newsnextone.com | ডিজিটেল ডেস্কঃ ৰাহুল গান্ধীয়ে সংসদত ভাষণ দিবলৈ আৰম্ভ কৰিলে ভূমিকম্প আহিব বুলি কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীক ঠাট্টা-মষ্কৰা কৰা পৰিলক্ষিত হয় বিজেপিৰ নেতা-সাংসদে৷ অনাস্থা প্ৰস্তাৱ সন্দৰ্ভত চৰকাৰ-বিৰোধী মুখামুখী হৈ থকাৰ সময়তে বৃহস্পতিবাৰে বিজেপি নেতা তথা সাংসদ গিৰিৰাজ সিঙে ৰাহুল গান্ধীক আক্ৰমণৰ লক্ষ্য কৰি লয়৷ গিৰিৰাজে ভূমিকম্পৰ মজা লবলৈ তৈয়াৰ হৈ যাওক বুলি কয়৷ তাৰ এদিন পিছতে বলিউডৰ অভিনেতা তথা বিজেপিৰ সাংসদ পৰেশ ৰাৱালে আক্ৰমণ কৰে ৰাহুলক৷

পৰেশে পুনৰ শুকুৰবাৰে পুৱাই সংসদ ভৱনৰ বাহিৰত আক্ৰমণ কৰে ৰাহুল গান্ধীক৷ ৰাহুল গান্ধীক ঠাট্টা কৰি কয় যে আজি পুনৰ নপঢ়াকৈ, অনৰ্গল, ভুল নকৰাকৈ ১৫ মিনিট ভাষণ প্ৰদান কৰিব পাৰিলে পথিৱী কঁপি উঠিব৷ উল্লেখ্য যে পূৰ্বে ৰাহুল গান্ধীয়ে বিমূদ্ৰাকৰণৰ বিষয়ত কবলৈ আৰম্ভ কৰিলে সদনত ভূমিকম্প আহিব বুলি কৈছিল৷ তাৰ পিছৰে পৰা বিজেপিৰ নেতাই এই কথাষাৰক লৈ ৰাহুল গান্ধীক আক্ৰমণৰ লক্ষ্য কৰি লৈ আহিছে৷  

শুকুৰবাৰে বৰ্ষাকালীন অধিবেশনত অনাস্থা প্ৰস্তাৱ সন্দৰ্ভত নতুন ষ্টাইলেৰে ৰাহুল গান্ধীয়ে ভাষণ আৰম্ভ কৰে৷ দীৰ্ঘ সময় ভাষণৰ অন্তত নিজৰ ঠাইৰ পৰা উঠি গৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আলিংগন কৰে৷ প্ৰধানমন্ত্ৰীও কৰমৰ্দন কৰে ৰাহুলৰ সৈতে৷ ৰাহুলৰ ভাষণৰ মাজতে জোৰদাৰ হৈ হাল্লা হোৱাত কিছুসময়ৰ বাবে সদন স্থগিত ৰাখিব লগা হয়৷ ভাষণ সামৰণি মৰাৰ পূৰ্বে ৰাহুলে কয় আপোনালোকে মোক ধৰ্মৰ কি জ্ঞান দিছে৷ হিন্দু হোৱাৰ বিষয়ে বুজাইছে৷ ইয়াৰ বাবে আপোলোকক ধন্যবাদ৷ আপোনালোকৰ ভিতৰত মোৰ বিৰুদ্ধে ক্ষোভ আছে৷ আপোনোলোকে মোক পাপ্পু বুলি কয়৷ কিন্তু মোৰ ভিতৰত ক্ষোভ নাই৷ এজন এজন কৈ আপোনালোকৰ ভিতৰৰ ক্ষোভ বাহিৰ কৰি আনিম আৰু কংগ্ৰেছত চামিল কৰিম৷

ইয়াৰ লগে লগে ৰাহুল গান্ধীয়ে সংসদত ভাষণ আৰম্ভ কৰিয়েই চৰকাৰক তীব্ৰ সমালোচনা কৰে৷ চীনে ২৪ ঘণ্টাত ৫০ হাজাৰ যুৱকক সংস্থাপন দিয়া বুলি কৈ ভাৰত চৰকাৰে মাথো ৪০০ যুৱকক সংস্থাপন দিয়া বুলি কয়৷ কেতিয়াবা কৰ্ম সংস্থাপনৰ কথা কোৱা হয়৷ কেতিয়াবা পকোৰা, কেতিয়া দোকান খোলাৰ কথা কয় চৰকাৰে৷ সংস্থাপন ক্ষুদ্ৰ উদ্যোগে, ব্যৱসায়ে আনিম বুলি কয়৷ প্ৰধানমন্ত্ৰীয়ে বিমূদ্ৰাকৰণ কৰিলে৷ কিন্তু তেওঁ নাজানে নেকি কৃষক, শ্ৰমিক, গৰীৱে নগদ ধনেৰে ব্যৱসায় চলাই৷ আনহাতে মোডীক আক্ৰমণ কৰি কয় যে সকলোৱে জানে টকা কলৈ গৈছে৷ প্ৰধানমন্ত্ৰীয়ে বিপণনৰ বাবে টকা খৰছ কৰে৷

ৰাহুল গান্ধীয়ে আৰু কয় যে কৃষকে কয় প্ৰধানমন্ত্ৰী আপুনি ২.৫ কোটি টকা হিন্দুস্থানৰ সকলোতকৈ ধনী ২০-২৫ গৰাকী লোকৰ মাফ কৰিলে৷ আমাৰো মাফ কৰক৷ কিন্তু বিত্তমন্ত্ৰীয়ে কয় কৃষকৰ ঋণ মাফ নহ’ব উদ্যোগপতিৰ মাফ হ’ব কিয়নো তোমালোকৰ শক্তি নাই সাহস নাই৷

চীনৰ ৰাষ্ট্ৰপতিৰ সৈতে গুজৰাটত নদীৰ পাৰত প্ৰধানমন্ত্ৰীয়ে সময় পাৰ কৰে৷ কিন্তু চীনৰ সৈনিক ভাৰতত সোমাই আহে৷ তাৰ পিছতে চীনৰ ৰাষ্ট্ৰপতিয়ে ডোকলামলৈ সেনা প্ৰেৰণ কৰে৷ কিছুদন পিছতে প্ৰধানমন্ত্ৰী চীনলৈ যায়৷ কোনো বিষয় নোহোৱাকৈ চীনৰ সন্মুখত কৈ দিয়ে যে ডোকলাম সন্দৰ্ভত বিনা এজেণ্ডাত আলোচনা কৰা হ’ব৷ ইয়াৰ দ্বাৰা সেনাক প্ৰধানমন্ত্ৰীয়ে প্ৰতাৰণা কৰিছে৷ প্ৰধানমন্ত্ৰী চকীদাৰ নহয় অংশীদাৰ হয়৷ সম্পূৰ্ণ দেশে প্ৰত্যক্ষ কৰিছে প্ৰধানমন্ত্ৰীৰ বিষয়ে মুক্ত কৈ কৈছোঁ৷ তেওঁ মোৰ চকুত চকু থৈ কথা কব নোৱাৰে৷ তাৰ পিছতে ৰাহুলৰ এই দাবীক মোডীয়ে হাঁহি উৰুৱাই দিয়া পৰিলক্ষিত হয়৷