তেওঁৰ সপোন আছিল প্ৰধানমন্ত্ৰীৰ পদ! বিচাৰিছিল- সকলোৱে তেওঁক প্ৰধানমন্ত্ৰী পদৰ বাবেই সমৰ্থন জনাওক। ইয়াৰ বাবেই তেওঁ আগভাগ লৈছিল বিৰোধীৰ ঐক্য স্থাপনত। কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ, সমাজবাদী পাৰ্টী, আম আদমী পাৰ্টী, ডিএমকে আদি সৰু-বৰ প্ৰতিটো ৰাজনৈতিক দলৰ শীৰ্ষ নেতাক তেঁৱেই পাটনালৈ মাতি আনি বৈঠকত বহুৱাইছিল। সাৰ্থকো হৈছিল তেওঁৰ এই প্ৰচেষ্টা।  তেওঁৰ প্ৰচেষ্টাত প্ৰথমে পাটনাত, তাৰ পিছত বাংগালুৰুত আৰু পিছত মুম্বাইত অনুষ্ঠিত হৈছিল বিৰোধীৰ সন্মিলিত বৈঠক। লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত অনুষ্ঠিত হোৱা এই বৈঠক অতি গুৰুত্বপূৰ্ণ আছিল। বৈঠকত সিদ্ধান্ত লোৱা হৈছিল- সকলোৱে একেলগে মিলি নিৰ্বাচনত ‘একনায়কত্ববাদী’ বিজেপিৰ বিৰুদ্ধে যুঁজ দিব। বিৰোধীৰ এই সন্মিলিত ঐক্যৰ নাম দিয়া হয়- ইণ্ডিয়া।

কিন্তু পশ্চিম বংগৰ মুখ্যমন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ মুৰব্বী মমতা বেনাৰ্জী যেন বাধা হৈ থিয় হ’ল তেওঁৰ স্বপ্নৰ বাটত। বিৰোধী ঐক্যৰ প্ৰধান চেহেৰা কোন হ’ব তাক লৈ সকলো ৰাজনৈতিক দলৰ মাজত জল্পনা-কল্পনা চলি থকাৰ মাজতে মমতাই প্ৰস্তাৱ দিলে- কংগ্ৰেছ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেকেই বিৰোধীৰ প্ৰধানমন্ত্ৰী পদৰ চেহেৰা কৰা হওঁক। মমতা বেনাৰ্জীৰ এই প্ৰস্তাৱক তাত্ক্ষণিকভাৱে সমৰ্থন জনালে আম আদমী পাৰ্টীৰ মুৰব্বী অৰবিন্দ কেজৰিৱালেও। এই প্ৰস্তাৱক সমৰ্থন জনালে আন আন নেতাসকলকেও। কিন্তু সমৰ্থন জনাব নোৱাৰিলে তেওঁ আৰু তেওঁৰ সমৰ্থকসকলে! আৰু সেয়াই আৰম্ভণি! প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হোৱাৰ স্বপ্ন ভংগ হোৱাৰ পিছত আক্ষেপ আৰু অসন্তুষ্টিত তেওঁ যি সিদ্ধান্ত ল’লে, তাৰেই পৰিণাম দেখিবলৈ পোৱা গ’ল ২৮ জানুৱাৰীৰ দিনটোত।

এই কাহিনী বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ। অন্ততঃ নীতিশ কুমাৰে নিজেই স্থাপন কৰা বিৰোধী ঐক্যৰ ভেটি নিজে কিয় খহাবলগীয়া হ’ল তাৰ কাৰণ এনেদৰেই ব্যাখ্যা কৰিছে বিভিন্নজনে। বিহাৰৰ ৰাজনীতিৰ পট পৰিৱৰ্তন ঘটাই নীতিশ কুমাৰ পুনৰ এবাৰ শৰণাপন্ন হ’ল বিজেপিৰ। মাত্ৰ ১৭ মাহ পূৰ্বে তেওঁ এনডিএ ত্যাগ কৰি হাত মিলাইছিল কংগ্ৰেছ আৰু আৰজেডিৰ সৈতে। তেতিয়াও তেওঁৱেই মুখ্যমন্ত্ৰী হৈছিল। এতিয়াও তেঁৱেই মুখ্যমন্ত্ৰী বিহাৰৰ। কিন্তু এতিয়া তেওঁৰ সংগী আৰজেডি, কংগ্ৰেছ নহয়, এতিয়া তেওঁৰ মূৰৰ ওপৰত বিজেপিৰ আশীৰ্বাদৰ হাত! 

‘পল্টুৰাম’ নীতিশ কুমাৰ!

নীতিশ কুমাৰে ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰিছিল লালু যাদৱ আৰু জৰ্জ ফাৰ্নাণ্ডেছৰ সৈতে। ১৯৭৪ চনৰ ছাত্ৰ আন্দোলনৰ পৰাই আৰম্ভ হৈছিল তেওঁৰ ৰাজনৈতিক জীৱনৰ।  ১৯৮৫ চনত জনতা দলৰ টিকটত প্ৰথমবাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হোৱা নীতিশ কুমাৰ লালু প্ৰসাদ যাদৱৰ অতি ঘনিষ্ঠ হিচাপেও পৰিচিত আছিল।  কিন্তু সোনকালেই সেই মিত্ৰতাক শত্ৰুতালৈ সলনি কৰি জৰ্জ ফাৰ্নাণ্ডেছৰ সৈতে ১৯৯৪ চনত সমতা পাৰ্টী গঠন কৰে নীতিশ কুমাৰে। ১৯৯৬ চনত সমতা পাৰ্টীৰ টিকটত লোকসভালৈ নিৰ্বাচিত হৈ বিজেপিৰ অন্যতম সহযোগী হৈ পৰে। 

১৯৯৮ চনৰ পৰা ২০০৪ চনৰ ভিতৰত নীতিশ কুমাৰে অটল বিহাৰী বাজপেয়ীৰ নেতৃত্বত নেশ্যনেল ডেম’ক্ৰেটিক এলায়েন্স (এন ডি এ) চৰকাৰত ৰে’ল আৰু পৰিবহণৰ বিভাগৰ দৰে গুৰুত্বপূৰ্ণ বিভাগকে ধৰি কেইবাটাও কেন্দ্ৰীয় মন্ত্ৰালয়ৰ দায়িত্ব লাভ কৰে। বিজেপিৰ সমৰ্থনত ২০০০ চনত প্ৰথমবাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে তেওঁ শপত লয় যদিও ফ্ল’ৰ টেষ্টত উত্তীৰ্ণ হ’ব পৰা নম্বৰ নথকাৰ বাবে তেওঁ কেইদিনমানৰ ভিতৰতে পদত্যাগ কৰিবলগীয়া হয়।

কেন্দ্ৰীয় ৰাজনীতিৰ পৰা বিহাৰ ৰাজনীতিলৈ ঘূৰি আহি লালু প্ৰসাদ যাদৱৰ ১৫ বছৰীয়া শাসনকালৰ ‘জংগল ৰাজ’ক নিৰ্বাচনী বিষয় হিচাপে প্ৰচাৰ কৰি ২০০৫ চনত পুনৰ এবাৰ এন ডি এ মিত্ৰজোঁটৰ মুখ্যমন্ত্ৰীৰূপে শপত লয় নীতিশ কুমাৰে।  ক্ষমতাসীন হৈয়েই লালু প্ৰসাদ যাদৱৰ বিৰুদ্ধে নিজকে এক কঠিন বিকল্প হিচাপে গঢ়ি তুলি ‘সৎ’ আৰু ‘সুশাসন বাবু’ হিচাপে জনপ্ৰিয়তা অৰ্জন কৰে নীতিশ কুমাৰে। প্ৰথম কেইবছৰমানত জনতাৰ একান্ত সেৱক হিচাপে নিজকে প্ৰমাণিত কৰিবলৈ গৈ জাতি- ধৰ্ম নিৰ্বিশেষে অনেক উন্নয়নমূলক কামেৰে বিহাৰৰ পট সলনি কৰে নীতিশ কুমাৰে। 

জ্যেষ্ঠ সাংবাদিক সুৰুৰ আহমেদে কয়, "২০০৫-২০১০ চনত তেওঁ কৰা কামৰ বাবেই তেওঁ ৰাজ্যখনত জনপ্ৰিয়তা অৰ্জন কৰিছিল। লালু প্ৰসাদ যাদৱৰ দীঘলীয়া শাসনৰ পিছত বিহাৰৰ বিভিন্ন জাতি আৰু সম্প্ৰদায়ৰ লোকে নীতিশ কুমাৰক বিশ্বাসত লৈছিল।  লালুৰ বিৰুদ্ধে বিকল্প হিচাপে পূৰ্বে তেওঁক যি স্থান দিয়া হৈছিল, সেয়া অৱশ্যে এতিয়া বহু হ্ৰাস পাইছে।" নীতিশ কুমাৰে বিহাৰৰ অত্যন্ত পিছপৰা জনগোষ্ঠী আৰু দলিতৰ এক বৃহৎ ভোট গোষ্ঠীৰ সৃষ্টি কৰিছিল আৰু এই গোটে তেওঁক অহৰহ সমৰ্থন কৰি আহিছে। ২০০৭ চনত নীতিশ কুমাৰে দলিতসকলৰ ভিতৰত আটাইতকৈ পিছপৰা জাতিৰ বাবে ‘মহাদলিত’ শ্ৰেণীৰ সৃষ্টি কৰিছিল। এইবোৰৰ বাবে চৰকাৰী আঁচনি অনা হৈছিল। যিয়ে তেওঁৰ বাবে এটা নিৰ্দিষ্ট ভোট বেংকৰ সৃষ্টি কৰিছিল।

কিন্তু ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে নৰেন্দ্ৰ মোডীক প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাৰ পিছতে বিজেপিৰ সৈতে সংঘাত আৰম্ভ হয় নীতিশ কুমাৰৰ। বিহাৰত ধৰ্ম নিৰপেক্ষতাৰ ৰাজনীতিৰে জনপ্ৰিয়তা অৰ্জন কৰা নীতিশ কুমাৰে বিচৰা নাছিল অতি হিন্দুত্ববাদৰ প্ৰসাৰ। তাৰ বাবেই ২০১৩ চনত বিজেপিৰ সৈতে সম্পৰ্ক ছেদ কৰে কুমাৰে। 

২০১৪ চনৰ লোকসভা নিৰ্বাচনত পৰাজয়ৰ সন্মুখীন হোৱাৰ পিছত নীতিশে ২০১৫ চনৰ বিহাৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে যৌথভাৱে যুঁজিবলৈ মহামিত্ৰজোঁট অথবা আৰজেডি আৰু কংগ্ৰেছৰ সৈতে মিত্ৰতা গঠন কৰে। নিৰ্বাচনত জয়লাভৰ পিছত পুনৰ এবাৰ মুখ্যমন্ত্ৰী হয় নীতিশ কুমাৰ। কিন্তু দুবছৰৰ ভিতৰতে পুনৰ লুটিবাগৰ মাৰি ২০১৭ চনত আকৌ এন ডি এলৈ উভতি যায় নীতিশ।  ২০২০ চনত পুনৰবাৰ বিজেপিৰ সৈতে মিলি চৰকাৰ গঠন কৰে নীতিশ কুমাৰে। কিন্তু তাৰ পিছতো আকৌ আৰম্ভ হয় বিজেপি-জে ডি ইউৰ সংঘাত। পৰিণতিত আন এবাৰ লুটিবাগৰ মাৰি ২০২২ৰ আগষ্টত কংগ্ৰেছ আৰু আৰ জে ডিৰ সৈতে হাত মিলায় নীতিশ কুমাৰে।

কিন্তু এই মিত্ৰতাও বেছিদিন নিটিকিল। বাৰে বাৰে মিত্ৰতা সলাই ‘পল্টুৰাম’ হিচাপে কুখ্যাত হৈ পৰা নীতিশ কুমাৰে আকৌ সলনি কৰে মিত্ৰতা। কংগ্ৰেছ-আৰজেডিৰ সৈতে মহামিত্ৰজোঁটৰ চৰকাৰ ২ বছৰ সম্পূৰ্ণ নৌহওঁতেই আকৌ এনডিএত চামিল হ’ল নীতিশ কুমাৰ। বিগত প্ৰায় পষেক ধৰি তেওঁৰ পাভলুটি মৰাৰ চৰ্চাৰ অৱসান ঘটাই ১৮ জানুৱাৰীৰ পুৱা ৰাজ্যপালৰ হাতত পদত্যাগ পত্ৰ অৰ্পণ কৰে, আৰু ইয়াৰ পিছতে সন্ধিয়া বিজেপিৰ সমৰ্থনত নৱমবাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে আকৌ শপত গ্ৰহণ কৰে। 

পূৰ্ব পৰিকল্পিত আছিল নেকি নীতিশ কুমাৰৰ বিজেপি গমন?

ইণ্ডিয়া মিত্ৰজোঁটৰ পৰা এন ডি এলৈ নিতীশ কুমাৰে মিত্ৰতা সলনি কৰাক লৈ বিভিন্নজনে বিভিন্ন ধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। খোদ নীতিশ কুমাৰে এয়া দলীয় কৰ্মীৰ পৰামৰ্শমৰ্মে গ্ৰহণ কৰা আকস্মিক সিদ্ধান্ত বুলি দাবী কৰিছে। মাত্ৰ ১৭ মাহ পূৰ্বে এন ডি এ ত্যাগ কৰি আৰজেডি-কংগ্ৰেছৰ সৈতে চৰকাৰ গঠন কৰিছিল নীতিশ কুমাৰে। লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত যোৱা বছৰ পাটনাত বিৰোধীৰ সন্মিলিত বৈঠকৰ আহ্বান কৰিছিল খোদ নীতিশ কুমাৰে নিজেই। এনে পৰিস্থিতিত তেওঁ ইণ্ডিয়া মিত্ৰজোঁট এৰি বিজেপিত পুনৰবাৰ চামিল হোৱাৰ সিদ্ধান্তক লৈ অলেখ প্ৰশ্নৰ অৱতাৰণা হৈছে।  কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে কয় যে ২৩ অক্টোবৰত পাটনাত অনুষ্ঠিত হোৱা বৈঠকত আৰু তাৰ পিছত বেংগালুৰু আৰু মুম্বাইত অনুষ্ঠিত হোৱা বৈঠকত নীতিশ কুমাৰে ইণ্ডিয়াৰ পৰা পৃথক হোৱাৰ কোনো ইংগিতেই প্ৰদান কৰা নাছিল। কিন্তু এয়া কিমান দূৰ সত্য?

আচলতে ২ নৱেম্বৰত পাটনাৰ গান্ধী ময়দানত আয়োজন কৰা হৈছিল এক বিশাল চৰকাৰী অনুষ্ঠানৰ। এই অনুষ্ঠানতে বি পি এছ চিৰ ১২ লাখ শিক্ষকক চাকৰিৰ নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছিল। এই বিশাল নিযুক্তিৰ শ্ৰেয় ল’বলৈ উঠিপৰি লাগিছিল মিত্ৰজোঁটৰ প্ৰধান দুয়োটা দল আৰ জে ডি আৰু জে ডি ইউ। অনুষ্ঠানৰ পূৰ্বে সৰ্বত্ৰে আঁৰা  ডাঙৰ ডাঙৰ বেনাৰ আৰু হৰ্ডিঙত আছিল কেৱল নীতিশ কুমাৰৰ ছবি। কোনো এখন বেনাৰতে নাছিল উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱৰ ছবি। ইয়াৰ পৰাই দুয়োটা দলৰ মাজত সংঘাত আৰম্ভ হয় বুলি বহুতে দাবী কৰিব খোজে।

ইফালে, ২১ নৱেম্বৰত নীতিশ চৰকাৰে হঠাৎ ঘোষণা কৰে যে এতিয়া জাতি সংৰক্ষণৰ সীমা ৬৫ শতাংশ আৰু ই ডব্লিউ এছকে ধৰি মুঠ কোটা হ’ব ৭৫ শতাংশ। বাতৰি অনুসৰি, বিহাৰ চৰকাৰৰ এই গুৰুত্বপূৰ্ণ ঘোষণাৰ পূৰ্বে কোনো ধৰণৰ মতামত গ্ৰহণ কৰা হোৱা নাছিল মিত্ৰদল আৰ জে ডি-কংগ্ৰেছ বা উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱৰ পৰা।  খবৰ অনুসৰি, আৰ জে ডি শিবিৰৰ কোনো নেতা এই বিষয়ে অৱগত নাছিল। মুখ্যমন্ত্ৰী নীতিশ কুমাৰে এই ঘোষণাৰো কৃতিত্ব অকলেই ল’ব বিচৰা পৰিলক্ষিত হয়।

অন্যহাতে  ১৩ আৰু ১৪ ডিচেম্বৰত পাটনাত বিহাৰ বিনিয়োগকাৰী সন্মিলনৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত দেশৰ লগতে বিশ্বৰ ৬০০ বিনিয়োগকাৰীয়ে অংশগ্ৰহণ কৰিছিল যদিও দুদিনীয়া এই অনুষ্ঠানত উপস্থিত নাছিল ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱ। পৰৱৰ্তী সময়ত আন কেইবাটাও চৰকাৰী অনুষ্ঠানত তেজস্বী যাদৱ আৰু আৰ জে ডিৰ অনুপস্থিতি চৰ্চালৈ আহে। আনকি মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ সীতামৰহীয়া পুনাউৰা ধাম আৰু শিৱৰ ভ্ৰমণৰ সময়তে তেওঁৰ সৈতে নাছিল পৰ্যটন বিভাগৰো দায়িত্বত থকা মন্ত্ৰী তেজস্বী যাদৱ।

ইফালে আৰ জে ডিৰ সৈতে ঘনিষ্ঠতা বজাই ৰখাৰ বাবেই শাস্তিমূলকভাৱে ডিচেম্বৰত মাহত জে ডি ইউৰ সভাপতি পদৰ পৰা অপসাৰণ কৰা হয় নেল্লন সিঙক।  বিগত প্ৰায় ৬ মাহ ধৰি এইদৰে সম্পৰ্ক ছেদৰ ইটোৰ পিছত সিটো ইংগিত প্ৰদান কৰি আহিছিল নীতিশ কুমাৰে। কিন্তু শেহতীয়াকৈ বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কৰ্পূৰী ঠাকুৰৰ এশ সংখ্যক জয়ন্তীক মুখ্যমন্ত্ৰীগৰাকীয়ে দিয়া ভাষণৰ পিছতে মহামিত্ৰজোঁটৰ সৈতে বৃদ্ধি পোৱা তিক্ততা চৰ্চালৈ আহে। অনুষ্ঠানত নীতিশ কুমাৰে পৰিয়ালবাদক লৈ কৰা মন্তব্যৰ পিছতে এই মন্তব্য আৰ জে ডিক উদ্দেশ্যি কৰা বুলি সংবাদ মাধ্যমত চৰ্চা হ’বলৈ ধৰে। আৰু ১৮ জানুৱাৰীৰ দিনটোত সেই চৰ্চায়েই বাস্তৱ ৰূপ লয়। 

‘জাবৰে অৱশেষত ডাষ্টবিন বিচাৰি পালে!’

মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ মহামিত্ৰজোঁট ত্যাগ কিম্বা এন ডি এৰ সৈতে হাত মিলোৱাক লৈ কোনো তীৰ্যক মন্তব্য কৰা নাই ৰাষ্ট্ৰীয় জনতা দলে। নীতিশ কুমাৰক লৈ এই চৰ্চা চলি থকাৰ সময়তো কোনো ধৰণৰ ব্যক্তিগত মন্তব্য কৰাৰ পৰা আঁতৰি আছিল আৰ জে ডিৰ নেতা। বাতৰি অনুসৰি, এই চৰ্চাই সংবাদ মাধ্যমত তীব্ৰৰূপ ধাৰণ কৰাৰ সময়তে শনিবাৰে সন্ধিয়া তেজস্বী যাদৱে দলৰ বিধায়কসকলৰ সৈতে এক বৈঠকত মিলিত হৈ নীতিশ কুমাৰক লৈ কোনো ধৰণৰ আপত্তিজনক ব্যক্তিগত মন্তব্য নকৰিবলৈ সকীয়াই দিয়ে। 

খোদ তেজস্বী যাদৱেও দেওবাৰে প্ৰথমবাৰৰ বাবে প্ৰতিক্ৰিয়া ব্যক্ত কৰি ব্যক্তিগত আক্ৰমণৰ পৰা আঁতৰি কয়, “খেল এতিয়াও বাকী আছে। মই যি কওঁ, তাকে কৰি দেখুৱাও। লিখি ৰাখক- ২০২৪ত জে ডি ইউ সম্পূৰ্ণৰূপে নিঃশেষ হ’ব।” তেজস্বী যাদৱে পুনৰ কয়, “আমি ১৭ মাহতে বহু উন্নয়নমূলক কাম কৰিবলৈ মুখ্যমন্ত্ৰীক হেঁচা দিছিলো। শিক্ষা, স্বাস্থ্য খণ্ডত সংস্কাৰ সাধন কৰিবলৈ আমি সক্ষম হৈছো। পূৰ্বেও ১৭ বছৰ এন ডি এৰ চৰকাৰ আছিল। কিন্তু যোৱা ১৭ মাহত আমি যি উন্নয়ন কৰিছো, সেয়া কেতিয়াও হোৱা নাই। সেয়ে এই যুঁজ ১৭ বছৰ বনাম ১৭ মাহৰ যুঁজ।”

নীতিশ কুমাৰ কিম্বা জে ডি ইউৰ বিৰুদ্ধে কোনো আৰ জে ডি নেতাই আক্ৰমণাত্মক ৰূপ গ্ৰহণ নকৰিলেও পিছে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে নীতিশ কুমাৰক আক্ৰমণ কৰিবলৈ এৰা নাই লালু প্ৰসাদ যাদৱৰ কন্যা ৰোহনী আচাৰ্যই। ছিংগাপুৰত থাকিও বিহাৰ ৰাজনীতিৰ ওপৰত অহৰহ চকু ৰখা আৰু প্ৰতিটো সৰু- বৰ বিষয়তে সামাজিক মাধ্যমযোগে প্ৰতিক্ৰিয়া ব্যক্ত কৰি অহা ৰোহনী আচাৰ্যই নীতিশ কুমাৰৰ পাভলুটি মৰাৰ চৰ্চা আৰম্ভ হোৱাৰ সময়তে তেওঁক আক্ৰমণৰ লক্ষ্য কৰি লৈছিল। 

‘এক্স’ হেণ্ডেলত দিয়া এটা পোষ্টত ৰোহিনীয়ে পৰোক্ষভাৱে নীতিশ কুমাৰক ‘জাৱৰ’ৰ সৈতে তুলনা কৰি এটা পোষ্ট দিয়ে। পোষ্টটোৰ সৈতে এখন জাৱৰ কঢ়িওৱা বাহনৰো ফটো শ্বেয়াৰ কৰে লালুৰ দুহিতাই। পোষ্টটোত কোনো ৰাজনৈতিক বিষয় উত্থাপন কৰা নহ’লেও এই পোষ্টটো যে নীতিশ কুমাৰক উদ্দেশ্যিয়েই কৰা হৈছে, সেয়া বুজিবলৈ কাৰো অসুবিধা নহয়। ৰোহিনীয়ে পোষ্টটোত লিখিছে, "জাৱৰ পুনৰ ডাষ্টবিনলৈ গ’ল। জাৱৰ মণ্ডলীক দুৰ্গোন্ধময় জাৱৰৰ শুভেচ্চা থাকিল।" 

একে সময়তে ৰোহনীয়ে এক্সত পিতৃ লালু প্ৰসাদ যাদৱৰ ৭ বছৰ পুৰণি এটা পোষ্টও শ্বেয়াৰ কৰে। সেই পোষ্টটোত লিখা আছিল- 'নীতিশ সাপ, সাপে যিদৰে নিজৰ লেতেৰা ঢাকিবলৈ মোট সলায়, একেদৰে নীতিশেও নিজৰ লেতেৰা ঢাকিবলৈ প্ৰতি ২ বছৰৰ মূৰে মূৰে সাপৰ দৰে নতুন ছাল সলায়। কাৰোবাৰ সন্দেহ আছে নেকি?' উল্লেখ্য যে, ৰোহিনী আচাৰ্যই দুদিন পূৰ্বেও নীতিশক লৈ কিছু গুৰুতৰ মন্তব্য প্ৰকাশ কৰিছিল যদিও পিছত সেই পোষ্ট ডিলিট কৰিছিল। 

আনহাতে ৰাষ্ট্ৰীয় সংবাদ মাধ্যম দৈনিক ভাস্কৰৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাত্কাৰত ৰোহনীয়ে কয়, “বিষ পান কৰি হ’লেও নীতিশ কুমাৰক আমি ক্ষমা কৰি দিম। তেওঁৰ কোনো আদৰ্শ নাই বুলি জানো। তেওঁৰ ওপৰত আমাৰ কেতিয়াও বিশ্বাস নাছিল। জানিছিলো যে এদিন তেওঁ পুনৰ এন ডি এলৈ যাব। তেওঁক লৈ আমাৰ মনত কোনো ক্ষোভ বা অসন্তুষ্টি নাই।”  

নীতিশ কুমাৰে পৰিয়ালবাদক লৈ কৰা মন্তব্যৰ উত্তৰত ৰোহিনীয়ে কয়, “... তেওঁ পৰিয়ালবাদৰ ওপৰত কিবা এটা কথা কৈছিল। আমি নিজেই কওঁ যে আমি লালু যাদৱ আৰু ৰাবৰি দেৱীৰ সন্তান বুলি অতি গৌৰৱান্বিত। যি অবৈধ তেওঁহে সম্পৰ্ক লুকুৱাই ৰাখে। বাকী থকা মানুহবোৰ অবৈধ হ’ব, সেয়েহে তেওঁলোকক পৰিয়ালবাদত অন্তৰ্ভুক্ত কৰা নহয়। কেৱল লালু যাদৱ আৰু ছোনিয়া গান্ধীৰহে পৰিয়াল আছে, ভাৰতত আৰু কাৰ পৰিয়াল আছে? মোৰ ভাতৃ তেজস্বীয়ে দেখুৱাই দিছে আমি কোন পৰিয়ালৰ পৰা আহিছো। মাত্ৰ ডেৰ বছৰৰ ভিতৰতে তেজস্বীয়ে চাকৰিৰ বানপানীৰ সৃষ্টি কৰিলে, যাৰ বাবে আজি নীতিশ কুমাৰ ঈৰ্ষাম্বিত হৈ পলায়ন কৰিবলগীয়া হৈছে।” 

মৰি যাম, কিন্তু বিজেপিৰ সৈতে হাত নিমিলাও!

ৰাজনীতিকৰ কথাৰ ভৰষা নাই। ৰাজনীতিক সমাজৰ এনে এক শ্ৰেণী ব্যক্তিৰ নাম, যিয়ে বাৰাম্বাৰ মিছা মাতিলেও জনতাই দোষ নধৰে। ৰাজনীতিকে আজি অবাইচ মাতেৰে গালি পৰা দলটোৰ ওচৰতে কাইলৈ নতশিৰ কৰিব পাৰে। এনে অলেখ উদাহৰণৰে এজন নীতিশ কুমাৰ। ২০১৩ চনত দলৰ ধৰ্ম নিৰপেক্ষ মতাদৰ্শৰ দোহাই দি এন ডি এৰ পৰা পৃথক হৈছিল নীতিশ কুমাৰ। তেতিয়ালৈকে কংগ্ৰেছ আৰু আৰ জে ডি আছিল তেওঁৰ প্ৰধান শত্ৰু। আচলতে ২০০৫ চনৰ বিধানসভা নিৰ্বাচনত তেওঁৰ আৰু তেওঁৰ দলৰ মূল ইছ্যুৱেই আছিল লালু প্ৰসাদ যাদৱৰ ১৫ বছৰীয়া শাসনৰ জংগল ৰাজ। কিন্তু এন ডি এৰ পৰা পৃথক হোৱাৰ পিছত আকৌ সেই আৰ জে ডিৰ সৈতেই তেওঁ ক্ষমতাত অধিষ্ঠিত হৈছিল।

২০১৭ চনত যেতিয়া মহামিত্ৰজোঁট ভংগ কৰি তেওঁ পুনৰ এন ডি এৰ শৰনাপন্ন হৈছিল, তাৰ পিছত আকৌ প্ৰধান শত্ৰু হৈ পৰিছল আৰ জে ডি।  কিন্তু বেছিদিন নহয়, ২০২২ চনত আকৌ যেতিয়া এন ডি এৰ পৰা আঁতৰি আৰ জে ডি আৰু কংগ্ৰেছৰ সৈতে মিত্ৰজোঁটৰ চৰকাৰ গঠন কৰে, তাৰ পিছত বিজেপিৰ হিন্দুত্ববাদী চিন্তা আৰু স্বৈৰাচাৰী শাসনৰ তেওঁ অন্যতম বিৰোধী হৈ পৰে। সেই সময়তে নীতিশ কুমাৰে কৈছিল- ‘মৰি যাম, কিন্তু বিজেপিৰ সৈতে হাত নিমিলাও।’

এতিয়া নীতিশ কুমাৰৰ সেই মন্তব্যকে পুনৰ এবাৰ প্ৰকাশ কৰি তেওঁৰ বিৰুদ্ধে সৰৱ হৈছে কংগ্ৰেছ আৰু আৰ জে ডি। কংগ্ৰেছে কুমাৰক সুবিধাবাদী আখ্যা দিছে। দলৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেয়ে ৰাজনেতাৰ ক্ষেত্ৰত সাধাৰণতে ব্যৱহৃত ‘আয়া ৰাম গয়া ৰাম’ মন্তব্যৰে সমালোচনা কৰিছে। দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে নীতিশ কুমাৰক বাৰে বাৰে ৰং সলোৱা ‘গিৰগিট’ৰ সৈতে তুলনা কৰিছে।

কংগ্ৰেছৰ ৰাজ্যিক মুখপাত্ৰ ড° হৰখু ঝাই কয় যে ভাৰতীয় ৰাজনীতিত নীতিশ এজন ৰহস্যময় ব্যক্তি। শেষত তেওঁ কি কৰিব, নিজৰ বাহিৰে কোনেও ক’ব নোৱাৰে। তেওঁ নিজৰ ব্যক্তিত্ব আৰু নিজৰ বিশেষ পৰিস্থিতিৰ সম্পূৰ্ণ সুবিধা ল’ব জানে। একে সময়তে বিধান পৰিষদ প্ৰেমচান্দ্ৰ মিশ্ৰই কয় যে নীতিশৰ ৰাজনীতি নীতিহীন আৰু সুবিধাবাদী। ইণ্ডিয়া মিত্ৰজোঁট এৰাৰ বাবে তেওঁ দিয়া কাৰণ হাস্যকৰ। নিজৰ কথাৰ মৰ্যাদা ৰাখিব নোৱাৰা এজন মুখ্যমন্ত্ৰীয়ে জনতাৰ কি ভাল কৰিব সেয়া সকলোৱে জনা উচিত বুলি মন্তব্য কৰে প্ৰেমচান্দ মিশ্ৰই। 

কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেয়ে নীতিশ কুমাৰৰ ইণ্ডিয়া মিত্ৰজোঁট ত্যাগ সন্দৰ্ভত কয়, "এনে সিদ্ধান্ত খৰখেদাকৈ ল'ব নোৱাৰি... এই সকলোবোৰ পূৰ্ব পৰিকল্পিত আছিল। ইণ্ডিয়া মিত্ৰজোঁট ভংগ কৰিবলৈ বিজেপি আৰু জে ডি ইউৱে মিলি এই সকলোবোৰ পৰিকল্পনা কৰিছিল। নীতিশ কুমাৰে আমাক আৰু আৰ জে ডিক অন্ধকাৰত ৰাখি এই কাৰ্য্য সাকাৰ কৰিছিল।” তেওঁ পুনৰ কয়, “নীতিশ কুমাৰ আয়া ৰাম গয়া ৰাম। এওঁলোকে নিজৰ সুবিধাৰ বাবে ৰাজনীতি কৰে। জনতাৰ কথাতকৈ নিজৰ স্বাৰ্থ এনে নেতাৰ বাবে উৰ্দ্ধত।”

ইফালে খাৰ্গেৰ এই মন্তব্যৰ পিছতে কংগ্ৰেছক ‘অস্পৃশ্য’ আখ্যা দিয়ে জে ডি ইউৰ বিধায়ক কে চি ত্যাগীয়ে। তেওঁ কয়, ‘যদি এয়া পূৰ্ব পৰিকল্পিত আছিল, তেন্তে আমি কিয় পাটনাত (ইণ্ডিয়া মিত্ৰজোঁটৰ) প্ৰথমখন বৈঠকৰ আয়োজন কৰিছিলো? মমতা বেনাৰ্জী, অৰবিন্দ কেজৰিৱাল আৰু অখিলেশ যাদৱক আপোনাৰ (কংগ্ৰেছ)ৰ দৰে ‘অস্পৃশ্য’ দললৈ কিয় আনিলোঁ?” ত্যাগীয়ে কয় যে মমতা বেনাৰ্জীয়ে একপক্ষীয়ভাৱে খাৰ্গেৰ নাম মিত্ৰজোঁটৰ প্ৰধানমন্ত্ৰীৰ মুখ হিচাপে প্ৰস্তাৱ কৰাৰ বাবেই মিত্ৰতাৰ পৰা বাহিৰ হোৱাৰ সিদ্ধান্ত তৎপৰ হৈ পৰিছিল। তেওঁ লগতে কয়, "দিল্লীত মমতা বেনাৰ্জীয়ে মল্লিকাৰ্জুন খাৰ্গেক ইণ্ডিয়া মিত্ৰজোঁটৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে প্ৰস্তাৱ দিয়াৰ পিছতে এয়া ঘটিছিল। কংগ্ৰেছ দলে সদায় এই পদটো দখল কৰিব বিচাৰিছিল।"