নিউজ ডেস্কঃ পৰিৱৰ্তনৰ শ্ল'গান আওৰাই শাসনৰ গাদীলৈ অহা ৰাজ্য চৰকাৰখনৰ শিক্ষা বিভাগ এতিয়া চৰম ব্যৰ্থ৷ উপযুক্ত আন্তঃগাঁথনিৰ অভাৱত গছৰ তলত, মুকলি আকাশৰ তলত শিক্ষা গ্ৰহণ কৰিবলগীয়া হৈছে ছাত্ৰ-ছাত্ৰীয়ে৷ গভীৰ নিদ্ৰাত বিভাগীয় বিষয়া-কৰ্মচাৰী৷

যি সময়ত একাংশ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে চহৰৰ নামী-দামী বিদ্যালয়ৰ শীত-তাপ নিয়ন্ত্ৰিত কোঠাত শিক্ষা গ্ৰহণ কৰিছে, সেই সময়তে বাগসা জিলাৰ এইখন বিদ্যালয়ৰ ছা়ত্ৰ-ছাত্ৰীয়ে মুকলি আকাশৰ তলতে শিক্ষাগ্ৰহণ কৰিবলগীয়া হৈছে৷ বিদ্যালয়খনৰ দুৰৱস্থাই উদঙাইছে সাম্প্ৰতিক শিক্ষা বিভাগৰ ফোঁপোলা স্বৰূপ৷ ১৯৭২ চনতে স্থাপন হোৱা বিদ্যালয়খন ১৯৮০ চনত চৰকাৰীকৰণ হয় যদিও সম্প্ৰতিও পৰ্যাপ্ত শৈক্ষিক পৰিবেশ গঢ়ি উঠা নাই এই বিদ্যালয়খনত৷

বাগসা জিলাৰ গোৰেশ্বৰ শিক্ষা খণ্ডৰ অন্তৰ্গত ৰামপুৰ মধ্য ইংৰাজী বিদ্যালয়৷ কিছুদিন ধৰি বিদ্যালয়খনৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে এডাল আমগছৰ তলত পাঠ গ্ৰহণ কৰিবলগীয়া হৈছে৷ ইয়াৰ বিপৰীতে সপ্তম আৰু অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে প্ৰধান শিক্ষকৰ কাৰ্যালয়ৰ এটা কোঠাত গ্ৰহণ কৰিবলগীয়া হৈছে শিক্ষা৷  

কিছুদিন পূৰ্বে বছৰটোৰ প্ৰথমজাক ধুমুহা-বৰষুণত বিধ্বস্ত হয় বিদ্যালয়খন৷  ফলত বিনষ্ট হৈ পৰে বিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশ৷ ধুমুহাৰ তাণ্ডৱৰ পিছতে বিদ্যালয়খনলৈ নামে এই দুৰ্যোগ৷ কাৰ্যালয়ৰ কোঠাত একেলগে দুটা শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক পঢ়োৱাৰ বিপৰীতে এটা শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক শিক্ষকে পাঠদান কৰিবলগীয়া হয় বিদ্যালয় চৌহদৰ এজোপা গছৰ তলত৷

ধুমুহাৰ পিছতে বিদ্যালয়ৰ প্ৰধান শিক্ষক পৰেশ চন্দ্ৰ শৰ্মাই গোৰেশ্বৰ শিক্ষাখণ্ডৰ বিষয়া নগেন কাকতিক বিধ্বস্ত বিদ্যালয়খনৰ আলোকচিত্ৰসহ আবেদন জনাইছিল যদিও শিক্ষা বিষয়াজনে কোনো কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে৷ তাৎক্ষণিক কাৰ্যব্যৱস্থা লোৱাৰ বিপৰীতে দায়িত্বজ্ঞানহীনভাৱে প্ৰাককলন প্ৰস্তুতৰহে পৰামৰ্শ আগবঢ়ায় বিষয়া নগেন কাকতিয়ে৷

এতিয়া বিদ্যালয়ৰ গৃহ নিৰ্মাণৰ পুঁজিৰ ধনেৰে কোনোমতে দুটা অস্থায়ী কোঠা নিৰ্মাণ কৰা হৈছে যদিও সেয়া উপযুক্ত নহয়৷ আনহাতে পৰ্যাপ্ত মধ্যাহ্ণ ভোজন সামগ্ৰী আৰু ইউনিফৰ্মৰ পৰাও বঞ্চিত ছাত্ৰ-ছাত্ৰীসকল৷ বাৰে বাৰে আবেদন কৰাৰ পিছতো কি কাৰণত বিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নয়নৰ কাৰণে শিক্ষা বিভাগে ব্যৱস্থা গ্ৰহণ কৰা নাই তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে বিদ্যালয়খনৰ কৰ্মৰত শিক্ষকে৷ শিক্ষা বিভাগৰ ফোঁপোলা স্বৰূপ উদঙাই দিয়া এই বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি বিভাগটোৱে পৰৱৰ্তী সময়ত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব৷