এক কোটি মহিলাক লাখপতি বাইদেউ আঁচনিৰ অন্তৰ্ভূক্ত কৰা হৈছে আৰু এতিয়া কেন্দ্ৰীয় চৰকাৰে এই সংখ্যা ৩ কোটিলৈ বৃদ্ধি কৰাৰ লক্ষ্য গ্ৰহণ কৰিছে। সীতাৰমণে কয় যে মোদী চৰকাৰৰ কাৰ্যকালত দেশৰ ৪ কোটি কৃষকে শস্য বীমাৰ সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে। বিগত ১০ বছৰত গড় বাস্তৱ আয় ৫০ শতাংশলৈ বৃদ্ধি পাইছে। আনহাতে জিএছটিৰ জৰিয়তে সম্ভৱ হৈ উঠিছে এক ৰাষ্ট্ৰ, এক বজাৰ আৰু এক কৰ নীতি।

কঠিন সময়ত ভাৰতে জি-২০ সন্মিলনৰ নেতৃ্ত্ব দি নিজৰ স্থিতি সবল কৰা বুলি দাবী কৰি সীতাৰমণে কয়, ''অমৃতকালত আমাৰ চৰকাৰে এনে নীতি গ্ৰহণ কৰিব যাৰ ফলত সকলোৰে বিকাশ ঘটিব। আমি সংস্কাৰৰ পথ অনুসৰণ কৰিম, পৰিবেশন কৰিম আৰু ৰূপান্তৰ কৰিম।’’ বিত্তমন্ত্ৰীগৰাকীয়ে তেওঁৰ বাজেট ভাষণত কয় যে প্ৰধানমন্ত্ৰী স্বনিধিয়ে ৭৮ লাখ ক্ষুদ্ৰ ব্যৱসায়ীক ঋণৰ সাহায্য আগবঢ়াইছে আৰু ইয়াৰে মুঠ ২.৩ লাখ লোকে তৃতীয়বাৰৰ বাবে ঋণ লাভ কৰিছে।

সৌৰ প্ৰণালী থকা এক কোটি পৰিয়াললৈ ৩০০ ইউনিট বিনামূলীয়া বিদ্যুৎ আগবঢ়োৱাৰ ঘোষণা কৰি বাজেট ভাষণত বিত্তমন্ত্ৰী সীতাৰমণে কয় যে চৰকাৰে এনে আঁচনি আনিব যাৰ দ্বাৰা মধ্যম আয়ৰ গোটৰ লোকে নিজাকৈ ঘৰ সাজিব পাৰিব। তেওঁ লগতে কয় যে চিকিৎসালয়সমূহৰ আন্তঃগাঁথনি ব্যৱহাৰ কৰি চৰকাৰে অধিক চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ কৰিব। 

সীতাৰমণে কয় যে এতিয়াৰে পৰা ৯-১৪ বছৰ বয়সৰ কিশোৰীসকলক ছাৰ্ভাইকেল কেন্সাৰ প্ৰতিৰোধৰ বাবে টিকাকৰণ কৰা হ’ব। আনহাতে এতিয়া সকলো আশাকৰ্মী, অংগনবাড়ী কৰ্মীয়ে আয়ুষ্মান ভাৰতৰ সুবিধা লাভ কৰিব বুলিও ঘোষণা কৰে বিত্তমন্ত্ৰীগৰাকীয়ে। ইফালে গতি আৰু সুৰক্ষা বৃদ্ধিৰ লক্ষ্যৰে ৰে’লৱেত হাই ট্ৰেফিক কৰিড’ৰ নিৰ্মাণৰ ঘোষণা কৰে সীতাৰমণে। তেওঁ কয় যে বন্দে ভাৰত শ্ৰেণীৰ ৪০ হাজাৰ ৰেলৱে বগী নিৰ্মাণ কৰা হ’ব।
 
মোদী চৰকাৰৰ বিগত ১০ বছৰৰ কাৰ্যকালৰ খাতিয়ান দাঙি সীতাৰমণে কয় যে যোৱা ১০ বছৰত বিমানবন্দৰৰ সংখ্যা দুগুণ বৃদ্ধি পাই ১৪৯টা হৈছে। ভাষণৰ আৰম্ভণিতে নিৰ্মলা সীতাৰমণে কয় যে বিগত ১০ বছৰত ভাৰতীয় অৰ্থনীতিত অভূতপূৰ্ব পৰিৱৰ্তন হৈছে। ২০১৪ চনত দেশখনে বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল। চৰকাৰে সেই প্ৰত্যাহ্বানসমূহ অতিক্ৰম কৰি গাঁথনিগত সংস্কাৰ সাধন কৰিছে।

ষষ্ঠবাৰৰ বাবে বাজেট দাখিল নিৰ্মলা সীতাৰমণৰ

উল্লেখ্য যে, বৃহস্পতিবাৰে একেৰাহে ষষ্ঠবাৰৰ বাবে সংসদত অন্তৱৰ্তীকালীন বাজেট দাখিল কৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। ইয়াৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰীসভাই এই বাজেটত অনুমোদন জনাইছিল। ভাৰতৰ বিত্ত মন্ত্ৰালয়ে দহ বছৰীয়া অৰ্থনৈতিক সমীক্ষাত উল্লেখ কৰিছে যে ২০২৪-২৫ বিত্তীয় বৰ্ষত অৰ্থনীতিৰ বৃদ্ধিৰ হাৰ ৭ শতাংশ হ’ব, আনহাতে সমগ্ৰ বিশ্ব ২ শতাংশৰ ওচৰত আবদ্ধ হৈ আছে।

বৃহস্পতিবাৰে সংসদত প্ৰায় এক ঘণ্টা সময় বাজেট ভাষণ প্ৰদান কৰে সীতাৰমণে। ইয়াৰ পূৰ্বে ২০২০ চনত বাজেট দাখিলৰ সময়ত তেওঁ আটাইতকৈ দীঘলীয়া বাজেট ভাষণ প্ৰদান কৰিছিল। সেইবাৰ তেওঁ ভাষণ দিছিল ২ ঘণ্টা ৪০ মিনিট। আনহাতে পূৰ্বৰে পৰা চলি অহা ব্ৰীফকেছ পৰম্পৰা পৰিত্যাগ কৰি ২০১৯ চনত নিৰ্মলা সীতাৰমণে বাজেট দাখিল কৰিবলৈ লেজাৰ গ্ৰহণ কৰিছিল। ভাষণ আৰু অন্যান্য নথি-পত্ৰ এই লেজাৰত ৰখা হয়। ২০২১ চনত যেতিয়া নিৰ্মলা সীতাৰমণে কোভিড সংক্ৰমণৰ সময়ত বাজেট দাখিল কৰিছিল, তেতিয়া সেইখন আছিল প্ৰথম কাগজবিহীন বাজেট।

উল্লেখ্য যে, ১৯৯৯ চনলৈকে ফেব্ৰুৱাৰী মাহৰ শেষ কৰ্মদিনত বিয়লি ৩ বজাত বাজেট দাখিল কৰা হৈছিল। ঔপনিৱেশিক ভাৰতৰ এই পৰম্পৰা সলনি কৰি যশৱন্ত সিঙে ১১ বজাত বাজেট দাখিলৰ পৰম্পৰা আৰম্ভ কৰে। পিছত ২০১৭ চনত মোদী চৰকাৰে ১ ফেব্ৰুৱাৰীত বাজেট দাখিল কৰাৰ সিদ্ধান্ত লয়। সেই বছৰতে ৰে’ল বাজেটক সাধাৰণ বাজেটৰ অংশ হিচাপে গঢ়ি তোলা হয়।